সত্যতা নিৰূপণ: ভাতৃৰ সৈতে তেজস্বী যাদবে নৃত্য কৰা ২০১৮ৰ এটা ভিডিও ভুৱা দাবীৰে ভাইৰেল হৈছে

0 61

নীতিশ কুমাৰে এদিন পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতা কৰি গঠন কৰা চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰাৰ পাছত আৰজেডি, কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি ১০ আগষ্ট ২-২২ৰ দিনা অষ্টম বাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে আৰজেডিৰ তেজস্বী যাদবক উপমুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হয়।

এনে সময়তে তেজস্বী যাদবে তেওঁৰ ভাতৃ তেজ প্ৰতাপ যাদবৰ সৈতে নৃত্য কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এই ভিডিওটো তেওঁ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সময়ৰ।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো  পোষ্ট কৰি কেপচনত লিখিছে-  দেখিছেনেদে দেখিছেনে বিনোদ, বিহাৰত চৰকাৰ ভাঙি কিদৰে দুয়ো ভাতৃয়ে নাচিবলৈ ধৰিছে ” 

ভিডিওটো  ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই ভাইৰেল ভিডিওটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

গুগলত মূল শব্দ প্ৰয়োগেৰে অনুসন্ধান কৰাত আমি ২০১৮ৰ ১২ মে ABP আনন্দত প্ৰচাৰ হোৱা সেই ভিডিওটো দেখিলো। তাৰ শিৰোনামত আছে- তেজপ্ৰতাপ যাদবে তেওঁৰ ভাতৃৰ সৈতে আকৰ্ষণীয় নৃত্যত অংশ লৈছে। 

এই ভিডিওটোৰ কী ফ্ৰেমৰ ভাইৰেল ভিডিওটোৰ সৈতে হুবহু মিল আছে। ইয়েই প্ৰমাণ কৰে যে ১৫ ছেকেণ্ডৰ ভাইৰেল ভিডিওটো এই মূল ভিডিওৰ পৰাই কাটি উলিওৱা হৈছে। ওৱান ইণ্ডিয়া হিন্দী,  নিউজ কোড,  ঝাৰখণ্ড, আৰু NDTV, ৰ দৰে সংবাদ প্ৰতিষ্ঠানেও ভিডিওটো তেওঁলোকৰ ইউটিউব চেনেলত প্ৰচাৰ কৰিছে।

আৰু অধিক অনুসন্ধানত জী বিহাৰ-ঝাৰখণ্ড ৰ ইউটিউব চেনেলত ২০১৮ৰ ১২ মেত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো। বাতৰিটোৰ ভিডিওৰ শিৰোনামত আছে- তেজ প্ৰতাপৰ বিয়াঃ তেজস্বী যাদবে তেজ প্ৰজাপ যাদবৰ সৈতে নৃত্যত অংশ লৈছে  and বিৱৰণিত লিখা আছে ভাতৃ তেজৰ বিয়াত তেজস্বী  যাদবে তেজ যাদবৰ সৈতে ভোজপুৰী গীতৰ তালে তালে নাচিছে। 

জেজস্বীৰ নিজা টুইটাৰ একাউণ্টৰ পৰাও টুইট যোগেও একেটা ভিডিও প্ৰচাৰ কৰিছে। একেটা ভিডিও  তেওঁৰ ফেচবুক একাউণ্টতো দেখা গৈছে।

দেশী বয়জ অন দ্য ফ্ল.. ভাতৃৰ বিয়া..আমি আগৰ দৰেই আছোসাধাৰণ আৰু স্পষ্টবাদী pic.twitter.com/eDov7E2Jcq

তেজস্বী যাদব (@yadavtejashwi) May 12, 2018

<blockquote class=”twitter-tweet”><p lang=”en” dir=”ltr”>Desi boys on the floor..Brother’s wedding..We are as we are…Simple &amp; Straight forward <a href=”https://t.co/eDov7E2Jcq”>pic.twitter.com/eDov7E2Jcq</a></p>&mdash; Tejashwi Yadav (@yadavtejashwi) <a href=”https://twitter.com/yadavtejashwi/status/995181857837801472?ref_src=twsrc%5Etfw”>May 12, 2018</a></blockquote> <script async data-src=”https://platform.twitter.com/widgets.js” charset=”utf-8″></script>

সেয়ে শেষত কব পাৰি যে তেজস্বী যাদবে বিজেপি-জেডিইউ চৰকাৰৰ পতন ঘটোৱাৰ পাছত তেজপ্ৰতাপ যাদবে ককায়েক তেজস্বীৰ সৈতে নৃত্য কৰা বুলি সামাজিক মাধ্যমত কৰা দাবী ভুৱা। 

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।