সত্যতা নিৰূপণ: নিৰ্বাচনৰ পূৰ্বে অসমৰ এটা ভিডিও পশ্চিম বংগৰ বুলি বিভিন্ন মাধ্যমত প্ৰচাৰ কৰা হৈছে

0 225

বিধান সভা নিৰ্বাচনৰ পূৰ্বে এটা বিশেষ ভিডিও সামাজিক মাদ্যমত বহুলভাবে প্ৰচাৰ হৈচে, ভাৰতীয় জনতা পাৰ্টী (বিজেপি)ৰ বেনাৰ পোষ্টাৰ ধ্বংস কৰি থকা এই ভিডিওটো পশ্চিমবংগৰ বুলি দাবী কৰা

বহিৰাগতক সোণাৰ বাংলাৰ জনতাই ২০০খন আসনৰ উপহাৰ দিছে

পোষ্টটোৰ লিংক ইয়াত আছে.

সত্যতা নিৰূপণ

নিউজ মোবাইলে পোষ্টটোৰ সত্যতা নিৰূপণ কৰি সেয়া অসত্য বুলি নিশ্চিত হৈছে

প্ৰথমে আমি ভিডিওটো সুক্ষ্মভাবে পৰীক্ষা কৰিলো। ভিডিওটোৰ ওপৰৰ সোঁপিনে টাইম এইট (TIME 8)ৰ ৱাটাৰ মাৰ্ক থকা দেখিলো। তাৰ পাছত আমি মূল শব্দটো ব্যৱহাৰ কৰি ফেচবুক বিচাৰিলো আৰু টাইম এইটৰ পেজত ১০ মাৰ্চত পোষ্ট কৰা একেটা ভিডিও দেখিলো।

পোষ্টটোৰ শিৰোনাম অসমীয়াতে আছিলঃ

http://www.facebook.com/watch/?v=183730709942767

তাৰ পাছত আমি মূল শব্দ শিলাদিত্যটো গুগুলত দিলো আৰু এনডি টিভিৰ এটা বাতৰি পালো। তাত দিয়া আছিল অসমৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে টিকত লাভ নকৰাৰ বাবে দলৰ পৰা পদত্যাগ কৰিছে।

তাৰ পাছত আমি ফেচবুকত টাইম এইটৰ পৃষ্ঠা পালো আৰু নিশ্চিত হও যে এই ভিডিওটো অসমৰ আৰু আপুনিও ভিডিওটোত চৰ্বানন্দ সোণোৱাল (অসমৰ মুখ্যমন্ত্ৰী)মুৰ্দাবাদ শুনিব পাব।আমি ঠিকেই উলিয়ালো, পেচবুক ব্যৱহাৰকাৰীয়ে প্ৰথমে ভিডিওটো ডাউনলোড কৰি বিপথে পৰিচালিত কৰা কেপচন দি পুনৰ পোষ্ট কৰিছে।

ওপৰৰ সকলোবোৰ কথাই প্ৰমাণ কৰিলে যে প্ৰচাৰ হৈ থকা ভিডিওটো ভিত্তিহীন আৰু পশ্চিমবংগৰ নহয়।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচআপ কৰক