সত্যতা নিৰূপণ: এই ভাইৰেল ভিডিওটোত প্ৰধানমন্ত্ৰী মোদীয়ে আদানীৰ পত্নীৰ আগত মূৰ দোঁৱাইছে নেকি? সত্য জানিবলৈ পঢ়ক

0 471

এগৰাকী মহিলাৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মূৰ দোৱাই থকা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। পোষ্টবোৰত দাৱী কৰা হৈছে যে মহিলাগৰাকী প্ৰখ্যাত ব্যৱসায়ী গৌতম আদানীৰ পত্নী।

পোষ্টটোত আছে: “বিক্ৰী যোৱা প্ৰধানমন্ত্ৰী, যিয়ে ৰাষ্ট্ৰপতিৰ সন্মুখত বহাৰ পৰা উঠি দিবলৈ অপৰাগ কিন্তু উদ্যোগপতিৰ পত্নীৰ আগত মূৰ দোৱাই থাকে।  ভাইসকল, এইগৰাকী মহিলা উদ্যোগপতি আদানীৰ পত্নী, আৰু মূৰ দোৱাই থকা (বিক্ৰী যোৱা) এই মানুহজন আমাৰ প্ৰধানমন্ত্ৰী। দেশৰ ভবিষ্যত এজন গোলামৰ হাতত?”

ওপৰৰ  পোষ্ট (আৰ্কাইভ) ৰ লিংক ইয়াত আছে

সত্যতা নিৰূপণ

নিউজ মোৱাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাৱী ভুৱা বুলি প্ৰতিপন্ন কৰে।

মূল শব্দ প্ৰয়োগ কৰি গুগলত অনুসন্ধান কৰাত নিউজ মোবাইল ৰ দলে এই ভাইৰেল ফটো খন ২০১৪ৰ বুলি জানিব পাৰিলে। সেই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে এখন ফুড পাৰ্ক উদ্ঘাটন কৰিবলৈ বসন্তমআৰ্শাপুৰাৰ টুমকুৰলৈ গৈছিল। ফটোখনত কৰ্ণাটকৰ টুমকুৰৰ মেয়ৰ গীতা ৰূদ্ৰেশৰ সৈতে প্ৰধানমন্ত্ৰীক দেখা গৈছিল।

কালি ফুড পাৰ্ক উদ্ঘাটনৰ সময়ত  মোদীয়ে টুমকুৰৰ মেয়ৰক অভিবাদন জনায়, মহিলাৰ প্তি সন্মান   . pic.twitter.com/cOWV8ijy3a

PM Modi greets Tumkur Mayor Geetha Rudresh when he was received yesterday to inau Food Park. Shws d Respct fr Women pic.twitter.com/cOWV8ijy3a

— Durga Ramdas Kateel 🇮🇳 (@durgaramdas) September 25, 2014

লগতে ২০১৪ৰ ২৫ ছেপ্তেম্বৰত বিজয় কৰ্ণাটক ত প্ৰকাশিত এটা বাতৰিও লাভ কৰিলো।    বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি গীতা ৰূদ্ৰেশে প্ৰধানমন্ত্ৰী মোদীক বিমান বন্দৰত আদৰণি জনাবলৈ যোৱাৰ সময়ত এই ফটোখন তোলা হৈছিল।  ওৱান ইণ্ডিয়া নামৰ নিউজ পোৰ্টেল প্ৰকাশিত বাতৰি তো গীতা ৰূদ্ৰেশে প্ৰধানমন্ত্ৰী মোদীক অভিবাদন জনোৱা বুলি প্ৰকাশ পাইছিল।

ওপৰৰ তথ্যৰ পৰাই  প্ৰমাণ হয় ফটোখনৰ মহিলাগৰাকী গৌতম আদানীৰ পত্নী নহয়, সেয়ে পোষ্টটোত কৰা দাৱীও ভুৱা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel