সত্যতা নিৰূপণ: চীনৰ হেনান প্ৰদেশৰ পুৰণি বানৰ ফটোকেই শেহতীয়া বুলি ভাইৰেল কৰা হৈছে

0 309

চীনৰ পশ্চিস অঞ্চলত ২০২২ৰ জুলাইত বানৰ তাণ্ডবৰ বাবে বিস্বৰ ক্ষতি সাধন হৈছে। শিচুৱান আৰু গুনচু প্ৰদেশ এই বানত অধিক ক্ষতিগ্ৰস্ত হৈছে। এই অঞ্চলত বৰষুণৰ মাত্ৰা সচৰাচৰ হোৱাৰ তুলনাত দুগুন বৃদ্ধি পাইছে। এনে পৰিস্থিতৰ ফলত ১২জন লোক নিহত হোৱাৰ লগতে বহুজন সন্ধানহীন হৈছিল।

এনে সময়তে বাট-পথ পানীৰে উপচি পৰা কেইবাখনো ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুকেইজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে এয়া চীনৰ শেহতীয়া বানৰ দৃশ্য বুলি দাবী কৰিছে।

এজন ফেচবুক ব্যহাৰকাৰীয়ে এই ভাইৰেল ফটোসমূহ পোষ্ট কৰি কেপচনত লিখিছে- কেৱল চীনত # জুলাই ১৯

পোষ্টটো  ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

আমি ৰিভাৰ্ছ ইমেজ তাৰ্ছৰ সহৈয়ত ফটো সমূহৰৰসত্যতা নিৰবপণ কৰিবলৈ চেষ্টা কৰিলো। 

প্ৰথম ফটো

আমাৰ অনুসন্ধান আমি  July 21, 2021 tweet by সংযুক্ত ৰাষ্ট্ৰৰ বতৰ সলনি টুইটাৰ একাউণ্ট-( UN Climate Change’s Twitter account)ৰ ২০২১ৰ ২১ জুলাইত প্ৰচাৰ কৰা এটা টুইট দেখা পালো।  তাৰ কেপচনত আছিল-  “নাটকীয় ভাবে হোৱা বতৰ সলনিৰ প্ৰভাব সমগ্ৰ বিশ্বতে দেখিবলৈ পোৱা গৈছে। চীনৰ জেংঝাওত সৰ্বাধিক বৃষ্টিপাত, মাত্ৰ এটা দিনতেওই ৮ মাহৰ বৃষ্টিপাতৰ সমান বৃষ্টিপাত হৈছে প্ৰদেশখনত। #COP26” 

ইয়ে ইংগিত দিয়ে যে ফটো সমূহ ২০২১ৰ চীনৰ জেংঝাওৰ।

আৰু অধিক অনুসন্ধানত আমি সংবাদ প্ৰতিষ্ঠান গ্লোবেল টাইমৰ সাংবাদিক ৰীতা বাই যুঞ্জি (@RitaBai)য়ে ২০২১ৰ ২০ জুলাইত প্ৰচাৰ কৰা এটা টুইট লাভ কৰিলো।  তেওঁ টুইটত ধাৰাবাহিক ভাবে চীন আৰু বিশ্বৰ অন্য প্ৰান্তৰ বান পৰিস্থিতি সন্দৰ্ভত সংবাদ প্ৰচাৰ কৰিছে। এই টুইটটোত চীনৰ জেংঝাওত এঘণ্টাত ২০০ মিঃমিঃ পৰিমানৰ বৃষ্টিপাত হোৱা বুলিও প্ৰকাশ কৰিছে।

ভাইৰেল ফটোদুখনৰ এই টুইটসমূহৰ ফটোৰ সৈতে হুবহু মিল আছে।

 

দ্বিতীয় ফটো

দ্বিতীয় ফটোখন  গেটী ইমেজ ৰ ৱেবছাইটত প্ৰচাৰ হোৱা দেখিলো- শিৰোনামত আছে-হেনানত ভয়ংকৰ বৃষ্টিপাত ’,  ভিজুৱেল চাইনা গ্ৰুপ ৰ দ্বাৰা ২০২১ৰ ২০ জুলাইক প্ৰকাশিত। এই ফটোখনৰ ভাইৰেল ফটোৰ সৈতে হুবহু মিল আছে।

ফটোৰ বিৱৰণিথ আছে  “চীনৰ জেংঝাও, ২০ জুলাইঃ চীনৰ হেনান প্ৰদেশৰ জেংঝাও ৰেল ষ্টেচনৰ সমীপত বানপানীয়ে উটাই লৈ গেছে বাহনসমূহ। ১৬ জুলাইৰ পৰা হেনানত মুষলধাৰ বৃষ্টিপাত হৈছে যাৰ ফলত সোম আৰু মঙলবাৰে প্ৰদেশখনৰ বিভিন্ন অঞ্চল বানত বুৰ গৈছে।( Zhu Zhe/VCG via Getty Imagesৰ সৌজন্যত ফটো). 

ইয়াৰ দ্বাৰা স্পষ্ট হয়, এই ফটোসমূহ ২০২১ৰ জুলাইৰ, চীনৰ জেংঝাওৰ।

দুয়োখন ফটোৰ ইখনৰ পাছত সিখনকৈ ৰিজনি তলত দিয়া হলঃ

তৃতীয় ফটো

তৃতীয়খন ফটো সম্পৰ্কে অনুসন্ধান কৰিবলৈ গৈ আমি চীনৰ জিংহুৱা (Xinhua) নামৰ সংবাদ প্ৰতিষ্ঠানে ২০২১ৰ ২১ জুলাইৰ প্ৰচাৰ কৰা এটা বাতৰিত ফটোখন দেখিলো। বাতৰিটোৰ শিৰোনামত আছে-দ্বিতীয়টো বৃহত্ বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিতত চীনে জৰুৰীকালীন ব্যৱস্থা সষ্টম কৰি ৰাখিছে, বান পৰিস্থিত অপৰিবৰ্তিত’,

ভিডিওটোৰ শিৰোনামত আছে- মধ্য চীনৰ হেনান প্ৰদেশৰ বানে আৱৰা পথসমূহত ঠায়ে ঠায়ে বিপদ চিহ্ন দিয়া হৈছে। (ফটো Hou Jianxun/Xinhuaৰ য়ৌজন্যত)

সেয়ে এই ফটোখনো ২০২১ৰ জুলাইৰ চীনৰ হেনান প্ৰদেশৰ জিংহুৱাৰ বুলি স্পষ্ট হয়।

দুয়োখন ফটোৰ ইখনৰ পাছত সিখনকৈ ৰিজনি তলত দিয়া হলঃ

লগতে ২০২১ৰ জুলাইৰ জিংহুৱাৰ বান- চীনৰ হেনান প্ৰদেশৰ ৰাজধানী চহৰ-  বান পৰিস্থিতি সন্দৰ্ভত বিশ্বৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানে বাতৰি পৰিবেশন কৰিছে। এইসমূহৰ ভিতৰত এনপিআৰ (NPR)অলজাজিৰাইণ্ডিপেণ্ডেণ্ট, আৰু  ৰয়টাৰ অন্যতম। এই বাতৰিয়মূহত প্ৰকাশ পোলা অনুসৰি বানৰ ফলত প্ৰদেশখনৰ ৩৯৮জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ১০ মিলিয়ন ডলাৰতকৈও অধিক ক্ষতি সাধন হৈছে।

এনেদৰেই আমি সিদ্ধান্ত লব পাৰো যে চীনৰ বানৰ এই ফটোসমূহ শেহতীয়া বানৰ নহয়, এইবোৰ ভুৱা আৰু বিভ্ৰান্তিকৰ দাবীৰে প্ৰচাৰ কৰা হৈছে। 

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।