সত্যতা নিৰূপণ: এই ভিডিওটোত মথুৰাত গণ বিক্ষোভত বেৰিকেড ভঙাৰ দৃশ্য দেখুৱাইছে নেকি? সত্য জানিবলৈ পঢ়ক

0 332

এদল মানুহৰ গণ বিক্ষোভৰ এটা ভিডিওত আৰক্ষীৰ বেৰিকেড ভঙা আৰু আৰক্ষীৰ লোকৰ সৈতে সংঘৰ্ষত লিপ্ত থকাৰ দৃশ্য দেখা গৈছে। বিক্ষোভকাৰীয়ে ‘জয় শ্ৰী ৰাম’ আৰু ‘হৰ হৰ মহাদেৱ’ ধ্বনি দি থকা শুনা গৈছে। সামাজিক মাধ্যমত ভাইৰেল হোৱা এই ভিডিওটো উত্তৰ প্ৰদেশৰ মথুৰাৰ বুলি দাবী কৰা হৈছে।   .

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এয়া প্ৰচাৰ কৰি কেপচনত লিখিছে- “ব্ৰেকিং নিউজ, এই সময়ৰ ডাঙৰ খবৰটো হল মথুৰাত কৃষ্ণ ভক্তই আৰক্ষীৰ বেৰিকেড ভাঙি দিলে। জয় শ্ৰী ৰাম।”

ফেচবুক পোষ্টটোৰ লিংক  ইয়াত পাব.

সত্যতা নিৰূপণ    

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

আমি মূল শব্দৰ সহায়েৰে অনুসন্ধান কৰাত মথুৰা আৰক্ষীৰ, এটা টুইট পালো. তাত তেওঁলোকে এই ঘটনাৰ সত্যতা অস্বীকাৰ কৰিছে।

২০২১ৰ ৮ ডিচেম্বৰৰ  টুইটটোত লিখা আছিল- “এই ভিডিওটো মথুৰা জিলাৰ নহয়, যিজন লোকে এই ভুৱা বাতৰি প্ৰচাৰ কৰিছে, তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। অনুগ্ৰহ কৰি এনে ভুৱা বাতৰি প্ৰচাৰ নকৰিব। শান্তি অক্ষুন্ন ৰখাত সহায় কৰক।”

তাৰ পাছত আমি মূল ভিডিওটোৰ উত্সৰ সন্দৰ্ভত অনুসন্ধান কৰিলো।

ভিডিওটো সুক্ষ্ম ভাবে চোৱাত আমি দেখিলো আৰক্ষীৰ পোচাকত ছত্তিশগড় আৰক্ষীৰ প্ৰতীক (insignia) দেখা পালো।

এই তথ্যৰ আধাৰত আমি ভিডিওটোৰ মূল ফ্ৰেম সংগ্ৰহ কৰি ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি নয়ী দুনীয়াত ১২ অক্টোবৰ ২০২১ত প্ৰকাশিত এটা বাতৰি লাভ কৰিলো। বাতৰিটোত ভাইৰেল হোৱা  ভিডিওটো প্ৰচাৰ কৰা হৈছিল।

বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি এই ঘটনাটো ছত্তিশগড়ৰ কোৰ্বাত বিশ্ব হিন্দু পৰিষদ (ভিএইচপি)ৰ সদস্যই প্ৰতিবাদ কৰি থকা দেখা গৈছে।

একেটা ঘটনাৰ বাতৰি ১২ অক্টোবৰত  ই টিভি ভাৰতে ও প্ৰচাৰ কৰা পালো।

আমি ভিএইচিৰ সদস্যসকলে ছত্তীশগড়ৰ কাৱাৰ্ধা জিলাত সেই মাহৰেই প্ৰথম ভাগত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ প্ৰতিবাদ কৰি থকা দেখিলো।

ওপৰৰ তথ্যসমূহৰ পৰা প্ৰমাণ হয়, এই ভিডিওটো ছত্তীশগড়ৰ, উত্তৰ প্ৰদেশৰ মথুৰাৰ নহয়।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক