সত্যতা নিৰূপণ: ইছৰ’ৰ ৱেব পোৰ্টেল ‘ৰেডিও গাৰ্ডেন’ সন্দৰ্ভত সামাজিক মাধ্যমত কৰা দাবী বিভ্ৰান্তিকৰ

0 419

ইছৰই বিশ্বৰ যি কোনো স্থানতে আৰু বিনামূলীয়াকৈ শুনিব পৰা ৰেডিও গাৰ্ডেন  নামৰ নতুন ৱেব পোৰ্টেল মুকলি কৰা দাবী সন্দৰ্ভত এটা পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈছে।   

পোষ্টটোত আছে-  “অসাধাৰণ… আমাৰ ইছৰৰ(ISRO)আৱিস্কাৰ… তলৰ লিংকটোত ক্লিক কৰক… আপুনি দেখিবলৈ পাব সেউজীয়া বুটাম… এয়া হল বিশ্বজুৰি বিয়পা এফ এম ৰেডিও।… আপুনি তলত থকা সেউজীয়া বুটাম টিপিলেই আপুনি যি অঞ্চলত আছে সেই অঞ্চলৰ এফ এম ৰেডিও শুনিব পাব। আশ্চৰ্যকৰ কথাটো হল ইয়াৰ বাবে কোনো ইয়াৰফোন নালাগে। সঁচাকৈ অসাধাৰণ, ইছৰক ধন্যবাদ।”  

ওপৰৰ পোষ্টটোৰ লিংক  ইয়াত.পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ৰেডেও গাৰ্ডেন ৱেব ছাইটত উল্লেখ আছে যে ই নেদাৰলেণ্ডৰ আমষ্টাৰডমৰ প্ৰতিষ্ঠান। তাৰ বিৱৰণিত আছে-ৰেডিও গাৰ্ডেনে বিশ্বৰ বিভিন্ন স্থানৰ সহস্ৰ সুৰীয়া গীতৰ সমলয় শুনাৰ বাবে আমন্ত্ৰণ জনাইছে। দূৰদৰণি মাত কথা, গীতৰ সৈতে ৰেডিওই বিশ্বৰ বিভিন্ন স্থানৰ লোকৰ সৈতে সম্পৰ্ক কৰায়। আৰম্ভনিৰে পৰাই ৰেডিও ছিগনেলে দেশ-বিদেশৰ সীমা চেৰাই যাবলৈ সক্ষম হৈছে। ৰেডিওই শ্ৰোতাসকলৰ সৈতে, যিসকল লোক বহু দূৰণিত থাকে, ঘৰৰ পৰা বহু আঁতৰত থাকে তেওঁলোকক বিভিন্ন সংস্কৃতিৰ সম্পৰ্ক গঢ় দিয়াত সহায় কৰে।

ৱেবছাইটোৰ মতে-  তাৰ খতিয়ন অনুসৰি  “এই প্ৰকল্পটো ২০১৬ চনত নেদাৰলেণ্ডৰ ইনষ্টিটিউট অৱ চাউণ্ড এণ্ড ভিছনে কেৱল ৱেবতহে আৰম্ভ কৰিছিল। কিন্তু ২০১৮ চনত ই এপ (app)তো উপলব্ধ হৈছিল আৰু ২০১৯ চনলৈ ই এটা স্বয়ংপূৰ্ণ প্ৰতিষ্ঠানলৈ পৰিবৰ্তিত হৈছিল।

পিআই বিয়ে এই ভাইৰেলপোষ্ট সত্যতা নিৰূপণ কৰি টুইটযোগে কয়-  “ সামাজিক মাধ্যমত এটা মেছেজ ভাইৰেয় হৈছে, যিটো মেছেজত দাবী কৰা হৈছে যে  @ইছৰৰেডিও গাৰ্ডেনে নামৰ এটা ৰেডিও পোৰ্টেল মুকলি কৰিছে। এই পোৰ্টেলৰ সহায়ত বিস্বৰ বিভিন্ন স্থানৰ পৰা মানুহে এফ এম ৰেডিও শুনিবলৈ পাব।  #পিআইবি সত্যতা নিৰূপণ এই দাবী#ভৱা. #ইছৰ’ (ISRO)ই কোনো ৰেডিও পোৰ্টেল আৰম্ভ কৰা নাই।.”

এনেদৰেই প্ৰমাণ হয় যে ভাইৰেল পোষ্টটোৰ দাবী বিভ্ৰান্তিকৰ।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।