সত্যতা নিৰূপণ: পাটনাৰ সামঞ্জস্য নথকা ভিডিও এটাৰ সৈতে ৰাজস্থানৰ দলিত সম্প্ৰদায়ৰ ল’ৰা এজনৰ ঘটনা সাঙোৰা হৈছে

0 61

ৰাজস্থানৰ জালোৰ জিলাৰ সুৰানা গাঁৱৰ এটি ৯ বছৰীয়া শিশুৱে পানীৰ পাত্ৰ চুৱাৰ ওপৰাধত তেওঁৰ শিক্ষকে দ্বাৰা শাস্তি দিয়াৰ ফলত মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাটো ২০২২ৰ ২০ জুলাইত সংঘটিত হৈছে। এই ঘটনাৰ পাছত শিশু ছাত্ৰজনক আহমেদাবাদৰ চিকিত্সালয়লৈ প্ৰেৰণ কৰা হৈছিল। ১৩ আগষ্ট ২০২২ত শিশুটিৰ মৃত্যু হয়।      

এনে সময়তে শিক্ষকে ছাত্ৰ এজনক বেতেৰে কোৱাই থকা এটা ভিডিও সামাজিক মাধ্য়মত ভাইৰেল হৈছে। বহুকেইগৰাকী লোকে এয়া জেলোৰৰ ঘটনাৰ দৃশ্য বুলি দাবী কৰিছে।

এজন ফেচবপক ব্যৱহাৰ কৰি ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে-  মোৰ কি দোষ আছিল? পানীহে খাইছিলো।মই অবোধ, জাত পাত কি বুজি পাও? মই চুলে যদি লেটেৰা হয়, তেন্তে তুমি চোন কলহটো ভাঙি দিব পাৰিলা হয়, মইতো ভগৱান জ্ঞানেই কৰিছিলো, তুমিহে ৰাক্ষস হিচাপে পৰিচয় দিলা।” 

ভিডিওটো  ইয়াত চাব পাৰিব।.

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই ভাইৰেল ভিডিওটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমি TV9 ভাৰতবৰ্ষ,ৰ এটা ইউটিউব চেনেলত ২০২২ৰ ৭জুলাইত প্ৰকাশ পোৱা এটা ভিডিও লাভ কৰিলো। ভিডিওটোৰ শিৰোনামত আচে-  পাটনাৰ দয়া-মমতাহীন শিক্ষকজন এতিয়া ৰঙাঘৰত | বিহাৰ | ভইৰেল ভিডিও  

প্ৰকৃততে ইউটিউব ভিডিওটোত পাটনাৰ ধনুৱাৰাৰ ঘটনাটো ৰেকৰ্ড কৰা হৈছিল। ঘটনাটোত ৬বছৰীয়া শিশু ছাত্ৰ এজনক শিক্ষকে বেয়াকৈ মাৰপিট কৰিছে। অভিযুক্ত অমৰকান্ত কুমাৰক পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ভিডিওটো মূল ফ্ৰেমৰ ফটোবোৰ জালোৰৰ ঘটনাৰ বুলি প্ৰকাশ কৰা ইউটিউব ভিডিও(কেৱল সংবাদ গোষ্ঠীটোৱে ভুক্তভোগীৰ মুখখন ব্লাৰ কৰিছিল বা ঢাকি দিছিল)ৰ সৈতে মিল আছে।

বিহাৰৰ ঘটনাটো সন্দৰ্ভত গুগলত অনুসন্ধান কৰাত আমি সংবাদ প্ৰতিষ্ঠান ANI– (এএআই)ৱে ২০২২ৰ ৭ জুলাইত প্ৰচাৰ কৰা এটা টুইট লাভ কৰিলো। তাত ভাইৰেল হোৱা ভিডিওটো স্পষ্টকৈ দেখা গল।

টুইটটোত পাটনাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উদ্ধৃতি দি কোৱা হৈছে যে-শিশু ছাত্ৰজনে ছাত্ৰী এগৰাকীৰ সৈতে কথা পতাৰ বাবেই অমানুষিক বাবে প্ৰহাৰ কৰিছিল। এই ঘটনাৰ গুৰুত্ব অনুধাৱন কৰি অনুসন্ধানৰ বাবে এটা বিশেষ দল গঠন কৰি দিয়ে হৈছে।

জুলাই ২০২২ত সংঘটিত ধনুৱাৰাৰ এই ঘটনাটোৰ লগতে ভিডিওটোৰ সত্যাসত্য সম্পৰ্কে বাতৰি দ্য হিন্দু,   দ্য ফ্ৰী প্ৰেছ জাৰ্নেল,  হিন্দুস্তান টাইমছ,  ৰিপাব্লিক ৱ্ৰ্ল্ড কে ধৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ কৰা হৈছিল।  

ৰিপাব্লিক ৱৰ্ল্ডৰ মতে এই ভিডিওটো বিহাৰৰ পাটনাৰ সমীপৰ মাছাউৰহি জিলাৰ ধনুৱাৰাৰ বীৰ উৰিয়াৰা নামি ব্যক্তিগত টিউচন ক্লাছৰ।

সেয়ে, এয়া স্পষ্ট হৈ পৰিল যে শিক্ষকে শিশু এটিক নিৰ্মম ভাবে কোৱাই থকা এই দৃশ্যটো ধনুৱাৰাৰ আৰু ইয়াৰ সৈতে ৰাজস্থানৰ জালোৰৰ ঘটনাৰ কোনো সম্পৰ্ক নাই।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।