সত্যতা নিৰূপণ: মধ্য প্ৰদেশৰ বিজেপি বিধায়ক এজনৰ ভিডিও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুলি মিছাকৈ দাবী কৰা হৈছে; সত্য জানিবলৈ পঢ়ক

0 276

সংবাদ মাধ্যমৰ আগত সংখ্যালঘু সম্প্ৰদায়ক কটু মন্তব্য প্ৰকাশ কৰা এজন মানুহৰ এটা ভিডিও সামাজিক মাধ্যমত প্ৰচাৰ কৰি এই ভিডিওটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুলি দাবী কৰিছে।

হিন্দীত কৈ থকা মানুহজনে কৈছিল- “উজ্জয়িনীৰ ঘটনা পোহৰলৈ আহিছে। মই কৈছিলো যে নামাজ পঢ়াৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই, লগতে, উপবাসে থকাতো বাধা নাই, আপোনালোকে মহৰমত সমদলো উলিয়াব পাৰে। কিন্তু এটা কথা সকলোৱে মনত ৰখা উচিত, এয়া ভাৰত, ইয়াত আপোনালোকে যি কৰে, সেয়া বাবা ছাহেবে লিখি থৈ যোৱা সংবিধান অনুসৰিহে কৰিব পাৰিব। ভাৰতৰ মাটিত আপুনি যদি পাকিস্তান জিন্দাবাদ বুলি কয়, আপোনাক ধ্বংস কৰি দিয়া হ’ব। মই মৌলানা আৰু মোল্লা সকলক ক’ব বিচাৰো, আপোনালোকে নামাজ আৰু ৰোজাৰ কথা শিকাওক লগতে তেঁওলোকক এয়াও নিশ্চিত কৰি দিয়ক যে এইখন ভাৰতবৰ্ষ।”

ভিডিওটোৰ সৈতে কেপচনত লিখা আছিল- “অসমৰ মুখ্যমন্ত্ৰীয়ে কম ভাষণতেই বহু কথা কৈ গ’ল, বুজি লওক।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। একে ধৰণৰ পোষ্ট  ইয়াত, ইয়াত  আৰু  ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰে আৰু পোষ্টটোত কৰা দাবী অসত্য বুলিও নিশ্চিত কৰে।

আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটোখন স্কেন কৰি ভিডিওটোৰ ব্যক্তিজনৰ ফটোৰ সৈতে ৰিজাই চোৱাত দুয়োজন মানুহ যে বেলেগ বেলেগ, সেয়া স্পষ্ট হৈ পৰে।

আমি ভিডিওটোৰ মূল ফ্ৰেম কেইটাৰ পৰা ফটো কাটি উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত দেখিলো ভাইৰেল হোৱা ভিডিওটো এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে প্ৰচাৰ কৰিছে, তেঁও দাবী কৰা অনুসৰি ভিডিওটো মধ্য প্ৰদেশৰ মন্ত্ৰী ৰামেশ্বৰ শৰ্মাৰ।

হিন্দীত থকা কেপচনত লিখা আছে- “যোগীজীৰ পাছত মধ্য প্ৰদেশত এজন নতুন হিৰোৰ আবিৰ্ভাব, মধ্যপ্ৰদেশৰ মন্ত্ৰী শ্ৰী ৰামেশ্বৰ শৰ্মা।”

योगी जी के बाद एक नया हीरो, मध्य प्रदेश के मंत्री श्री रामेश्वर शर्मा 🙏 pic.twitter.com/1NDziwnQij

ইয়াৰ পৰাই তথ্য গ্ৰহণ কৰি আমি মূল শব্দ হিচাপে ৰামেশ্বৰ শৰ্মা ব্যৱহাৰ কৰিগুগলত বিচাৰিলো। আমি দেখিলো ভাইৰেল ভিডিও ক্লিপটো আই এন এইচ নিউজ  নামৰএটা ইউটিউব চেনেলত প্ৰচাৰ হৈছিল। ভিডিওটো বিজেপি বিধায়ক ৰামেশ্বৰ শৰ্মাৰ বুলি উল্লেখ কৰা হৈছে।

আমি ব্যক্তিজনৰ টুইটাৰ হেণ্ডেল চালো, তাত থকা বিৱৰণি অনুসৰি তেঁও মধ্য প্ৰদেশৰ হুজুৰ বিধান সভা সমষ্টিৰ বিধায়ক।

এই তথ্যই প্ৰমাণ কৰে যে ভাইৰেল ভিডিওটো বিজেপি বিধায়ক ৰামেশ্বৰ শৰ্মাৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নহয়।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে তেন্তে +91 11 7127 9799-  এই নম্বৰত হোৱাটচ আপ কৰক