সত্যতা নিৰূপণ: গুজৰাটৰ দৰা যাত্ৰীৰ সমদলৰ ভিডিও উত্তৰ প্ৰদেশৰ বুলি প্ৰচাৰ কৰা হৈছে

0 540

বুলড’জাৰত দৰাই বিয়া কৰাবলৈ যোৱা এটা সমদলৰ ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটো উত্তৰ প্ৰদেশৰ বুলিও দাবী কৰা হৈছে।

ফেচবুকত ভিডিওটো শ্বেয়াৰ কৰি কেপচনত লিখিছে: “ইউ পিৰ কি কথা!এতিয়া দৰাও বুলড’জাৰত যোৱা হৈছে।”

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

ওপৰত উল্লেখ কৰা দাবী সন্দৰ্ভত নিউজ মোবাইলে সত্যতা নিৰূপণ কৰি এই দাবী ভিত্তিহীন বুলি প্ৰতিপন্ন কৰে।

ভিডিওটোৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি এবিপি গংগা নামৰ ইউটিউব হেণ্ডেলত একেটা ভিডিও প্ৰচাৰিত প্ৰচাৰ হোৱা দেখা পালো। ভিডিওটোৰ বিৱৰণি মতে এই বিয়াখন গুজৰাটত অনুষ্ঠিত হৈছিল।

এই বিয়াখনৰ সন্দৰ্ভত এটা বাতৰিৰ ভিডিও  ২০২৩ৰ ৩ মাৰ্চত ৰিপাব্লিক ইণ্ডিয়া ৰ ইউটিউব চেনেলতো প্ৰচাৰ হোৱা দেখিলো। বাতৰিটোত প্ৰচাৰ কৰা অনুসৰি এই বিয়াখন গুজৰাটৰ নৱসাৰি জিলাত অনুষ্ঠিত হৈছিল।

এএন আই নিউজত“ প্ৰকাশ পোৱা মতে “গুজৰাটৰ নৱসাৰিৰ কলিয়াৰি গাঁৱৰ বিয়াখনত দৰাজনে অইন বাহনৰ সলনি জেচিবিত উঠি কইনা ঘৰলৈ যাত্ৰা কৰিছিল।দৰাজনৰ নাম আছিল কেয়ূৰ পেটেল। যি সময়ত দৰাই সাধাৰণতে বিলাসী গাড়ীত উঠিহে বৰযাত্ৰীৰ সৈতে কইনা ঘৰলৈ যায় সেই সময়ত জেচিবিত উঠি কইনা ঘৰলৈ দৰা যোৱা এই বিৰল দৃশ্য তাত উপস্থিত ৰাইজৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈছিল।”

এনেদৰেই ওপৰৰ তথ্যসমূহৰ পৰাই প্ৰমাণ হয় যে ভাইৰেল ভিডিওটো গুজৰাটৰহে, উত্তৰ প্ৰদেশৰ নহয়।

আপোনাৰো যদি কোনো ঘটনা বা বাতৰি সন্দৰ্ভত সত্যতা নিৰুপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9 নম্বৰত হোৱাটচ আপ কৰক