সামাজিক মাধ্যমত পহিলা এপ্ৰিলৰ পৰা পুনৰ নিয়মীয়াকৈ ৰেল সেৱাসমূহ আৰম্ভ হ’ব আৰু ৰেল বিভাগে ইয়াৰ বাবে প্ৰস্তুতি চলাই থকা বুলি দাবী কৰা এটা মেছেজ ভাইৰেল হৈথে।
ফেচবুক ব্যবহাৰকাৰীএজনে হিন্দীতে লিখা কেপচনৰে সৈতে এটা মেছেজ প্ৰচাৰ কৰিছিল।কেপচনটোত আছেঃ পহিলা এপ্ৰিলৰ পৰা চলিব সকলো ৰেল। ৰেল বিভাগৰ প্ৰস্তুতি সম্পূৰ্ণ। হোলীৰ সময়ত আবশ্যকতা বাঢ়িব, হয়তো সেই সময়তে সেউজীয়া পতাকা উৰিব।
পোষ্টটোৰ লিংক ইয়াত আছে। একে ধৰণৰ আনকেইটামান পোষ্ট ইয়াত, ইয়াত আৰু ইয়াত আছে। here, here and here.
সত্যতা নিৰূপন
নিউজ মোবাইলৰ তৰফৰ পৰা উল্লেখিত পোষ্টটো বিশ্লেষণ কৰা হৈছিল আৰু এই পোষ্টটোট দাবী কৰা কথাখিনি অসত্য বুলি প্ৰমাণ হয়।
প্ৰথমে, আমি গুগুলত মূল শব্দটো দি বিচৰা আৰম্ভ কৰিলো, যাৰ সহায়ত ইণ্ডিয়া টিভিৰ ১৬ ফেব্ৰুৱাৰীৰ এটা প্ৰবন্ধ আমাৰ চকুত পৰিল। প্ৰবন্ধটোৰ শিৰোনাম হ’ল “ৰেল পথলৈ উভতিল ৬৫% ৰেল! পহিলা এপ্ৰিলত সকলো ৰেলৰ চলাচল আৰম্ভ কৰাৰ কোনো পৰিকল্পনা নাই্ঃ ভাৰতীয় ৰেল”
সংবাদ মাধ্যমৰ প্ৰবন্ধটোত ৰেল মন্ত্ৰালয়ৰ উদ্ধৃতি কোৱা হৈছে যে সকলো ৰেলৰ চলাচল পহিলা এপ্ৰিলৰ পৰা আৰম্ভ কৰাৰ কোনো পৰিকল্পনা নাই
আমি ভাৰতীয় ৰেলৰ ৱেব ছাইটো চাইছিলো, কিন্তু তেনে কোনো ঘোষণা পোৱা নাছিলো। প্ৰকৃততে আমি পি আই বিৰ ৱেবছাইটৰ ১৩ ফেব্ৰুৱাৰীৰ এক প্ৰেছ টোকাত এই সন্দৰ্ভত এটা স্পষ্টীকৰণ পাইছিলো। .
এপ্ৰিলৰ এটা নিৰ্দিষ্ট তাৰিখৰ পৰা সকলো যাত্ৰীবাহী ৰেলৰ নিয়মীয়া চলাচল সন্দৰ্ভত কেইবাটাও বাতৰি প্ৰচাৰ হৈ আছিল। সংবাদ মাধ্যমক যোৱা কেইবাদিনো ধৰি স্পষ্টীকৰণ দি থকা হৈছিল।
दावा: एक खबर में दावा किया जा रहा है कि भारतीय रेल द्वारा 1 अप्रैल 2021 से सभी ट्रेन शुरू की जाएंगी। #PIBFactCheck: यह दावा फ़र्ज़ी है। @RailMinIndia ने ऐसी कोई घोषणा नहीं की है।
अधिक जानकारी के लिए यहाँ पढ़ें: https://t.co/OfW9la98UG pic.twitter.com/L4MvDdsDua
— PIB Fact Check (@PIBFactCheck) February 13, 2021
পহিলা এপ্ৰিলৰ পৰা সকলো ৰেল চলাচলৰ দাবীৰে ভাইৰেল হোৱা টুইটৰ বিৰুদ্ধে প্ৰেছ ইনফৰ্মেচন ব্যুৰোয়ো টুইট যোগে ৰেল চলাচলৰ তথ্য সত্য নহয় বুলি টুইট ৰপিছে।
কোভিড১৯ অতিমাৰিৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ মাৰ্চ মাহৰ পৰাই চৰকাৰে জাৰি কৰিছিল লকডাউন। তেতিয়াৰে পৰা বন্ধ হৈছিল ৰেল চলাচল। ২০২০ চনৰ জুন মাহত
আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক
If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799
Click here for Latest News updates and viral videos on our AI-powered smart news