সত্যতা নিৰূপণ: নহয়! প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহে পশ্চিম বংগৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি টুপী পিন্ধা নাছিল।

0 203

পশ্চিমবংগৰ বিধান সভাৰ নিৰ্বাচনৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মুচলমানসকলে পিন্ধা বিশেষ টুপী পৰিধান কৰা এখন ফটো সামাজিক মাধ্যমত বহুলভাবে প্ৰচাৰ হৈছে।

ফটোখনৰ সৈতে লিখা আছিলঃ “ভক্তসকল, তোমালোকৰ চাচা (খুৰা) আৰু পিতৃ চোন বিস্বাসঘাটক হ’ল, তোমালোকক ভক্তি মাৰ্গৰ পাঠ পঢ়ায় পশ্চিম বংগলৈ গৈ চোন মুচলমানৰ কাষ চাপিল।”

ওপৰত দিয়া পোষ্টটোৰ লিংক ইয়াত পাব। অনুৰূপ পোষ্ট ইয়াত, ইয়াত আৰু ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে ওপৰত দিয়া ফটোখন সন্দৰ্ভত সত্যতা নিৰূপণৰ বাবে অনুসন্ধান কৰা হয় আৰু প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ টুপী পিন্ধা ফটোখন মৰ্ফ কৰা বুলি নিশ্চিত হয়।

আমি ফটোখন ক্ৰপ কৰি ফটোখন সন্দৰ্ভত তথ্য উদ্ঘাটনৰ বাবে ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰিলো। অনুসন্ধানত আমি নিউজ১৮ৰ ২০১৯ চনৰ ২৮ আগষ্টত প্ৰকাশিত ফটো গেলাৰীৰ এখন ফটো লাভ কৰিলো।ফটোখনত দুয়োকো টুপী নোহোৱাকৈ দেখা গৈছে।

ফটোখনৰ শিৰোনামত লিখা আছিলঃ “প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহে অৰুণ জেটলিৰ পৰিয়ালক সাক্ষাত্ কৰি শোক প্ৰকাশ কৰে।”

ফটোখনৰ কেপচনত লিখা আছেঃ প্ৰাক্তন বিত্তমন্ত্ৰী প্ৰয়াত অৰুণ জেটলিৰ দিল্লীস্থিত বাস ভবনত তেঁওৰ পৰিয়ালৰ লোকক সমবেদনা জনাই ওলাই আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। (পিটিআইৰ ফটো)”

আমি গেটী ইমেজৰ ৱেবছাইটতো এখন পাঁও। ফটোখনত প্ৰধানমন্ত্ৰী মোদী বা বিত্ত মন্ত্ৰী শ্বাহপৰ কোনো এজনেও কোনো ধৰণৰ টুপী পিন্ধা নাই।

তাত থকা কেপচন অনুসৰি দুয়ো ২০১৯ চনৰ ২৭ আগষ্টত প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলিৰ মৃত্যুৰ পাছত তেঁওৰ পৰিয়ালৰ লোকক সমবেদনা জনাবলৈ জেটলিৰ দিল্লীস্থিত বা. ভবনত দেখা গৈছে।

সঁচা আৰু মিছাৰ পাঠশালাৰ তুলাচনীত এয়া স্পষ্ট হৈ পৰে যে বিতৰ্কিত ফটোখন সম্পাদিত, মৰ্ফ কৰা।

ওপৰৰ তথ্যৰ পৰা এয়া নিশ্চিত হৈ পৰে যে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী শ্বাহে ইছলামৰ টুপী পৰিধান কৰা ফটোখন ভুৱা।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে তেন্তে +91 11 7127 9799– এই নম্বৰত হোৱাটচ আপ কৰক