সত্যতা নিৰূপনঃ অমিত শ্বাহ উত্তৰ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হ’ব নেকি? সত্য জানিবলৈ পঢ়ক

0 482

উত্তৰ প্ৰদেশৰ বিধান সভা নিৰ্বাচনৰ ১০ মাৰ্চ ২০২২ত প্ৰকাশিত ফলাফল অনুসৰি ভাৰতীয় জনতা পাৰ্টীয়ে ৪০৩খন আসনৰ ভিতৰত ২৫৫খন আসন (সহযোগী দলৰ সৈতে ২৭৩খন) লাভ কৰে। এই ঐতিহাসিক ফলাফলৰ জৰিয়তে ১৯৮৭ চনৰ পাছত এইবাৰ প্ৰথম উত্তৰ প্ৰদেশ নিৰ্বাচনত একেৰাহে দ্বিতীয়বাৰ শাসনলৈ আহে।  

এনে সময়তে বাতৰি কাকতৰ ক্লিপিং এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে, যত উল্লেখ কৰা হৈছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু যোগী আদিত্য নাথ গৃহমন্ত্ৰী হব।

কেইবাগৰাকীও  ফেচবুক ব্যৱহাৰকাৰীয়ে  শ্বেয়াৰ কৰা এই ক্লিপিংটোৰ শিৰোনামত আছে- শ্বাহ উঃপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী! আৰু যোগী আদিত্যনাথ গৃহমন্ত্ৰী হ

সত্যতা নিৰূপন

নিউজ মোবাইলে এই পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰে আৰু ভাইৰেল ভিডিওটো ভুৱা বুলি প্ৰতিপন্ন কৰে।

আমি ইণ্টাৰনেটত এই দাবী সন্দৰ্ভত সুক্ষ্মভাবে অনুসন্ধান কৰিলো, কিন্তু এনে ধৰণৰ কোনো সংবাদ লাভ নকৰিলো।

আমি ২০২২ৰ ১৮ মাৰ্চত প্ৰচাৰিত ইণ্ডিয়া টুডে এটা বাতৰি লাভ কৰিলো। তাত প্ৰকাশ কৰা অনুসৰি যোগী আদিত্য নাতে ২৫ মাৰ্চ ২০২২ত দ্বিতীয়বাৰৰ বাবে উঃপ্ৰঃৰ মুক্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব।

আমি উত্তৰ প্ৰদেশৰ সামাজিক মাধ্যমতো অনুসন্ধান কৰিলো. কিন্তু ভাইৰেল হোৱা দাবীটোৰ সত্যতা প্ৰতিপন্ন কৰিব পৰা কোনো তথ্য লাভ নকৰিলো।

আৰু অধিক অনুসন্ধানত আমি ২০২০ৰ ১৭ মাৰ্চত প্ৰচাৰিত ৰাজস্থান পত্ৰিকা নামৰ এখন ই-পেপাৰ লাভ কৰিলো, তাত হোলী উপলক্ষে প্ৰকাশিত কেইটিমান ব্যংগাত্মক বাতৰিৰ মাজত ভাইৰেল বাতৰিটোও প্ৰকাশ হৈছিল।

ওপৰৰ তথ্যই প্ৰমাণ কৰে যে ভাইৰেল পোষ্টটো ভুৱা আৰু বিভ্ৰান্তিকৰ।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799এই নম্বৰত হোৱাটচএপ কৰক