সত্যতা নিৰূপণ: ১৮ শতাংশ ঘৰ ভাড়া বৃদ্ধি সন্দৰ্ভৰ ভিডিও অসত্য

0 400

সামাজিক মাধ্যমত বাতৰি কাকতৰ এটা টুকুৰা বাতৰি ভাইৰেল হৈছে, দাবী কৰা হৈছে যে ভাড়া ঘৰৰ বাবেও সামগ্ৰী আৰু সেৱা কৰ নিশ্চিত ভাবে আদায় দিব লাগিব।

বাতৰি কাকতৰ কটা অংশটোৰ বাতৰিৰ শিৰোনামত আছে- ঘৰ ভাড়াৰ বাবেও দিব লাগিব GST !”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত.আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

সঠিক মূল শব্দ বা কী ৱৰ্ডেৰে গুগলত অনুসন্ধান কৰাত আমি NDTV(এনডি টিভি)ত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো।  তাত আছিল-জিএছটিত পঞ্জীভূত এজন ভাৰাতীয়াই ঘৰ ভাড়াৰ বাবেও ১৮% GST দিব লাগিব। এয়া ১৮ জুলাইৰ পৰা প্ৰচলিত হব।

বাতৰিটোত পুনৰ কোৱা হৈছে যে ভাৰাতীয়াজন জিএছটিত পঞ্জীভূত হলেহে GST দিব লাগিব। ঘৰৰ মালিকে GST দিব নালাগে।

এই সন্দৰ্ভত সন্দেহ আঁতৰাই PIB ৰ সত্যতা নিৰূপণৰ টুইটত কোৱা হৈছে- জনবসিত অঞ্চলৰ ঘৰ এটা যদি ব্যৱসায়িক ভিত্তিত ভাড়ালৈ দিয়া হয়, তেতিয়াহে কৰ পৰিশোধ কৰিব লাগিব। কোনো লোকক বা ব্যক্তিগত ব্যৱহাৰৰ বাবে ভাড়ালৈ দিলে তাত GST নালাগে। আনকি মালিক বা পামৰ অংশীদাৰে ব্যক্তিগত ব্যৱহাৰৰ বাবেও যদি ভাড়ালৈ দিয়ে তথাপিও তাত GST নালাগে।

ইয়েই প্ৰমাণ কৰে য়ে ভাইৰেল পোষ্টটোৰ দাবী সত্য নহয়।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।