সত্যতা নিৰূপণ: গীৰ্জাত থকা মাহাকাশচাৰীৰ মূৰ্তিৰ শিল্পটো ১৬০০ খ্ৰীঃৰ নহয়; সত্য জানিবলৈ পঢ়ক

0 224

গীৰ্জা এটাত এগৰাকী মহাকাশচাৰীৰ আকাৰৰ এটা মূৰ্তি বা ভাস্কৰ্যৰ ফটো সম্প্ৰতি ইণ্টাৰনেটত বহুলভাবে প্ৰচাৰ হৈ আছে, ৰেখাকৃতিৰ মূৰ্তিটোৰ মানুহজনে পৰিধান কৰা পোচাক আধুনিক যুগৰ মহাকাশচাৰীৰ পোচাক আৰু এয়া ১৬০০ খ্ৰীঃৰেই ফটো বুলিও দাবী কৰা হৈছে।

পোষ্টটোৰ কেপচনত লিখা আছেঃ ১৬০০চনতেই নিৰ্মাণ কৰা এটা গীৰ্জাত থকা এই মূৰ্তিটোৰ বিৱৰণ দিবলৈ বিশেষজ্ঞসকল অপৰাগ, মূৰ্তিটোত যি পোচাক পিন্ধোৱা হৈছে, সেয়া আধুনিক যুগৰ মহাকাশচাৰীৰ পোচাক সদৃস।

ওপৰৰ পোষ্টটো ইয়াত চাওক

একে ধৰণৰ পোষ্টৰ বাবে ইয়াত আৰু ইয়াত ক্লিক কৰক

সত্যতা নিৰূপণ

আমি সত্যতা নিৰূপণ কৰাৰ পাছত এই পোষ্টটো ভূৱা আৰু বিপথে পৰিচালিত বুলি প্ৰতিপন্ন হয়।

ফটোখনৰ বিষয়ে অধিক জানিূলৈ আমি ইণ্টাৰমেটৰ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিলো আৰু এখন ফটো দেখা পালো। ফটোখন স্পেইনৰ ১৫১৩ আৰু ১৭৩৩ চনৰ ভিতৰত নিৰ্মাণ কৰা নিউ কেথেড্ৰেল অৱ চালামাংকাৰ গাত ৰেখাংকণৰ দ্বাৰা অঁকা।ফটোখন . চালামাংকা কেথেড্ৰেলৰ ৱেবছাইটত উপলব্ধ আৰু তাত লিখা আছিল যে ১৯৯০ৰ দশকত গীৰ্জাটোৰ মেৰামতিৰ সময়ত এই শিল্প কলাবিধ সন্নিবিষ্ট কৰা হৈছিল।

প্ৰবন্ধটোত কোৱা হৈছে যে ১৯৯৩ চনত মেৰামতিৰ কামৰ সময়ত আঘুনিক যুগৰ সৈতে খাপ খোৱা কেইবাখনো ফটো বা চিত্ৰ শিল্প সন্নিবিষ্ট কৰা হৈছে ইয়াৰে একাংশ আধুনিক মাহাকাশচাৰী সম্পৰ্কীয় ফটো।

প্ৰবন্ধটোত কোৱা হৈছে যে ১৯৯৩ চনত মেৰামতিৰ কামৰ সময়ত আঘুনিক যুগৰ সৈতে খাপ খোৱা কেইবাখনো ফটো বা চিত্ৰ শিল্প সন্নিবিষ্ট কৰা হৈছে ইয়াৰে একাংশ আধুনিক মাহাকাশচাৰী সম্পৰ্কীয় ফটো।

ফটোখনৰ বিৱৰণিত থকা কথোখিনি ১৯৯২ চনত লিখা

ওপৰৰ তথ্যখিনিয়ে প্ৰমাণ কৰে যে নিউ কেথেড্ৰেল অৱ চালামাংকা নিৰ্মাণ হৈছিল ১৬০০ খ্ৰীঃত, ১৯৯০ৰ দশকত তাত মহাকাশচাৰীৰ ফটোখন সন্নিবিষ্ট কৰা হৈছিল। সেয়ে পোষ্টটোত কৰা দাবী ভিত্তিহীন।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলৈ আছে, তেন্তে  +91 11 7127 9799-এই নম্বৰত হোৱাটচ আপ কৰক।