সত্যতা নিৰূপণ: সঅভিনেত্ৰী ৰবীনা টেণ্ডনৰ পুৰণি ভিডিও এটাকেই অৰ্পিতা মুখাৰ্জীয়ে এটা অনুষ্ঠানত নৃত্য কৰা বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে

0 61

এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে অলপতে কেইবা কোটি টকাৰ কেলেংকাৰিৰ বাবে পশ্চিমবংগৰ মন্ত্ৰী পাৰ্থ চেতাৰ্জীক তেওঁৰ নিকট সহযোগীৰ সৈতে গ্ৰেপ্তাৰ কৰে।   

সম্প্ৰতি সামাজিক মাধ্যমত এটা ভিডিও প্ৰচাৰ হৈ আছে। ভিডিওটোত তৃণমূল কংগ্ৰেছৰ সাংসদ সৌগত ৰয়ক এখন মঞ্চৰ ওচৰত এদৰাকী মহিলাৰ সৈতে থিয় হৈ থকা দেখা গৈছে। ভিডিওটো শ্বেয়াৰ কৰি সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভিডিওটোত মঞ্চত ৰয়ে অৰ্পিতা মুখাৰ্জীৰ সৈতে নৃত্য কৰিছে।

ভিডিওটো ফেচবুকত শ্বেয়াৰ কৰি বঙালীতে কেপচনত লিখিছে-  “সৌগত বাবুৱে অর্পিতাৰ সৈতে ভালদৰেই ককাল ঘুৰাইছিল। পিকচাৰ অভি বাকী হেই।

ওপৰৰ  পোষ্টটোইয়াত চাব পাৰিব

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ইনভিড টুলৰ সহায়ত ভিডিওটোৰ কী ফ্ৰেমৰ ফটো লৈ মূল, সমাৰ্থক শব্দৰ প্ৰয়োগেৰে ৰিভাৰ্ছ ইমেজ চাৰ্ছত দি অনুসন্ধান কৰিলো। অনুসন্ধানত আমি ইণ্ডিয়া টুডেৰ ২০১৯ৰ ১৮ জানুৱাৰীত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো, তাত একেটা ভিডিও শিৰানোমসহ প্ৰচাৰ কৰা হৈছিল।শিৰোনামত আছিল-  “টিএমচি সাংসদে ৰবীনা টেণ্ডনৰ সৈতে টু ছীজ বড়ী হৈই… ত নৃত্যত অংশ লোৱাৰ ভিডিও ভাইৰেল

বাতৰিটোত প্ৰচাৰিত মূল ভিডিওটোত স্পষ্টকৈ দেখা গৈছে যে সৌগতৰ কাষত থকা মহিলাগৰাকী ৰেবীনা টেণ্ডন।

সংবাদ প্ৰতিদিন কাকতেও একেটা ভাইৰেল ভিডিওৰ বাতৰি প্ৰচাৰ কৰিছিল, তাত আছিল যে সাংসদ সৌগতৰ সংসদীয় সমষ্টি দমদম অঞ্চলৰ ডাগা কলনীত প্ৰতিবছৰে ফুড ফেয়াৰ অনুষ্ঠিত হয়। জ্যেষ্ঠ ৰাজনীতিকজনে ফুডফেয়াৰ উদঘাটন কৰিবলৈ যোৱাৰ সময়ত বলিউডৰ অভিনেত্ৰীগৰাকীৰ সৈতে নৃত্যত ভাগ লয়। ৰাজ্যখনৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী আৰু তৃণমূলৰ বিধায়ক ব্ৰাত্য বসুকো মঞ্চত হাঁহি স্ফুৰ্তি কৰি থকা দেখা গৈছিল। কেইবাটাও সংবাদ গোষ্ঠীয়ে ২০১৯ চনৰ এই ঘটনাসন্দৰ্ভত বাতৰি প্ৰচাৰ কৰিছিল।   

এই তথ্যসমূহৰ পৰাই প্ৰমাণ হয় যে ভাইৰেল ভিডিওটোৰ সৈতে কৰা দাবী বিভ্ৰান্তিকৰ।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।