সত্যতা নিৰূপণ: এই শিশুটি কৃষক আন্দোলনৰ পৰা নিজ গাঁৱলৈ ওভতা নাই

0 318

২০২১ চনৰ ২৯ নৱেম্বৰত কৃষকসকলৰ এবছৰীয়া প্ৰতিবাদী আন্দোলনৰ পাছত সংসদতকেন্দ্ৰীয় কেবিনেটে কৃষক আইন বাতিলৰ অনুমতি প্ৰদান কৰে। ইয়াৰ পাছতেই প্ৰতিবাদী কৃষকসকল ঘৰলৈ ওভতিবলৈ আৰম্ভ কৰিছিল। এনে সময়তে এটি সৰু লৰাই হালধীয়া আৰু সেউজীয়া ৰঙৰ পতাকা লৈ ঘৰলৈ গৈ থকা ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে।

এজন  ফেচবুক ব্যৱহাৰকাৰীয়ে  ফটোখন শ্বেয়াৰ কাৰৰ লগতে হিন্দীতে কেপচন লিখিছে-  “দিল্লীৰ কিল্লা জয় কৰাৰ পাছত এই কণিষ্ঠ কৃষক নিজ গাঁৱলৈ ওভতিছে।”

একে দাবী কৰা এই ফটোখন বহুকেইটা টুইটাৰ পোষ্টতো প্ৰচাৰিত হৈছে।

সত্যতা নিৰূপণ    

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দি অনুসন্ধান কৰাত আমি সৰ্বাংগ নামৰ সংবাদ মাধ্যমত ২০২০ চনৰ ৮ ডিচেম্বৰত প্ৰচাৰ হোৱা এটা বাতৰি পালো। সেই সময়ত কৃষকসকলে ভাৰত বন্ধ ঘোষণা কৰিছিল।

যোৱা বছৰ ৮ ডিচেম্বৰত কৃষক সন্থাই ভাৰত বন্ধ ঘোষণা কৰিছিল।

সেয়ে, দেখা গল, পুৰণি ফটো এখনকেই কৃষক আন্দোলনৰ শেষ সময়ৰ দৃশ্যৰ ফটো বুলি মিছাকৈ দাবী কৰা হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক