তাজাকিস্তানৰ ভূমিকম্পৰ পাছত কাশ্মীৰৰ এটা পথত ফাঁট মেলিছিল নেকি? সত্যটো জানিবলৈ পঢ়ক

0 203

তাজিকিস্তানত যোৱা ১২ ফেব্ৰুৱাৰীৰ দিনা ৰিখটাৰ স্কেলত ৬.৩ প্ৰাবল্যৰ এটা ডাঙৰ ভূমিকম্প সংঘটিত হৈছিল। জন্মু কাশ্মীৰকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলতো ভূমিকম্পৰ জোৰাৰণি অনুভূত হৈছিল।

এই সন্দৰ্ভতে ভঙা ৰাজপথৰ এখন ফটো ইণ্টাৰনেটত প্ৰচাৰ হৈছে। ফটোখনত থকা ভঙা পথটো কাশ্মীৰৰ আৰু শেহতীয়া ভূমিকম্পটোৰ পাছতেই এনেদৰে ফাঁট মেলা বুলি প্ৰচাৰ চলোৱা হৈছে।

এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে পোষ্টটো  শ্বেয়াৰ কৰিছিল। পোষ্টোত কেপচন দিছিল এইদৰে-নিশা ১০.৩৯ত প্ৰবল ভূমিকম্পই উপত্যকাটো জোকাৰি গ’ল।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত, ইয়াত, ইয়াত আছে

সত্যতা নিৰূপন

নিউজ মোবাইলৰ তৰফৰ পৰা উল্লেখিত পোষ্টটো বিশ্লেষণ কৰা হৈছিল আৰু এই পোষ্টটোট দাবী কৰা কথাখিনি অসত্য বুলি প্ৰমাণ হয়।

আমি ফটোখনৰ ইতিহাস জনাৰ বাবে ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিলো আৰু ৱেডাৰ ডট কমৰ দ্বাৰা ২০১৯ চনৰ ২৫ ছেপ্তেম্বৰত প্ৰকাশ কৰা এক প্ৰতিবেদন পালো। প্ৰতিবেদনৰ শিৰনোমত লিখা আছিল- পাকিস্তানৰ ভয়ংকৰ ভূমিকম্পত কমেও ২২জন লোক নিহত, ৭০০ৰো অধিক আহত।

ছবিখনৰ কেপচনত লিখা আছে-  এগৰাকী চিত্ৰ সাংবাদিকে ২০১৯ চনৰ ২৪ ছেপ্তেম্বৰৰ ভূমিকম্পৰ পাছত বিস্তৰ ক্ষতি সাধন হোৱা পাকিস্তানৰ মীৰপুৰৰ পথ এটাৰ ফটো সংগ্ৰহ কৰিছে (AAMIR QURESHI/AFP/Getty Images)’

যিহেতু গেটীইমেজৰ কথা কেপচনটোত আছিল আমি তেঁওলোকৰ ৱেবছাইটটো অনুসন্ধান কৰিলো আৰু এখন ফটো পালো।

কেপচনত দাবী কৰা অনুসৰি উত্তৰ পূব পাকিস্তানত সংঘটিত ভয়ংকৰ ভূমিপম্পটোত কমেও ১৯জন লোক নিহত হোৱাৰ লগতে ৩০০ লোক আঘাতপ্ৰাপ্ত হয়।

আন সংবাদ সংস্থায়ো এই বাতৰিটো প্ৰচাৰ কৰিছিল। লিংকসমূহ ইয়াতআৰু ইয়াত পাব

সেয়ে ওপৰত উল্লেখ কৰা তথ্যৰ পৰা দেখা গ’ল ফটোখন পুৰণি আৰু ২০২১ চনৰ ১২ ফেব্ৰুৱাৰীত কাশ্মীৰ উপত্যকাত হোৱা ভূমিকম্পৰ সৈতে কোনো সম্পৰ্ক নাই।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জিনিবলগীয়া আছে, তেন্তে  +91 11 7127 9799এই নম্বৰত হোৱাটচএপ কৰক

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest News updates and viral videos on our AI-powered smart news