সত্যতা নিৰূপণ: কংগনা ৰাণাৱতে মহিলা সংৰক্ষণ বিলৰ বাবেহে লোকসভাৰ টিকট পাইছে নেকি? সত্য জানিবলৈ পঢ়ক

0 190

বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱতে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোই থকাৰ এটা ভিডিও সামাজিক মাধ্যমতভাইৰেল হৈছে, ভিডিওটোত মহিলা সংৰক্ষণৰ বিলৰ বাবেহে কংগনা ৰাণাৱতক লোক সভাৰ নিৰ্বাচনৰ টিকট প্ৰদান কৰা হৈছে বুলি তেওঁ দাবী কৰিছে। মান্দীৰ এখন সভাত কংগনাই বাষণ দি থকা স্পষ্টকৈ শুনা গৈছে

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এই ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে

কংগনা ৰাণাৱতে প্ৰথম বাৰলৈ বিজেপি কৰ্মী সভাত ভাষণ দিছে: ‘মই মোৰ সকলো ত্যাগ কৰি…

বলিউডৰ অভিনেত্ৰী তথা মান্দী লোক সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কংগনা ৰাণাৱতে মঙলবাৰে কয় যে তেওঁ ৰাজনীতিত প্ৰৱেশ কৰাৰ আঁৰত থকা উদ্দেশ্য হল  দেশ আৰু দেশৰ নাগৰিকৰ সেৱা।”.

কংগনা ৰাণাৱতে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শিৱবাদৰত অনুষ্ঠিত বিজেপিৰ কৰ্মী সভাত এটা BTSৰ ক্লিপ শ্বেয়াৰ কৰিছিল।

ভিডিওটোত কংগনাৰ সৈতে হিমাচল প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী সুৰেশ ভৰদ্বাজ আৰু মান্দি লোক সভা সমষ্টিৰ তত্বাবধায়ক গোবিন্দ ঠাকুৰকো দেখা গৈছে।তাত কংগনাই লোক সভা আৰু ৰাজ্যত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা থকা নাৰী শক্তি বিধান আইন ২০২৩ৰ প্ৰশংসা কৰে। 

 “চৰকাৰৰ ঐতিহাসিক সিদ্ধান্তৰ ফলশ্ৰুতিত গৃহীত হোৱা মহিলা সংৰক্ষণ আইনৰ বাবেই মান্দিৰ দৰে এখন সৰু গাঁৱত জন্ম লাভ কৰা আপোনালোকৰ এইগৰাকী কন্যাই ইমান ডাঙৰ মঞ্চ লাভ কৰিলে। ৰাইজক উদ্দেশ্যি কংগনাই কৈছিল।

কংগনাই লগতে কৈছিল যে তেওঁ মান্দিলৈ সেৱা আগবঢ়োৱাৰ বাবে সৰ্বস্ব ত্যাগ কৰিছে।  “মই ইয়ালৈ আহিছো মই সকলো ত্যাগ কৰি এই ভাব লৈয়েই আহিছো যাতে মই জনতালৈ সেৱা আগবঢ়াব পাৰো।ভিডিওটোত কংগনাই কৈছিল।

বিজেপিয়ে নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবেই কংগ্ৰেছ আতংকিত হোৱা বুলিও তেওঁ ভিডিওটোত কয়।পৰম্পৰাগত একেটা পৰিয়ালৰে প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়াৰ সলনি নতুন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়াৰ সময় সমাগত।” PTI ৰ বাতৰিত তেওঁৰ বক্তব্য এনেদৰে উদ্ধৃত কৰা হৈছিল। কংগনাই মান্দিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা হিমাচল প্ৰদেশ কংগ্ৰেছৰ মুৰব্বীক আওপকীয়াকৈ আক্ৰমণ কৰি এইদৰে কৈছিল।

হিমাচল প্ৰদেশৰ মান্দি সমষ্টিৰ পৰা বিজেপিৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে সাজু হৈছে কংগনা। কিছুদিন পূৰ্বে গেৰুৱা দলটোৰ পঞ্চমখন প্ৰাৰ্থী তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ সমৰ্থক কংগনাক লোক সভাৰ টিকট প্ৰদান কৰিছিল। অভিনেত্ৰীগৰাকীয়ে মান্দি জিলাৰ মানালীৰ সমীপৰ ভাম্বলা গাঁৱত জন্ম গ্ৰহণ কৰিছিল।

এই পোষ্টটো  ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ৰাণাৱতে দাবী কৰা কথাৰ আঁত ধৰি গুগলত কী ৱৰ্ড প্ৰয়োগ কৰি অনুসন্ধান কৰাত আমি  দ্য হিন্দুত  ২০২৩ৰ ২২ ছেপ্তেম্বৰত প্ৰকাশিত এটা বাতৰি লাভ কৰিলো। বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি ৰাজ্যসভাত সৰ্ব সন্মতিক্ৰমে মহিলা সংৰক্ষণ বিদেয়কখন গৃহীত হৈছে, কিন্তু আমি জানিবলৈ পাৰিলো যে জনগণনা আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতহে ২০২৯ৰ ভিতৰত এই আইনখন প্ৰণয়ন কৰা হব।

আমি দেখিলো যে  আচল বিধেয়কখন, গৃহীত হোৱাৰ সময়ত ঘোষণা কৰা হৈছিল যে জন গণনা আৰু সমষ্টি পুনৰনিৰ্ধাৰণৰ পাছতহে এয়া কাৰ্যকৰী কৰা হ’ব।

ডেকান হেৰাল্ড আন এটা বাতৰিত কোৱা হেছে যে বিলখন গৃহত হোৱাৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৪ৰ লোক সভাৰ নিৰবাচনৰ পাছত জনগণনা আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম আৰম্ভ কৰি হ’ব বুলি ঘোষণা কৰিছিল।

ইয়াৰ পৰাই আমি কব পাৰো যে কংগনা ৰাণাবতে মহিলা সংৰশ্ক্ষণৰ বিলৰ আধাৰত লোকসভাৰ টিকট লাভ কৰা বুলি দাবী কৰা ভিডিওটো ভুৱা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel