সত্যতা নিৰূপণ: গছত লিপিত খাই থকা এই চাইকেলখন ১৯১৪চনৰ মৃত সৈনিকৰ নহয়

0 375

এডাল প্ৰকাণ্ড গছৰ ভিতৰত এখন চাইকেল আধা সোমাই থকা ফটোসহ এটা পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈছে। পোষ্টটোত দাবী কৰা মতে ১৯১৪ চনত এজন লৰাই যুদ্ধলৈ যোৱাৰ পূৰ্বে চাইকেলখন গছডালত চাইকেলেৰে বান্ধি থৈ গৈছিল।

পোষ্টটোত লিখা আছে-১৯১৪ চনত যুদ্ধলৈ যোৱাৰ পূৰ্বে এজন লৰাই গছত শিকলিৰে বান্ধি থৈ গৈছিল। তেওঁ আৰু উভতি নাহিল, গছত বান্ধি থোৱা চাইকেলখন মেৰিয়াই গছডাল ডাঙৰ হোৱাৰ বাহিৰে গত্যান্তৰ নাছিল। অবিশ্বাস্য হলেও গছডালে আজি ৯৮ বছৰৰো অধিক কাল চাইকেলখন এনেদৰেই মেৰিয়াই ধৰি আছে!”

পোষ্টটোৰ লিংক ইয়াত আছে

সত্যতা নিৰূপণ

নিউজমোবাইলে পোষ্টটো সন্দৰ্ভতঅনুসন্ধান কৰাত এয়া ভুৱা বুলি প্ৰতিপন্ন কৰে।

গুগলত সাধাৰণ ভাবে গছত চাইকেল (‘tree bicycle’ ) বুলি অনুসন্ধান কৰাত আমি মূল কাহিনীটো পালো।

আমি জানিবলৈ পাৰিলো যে গছডাল ৱাশ্বিংটনৰ ভেশন উপত্যকাত আছে। বাতৰিত প্ৰকাশ পোৱা অনুসৰি ১৯৫৪চনত চাইকেলখন স্বামীহাৰা হোৱাৰ পাছত হেলেন পুজক তেওঁৰ চিনাকি আৰু সম্পৰ্কীয় মানুহে মিলি উপহাৰ দিছিল। 

মানুহখিন সুহৃদয়বান, সহানুভূতিশীল আৰু মৰমীয়াল আছিল, ভেশন-মৌৰী উপত্যকাৰ ঐতিহ্য যাদুঘৰত পুজে এইদৰে লিখা বুলি প্ৰচলিত আছে।আমাক এখন ছোৱালীয়ে চলোৱা চাইকেল দিছিল আৰু মোৰ ৮বছৰীয়া পুত্ৰই সেইখন চলাইছিল।  

ডন পুজে এদিন চাইকেলখন হেৰুৱাইছিল। অবশ্যে ২০০৯ চনত স্থানীয় বাতৰি কাকতত গছে হজম কৰা এখন চাইকেলৰ কথা হেলেন পুজে পঢ়িছিল।  

ইয়াত ডনে সেই স্থানলৈ পুনৰ যোৱা এখন ফটো আছে। তেওঁৰ ফেচবুক প্ৰফাইলত ফটোখন আছে।

ওপৰৰ তথ্যসমূহে প্ৰমাণ কৰে য়ে পোষ্টটোত দাবী কৰা কথাখিন ভুৱা।