সত্যতা নিৰূপণ: সইৰাণৰ পুৰণি ভিডিওকেই সংযুক্ত আৰবৰ শেহতীয়া বানৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে

0 111

সংযুক্ত আৰব (UAE)ত এইবেলি ২৭ বছৰৰ মূৰত আটাইতকৈ বেছি পৰিমাণৰ বৰষুণ হোৱাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ বিভিন্ন স্থানত বানপানীৰ সৃষ্টি হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি উত্তৰ আৰবৰ বিভিন্ন স্থান বানৰ পানীয়ে বুৰাই পেলোৱাৰ পাছত গুৰুত্বপূৰ্ণভাবে জৰুৰীকালীন সেৱা অব্যাহত আছে।” 

In this backdrop, a video showing cars being swept away in flash floods is widely shared on social media claiming it to be the condition in Fujairah in the United Arab Emirates. 

The video is being shared on Facebook with a caption in Urdu: “طوفان جارف يجتاح الامارات الفيديو من مدينة الفجيرة”

(English translation: A torrential flood sweeps the Emirates, video from the city of Fujairah)

Here’s the link to the above post

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ইনভিড টুলৰ সহায়ত ভিডিওটোৰ মূল প্ৰেমৰ ফটো উলিয়াই আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিলো। এই অনুসন্ধানত আমি ২০১৮ত প্ৰচাৰিত একেধৰণৰ আন এটা ভিডিও লাভ কৰিলো, তাৰ বিৱৰণিত আছে- ছিৰাজৰ কোৰাণ গেটত বানপানী।ছিৰাজ হল দক্ষিণ মধ্য ইৰাণৰ ৰাজধানী।

আৰু অধিক অনুসন্ধানত আমি আন এটা ইৰাণী ৱেবছাইটতো ২০১৮ চনত একে ধৰণৰ ভিডিও প্ৰচাৰ কৰা দেখিলো। তাৰ কেপচনত আছে- ছিৰাজত ভয়াবহ বানত বহুকেইখন গাড়ী উটি গৈ কোৰাণ গেটত ওলমি আছে।” 

ভাইৰেল ভিডিওটোৰ সৈতে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱা ভিডিও ৰিজাই চোৱাত আমি ভিডিওকেইটাৰ মাজত বহুখিনি সাদৃস্য দেখিলো। ই স্পষ্ট কৰে যে এই ভাইৰেল ভিডিওটো ইৰাণৰ আৰু কমেও দুবছৰ পুৰণি।

তাৰ পাছত আমি এই ভয়ংকৰ দৃশ্য প্ৰত্যক্ষ কৰা স্থান সম্পৰ্কে অনুসন্ধান কৰি জানিব পাৰিলো যে ছিৰাজৰ পিকক স্কোৱেৰ নামৰ মূৰ্তি এটাৰ পৰা এই ভিডিও ৰেকৰ্ড কৰা হৈছিল।

এনেদৰেই ওপৰৰ তথ্যসমূহৰ পৰা এয়া স্পষ্ট হয় যে ইৰাণৰ পুৰণি ভিডিও এটাকেই আৰবৰ বুলি দাবী কৰি প্ৰচাৰ চলাইছে। সেয়ে, ভাইৰেল পোষ্টটোৰ দাবীও বিভ্ৰান্তিকৰ।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।