সত্যতা নিৰূপণ: ভাইৰেল ভিডিওটোৰ নেন্সী পেলোছিৰ টাইৱান ভ্ৰমণৰ সৈতে কোনো সম্পৰ্ক নাই

0 358

চীনৰ সকীয়নি সত্বেও মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংসদৰ অধ্যক্ষ নেন্সী পেলোছিয়ে টাইৱান ভ্ৰমণ কৰি ২৫ বছৰৰ মূৰত প্ৰথমখন উচ্চ স্তৰীয় সভাত অংশ গ্ৰহণ কৰে।ইতিমধ্যে সংবাদ মাধ্যমত চীনা সেনাই টাইৱানৰ চৌপাসে মিছাইল বৰ্ষণ কৰাৰ বাতৰিও প্ৰচাৰ হৈছে।

এনে সময়তে মিছাইল নিক্ষেপনৰ এটা ভিডিও সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে। দাবী কৰা হৈছে যে এয়া টাইৱানৰ চৌপাশে কৰা মিছাইল বৰ্ষণ।

ভিডিওটোৰ সৈতে কেপচনত আছে- পেলোছিক অভিবাদন জনাই উপকূলীয় প্ৰদেশ ফুজিয়ান আজি নিশা চলোৱা মিছাইলবৰ্ষণৰ ফলত উত্তপ্ত হৈ পৰিছে। কিন্তু…..”পেলোছি নাহিল…..উত্তৰৰ দিশে আকাশমাৰ্গতে বিমানখন উৰি আছে আৰু অৱতৰণ কৰাৰ বাবে অনুমতি বিচাৰিছে।

ওপৰৰ পোষ্ট টোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো পুৰণি বুলি প্ৰতিপন্ন হয়।

য়েণ্ডেক্সত আৰু অনুসন্ধান কৰাত আমি একেটা ভিডিও ২০২০ৰ নৱেম্বৰত ইউটিউবত আপলোড কৰা দেখিলো।

শিৰোনামত আছে- ১২ তাৰিখে টাইৱানৰ লাইভ ফায়াৰ ড্ৰিল বা অনুশীলন। হঠীত্ ইমান তীব্ৰ কিয় হবলৈ পালে? এইবোৰ কোনে কৰি আছে? বা কাৰোবাক লক্ষ্য কৰি নেকি ?

একেটা ভিডিও ডংছেন নিউজ চিএইচ পাইভ ওৱান (Dongsen News CH51)ৰ ইউটিউব চেনেলত ২০২০ৰ ৭ নৱেম্বৰত প্ৰচাৰ কৰা হৈছে। ভিডিওটোৰ বিৱৰণিত আছে- মাটছুৱে আবেলি জিম্বল অনুশীলনী চলাইছে। বিভিন্ন ধৰণৰ মেছিন গানেৰে জুইৰ শিখাৰ সৃষ্টি কৰাৰ ফলত যি দৃশ্য সেয়া আশ্চৰ্যকৰ।

জুনৱেন নিউজ এজেন্সীৰ টাইৱান সত্যতা নিৰূপণ ৰ আন এক তথ্য মতে এয়া স্পষ্ট হয় যে অনলাইন হৈ থকা এই ভিডিওটো সেনাৰ মাটছু বিভাগ (Matsu Defense Department)ৰ এয়া ২০২০ৰ ৬ নৱেম্বৰৰ জিম্বল অনুশীলন, এনে অনুশীলন নিয়মিত ভাবে কৰা হয়।

এনেদৰেই স্পষ্ট হয়, ভাইৰেল হোৱা ভিডিওটো পুৰণি আৰু নেন্সী পেলোছিৰ টাইৱান ভ্ৰমণৰ সৈতে জড়িত নহয়।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।