সত্যতা নিৰূপণ: মাৰ্কিন ৰাষ্ট্ৰপতি জ বীডেনে ৰাষ্ট্ৰীয় খছৰা প্ৰকাশ কৰি থকা বুলি দাবী কৰা ভিডিওটো এআই জেনেৰেটেত

0 536

মাৰ্কিন ৰাষ্ট্ৰপতি জ বীডেনে ইউক্ৰেইনৰ হৈ যুদ্ধ কৰাৰ বাবে ৰাষ্ট্ৰীয় খছৰা(সেনা বাহিনীত নিশ্চিত মকৰলৰ বাবে আগবাঢ়ি অহা)ৰ নিৰ্দেশনাৰ এটা টুইটৰ স্ক্ৰীণশ্বট এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুকেইজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে আমেৰিকাক জোৰকৈ ইউক্ৰেইনৰ সমৰ্থন দিয়াৰ বাবে বীডেনৰ এনে সিদ্ধান্তক কটু সমালোচনা কৰিছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল হোৱা স্ক্ৰীণশ্বটটো পোষ্ট কৰি কেপচনত লিখিছে ব্ৰেকিং: বীডেনে ৰাষ্ট্ৰীয় খছৰা প্ৰকাশ কৰিছে। সকলো পুৰুষ-মহিলাই ইউক্ৰেইনৰ হৈ যুদ্ধ কৰিব লাগিব।

বীডেন: ৰাষ্ট্ৰপতি হিচাপে মই মোৰ ক্ষমতা ব্যৱহাৰ কৰি নিৰ্বাচিত চাকৰি আইনৰ জৰিয়তে সকলোকে সামৰিক বাহিনীত যোগ দিবলৈ আহ্বান জনোৱা হল।

এই পোষ্টটো ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।

এই টুইটটো দ্যপেট্ৰিয়টওছিছ নামৰ প্ৰফাইলৰ টুইটাৰ হেণ্ডেলত প্ৰচাৰ হৈছিল। আমি সেই প্ৰফাইলত অনুসন্ধান কৰাত একেটা টুইট ২০২৩ৰ ২৮ ফেব্ৰুৱাৰীত প্ৰকাশ হোৱা দেখিলো। তাৰ সৈতে এটা ভিডিও সংলগ্ন কৰা আছিল।

ভিডিওটোত বিডেনে কৈছে: “ৰাছিয়ান সেনাই অতি দ্ৰুতভাবে আৰু নৃশংসতাৰে ইউক্ৰেইনত আক্ৰমণ চলাইছে।এয়া বৰ্বৰ কাৰ্য। কপুতিনৰ কীয়েভ সম্প্ৰসাৰণ তথা বেদখল আৰু চীনে টাইৱান পথ অৱৰোধে দুতৰপীয়া সংকটৰ সৃষ্টি কৰিছে। জইণ্ট ছীফৰ অধ্যক্ষ জেনেৰেল মিলিৰ পৰা লাভ কৰা নিৰ্দেশনা অনুসৰি ছিলেক্টিভ ছাৰ্ভিছ এক্ট প্ৰচলন কৰাৰ সময় সমাগত। ৰাষ্ট্ৰপতি হিচাপে এয়া মোৰ কৰ্তৃত্বৰ ভিতৰত পৰে।” 

ইয়েই ইংগিত দিয়ে যে ভাইৰেল হোৱা দাবীটো সত্য হব পাৰে। বীডেনৰ বক্তব্য শেষ হোৱাৰ পাছতেই এজন লোকক দেখা যায়, তেওঁ এই ভিডিওটো এআইৰ দ্বাৰা নিৰ্মাণ কৰা বুলি জনায়। তেওঁ লগতে কয়-“এয়া এআই ৰ দ্বাৰা নিৰ্মাণ কৰা আছিল, এয়া বিনোদন ধৰ্মী ভিডিও বুলিব নোৱাৰি যদিও সম্পূৰ্ণ পৰিকল্পিত ভাবে আইৰ জৰিয়তে ৰাষ্ট্ৰপতি বীডেনে ২০ বছৰৰ ওপৰৰ বয়সৰ নাগৰিকৰ তালিকা তৈয়াৰ কৰাৰ বাবে নিৰ্দেশনামূলক এই খচৰা প্ৰকাশ কৰাৰ বাবে প্ৰচাৰ কৰা ভিডিওটো নিৰ্মাণ কৰা হৈছে।”  

একেটা ভিডিও ২০২৩ৰ ২৭ ফেব্ৰুৱাৰীত পোস্ট মিলেনিয়াল নামৰ আন এটা টুইটাৰ প্ৰফাইলত প্রকাশ হৈছিল। টুইটটোৰ কেপচনত স্পষ্টকৈ কোৱা হৈছে যে যে বীডেনে নির্বাচনী সেৱা আইন ঘোষণা কৰিলে কি ঘটিব পাৰে সেই সম্পর্কে এআইৰ দ্বাৰা পৰিকল্পিত ভাবে আন এটা ভিডিও নিৰ্মাণ কৰা হৈছে।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি এটা ইউটিউব ভিডিও লাভ কৰিলো। তাৰ শিৰোনামত আছে-ইনছুলিনৰ দাম হ্ৰাস কৰাৰ সন্দৰ্ভত হোৱাইট হাউছৰ নিজা চেনেলত ২০২১ৰ ৮ ডিচেম্বৰৰ ৰাষ্ট্ৰপতি বীডেনৰ মন্তব্য।

ইউটিউব ভিডিওটোৰ ভিজুৱেল ভাইৰেল ভিডিওটোৰ সৈতে হুবহু মিল আছে। ইয়েই স্পষ্ট কৰে যে ভাইৰেল ভিডিওটো ভুৱা তথ্য প্ৰচাৰৰ বাবে  সম্পাদনা কৰা।

সেয়ে, শেষত কব পাৰি যে ইউক্ৰেইন যুদ্ধৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰই সেনা প্ৰেৰণ কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় খছৰা প্ৰকাশ কৰা বিডিও বুলি দাবী কৰি দিয়া পোষ্টটো সত্য নহয়।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।