সত্যতা নিৰূপণ: ৰাজস্থানৰ পৰিয়ালকেন্দ্ৰিক সংঘৰ্ষৰ ঘটনা এটাক সাম্প্ৰদায়িক ঘটনাৰ ৰূপ দি শ্বেয়াৰ কৰা হৈছে

0 285

কেইজনমান লোকে এজন মানুহক মাৰপিট কৰি থকা এটা বেয়া লগা ভিডিও সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছে। ভাইৰেল হোৱা পোষ্টটোত দাবী কৰা হৈছে, ভিডিওটোৰ ঘটনাৰ স্থান অসমৰ, তাত সংক্যালঘু সম্প্ৰদায়ৰ লোকৰ ওপৰত মূল সূতিৰ লোকে অত্যাচাৰ চলোৱা দেখা গৈছে।

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত পাব। আন এটা পোষ্টৰ লিংক ইয়াত পাব।

 

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰে আৰু পোষ্টটোত কৰা দাবী অসত্য বুলিও নিশ্চিত কৰে।

আমি অনুসন্ধান আৰম্ভ কৰাৰ পাছত ২০২১ চনৰ ২০ ছেপ্তেম্বৰৰ  ৰাজস্থান আৰক্ষীৰ সাহাৰ্য শাখাৰ এটা স্পষ্টীকৰণ পালো। টুইটটোত যোধপুৰ আৰক্ষীক এই সন্দৰ্ভত তথ্য দিয়াৰ লগতে ঘটনা সন্দৰ্ভত ব্যৱস্থা  বাবে আহ্বান জনোৱা হৈছে।

আৰু অধিক অনুসন্ধান কৰাত আমি ২০২১ৰ ২১ ছেপ্তেম্বৰত প্ৰচাৰিত যোধপুৰৰ ডিচিপিৰ এটা প্ৰত্যুত্তৰৰ  টুইট লাভ কৰিলো।  তাত লিখা আছিল “এই সন্দৰ্ভত, মহামন্দিৰ থানাত গোচৰ ৰুজু কৰাৰ লগে লগে তদন্ত আৰম্ভ কৰা হৈছিল, শান্তি প্ৰতিষ্ঠাৰ বাবে 107,151 crpcৰ অধীনত  ১০জনক গ্ৰেপ্তাৰ কৰা হৈছে।”

তাৰ পাছত আমি মূল শব্দ ব্যৱহাৰেৰে অনুসন্ধান কৰিলো আৰু কেইবাটাও বাতৰিত সেই একেটা ঘটনাকে বৰ্ণনা কৰা দেখিলো। ২০২১ৰ ২০ ছেপ্তেম্বৰত প্ৰকাশিত এটা  বাতৰি ত কোৱা হৈছে- “ভাইৰেল ভিডিওটোত যি ঠাইত ঘটনাটো সংঘটিত হৈছিল সেয়া মহামন্দিৰ থানাৰ অন্তৰ্গত খাটিক ক’লনীৰ। ক’লনীটোত পুৱতি নিশা দুটা দলৰ মাজত সংঘৰ্যৰ সৃষ্টি হৈছিল। এই সংঘৰ্ষৰ পাছত এটা দলৰ কেইজনমান যুৱকে পিছদিনা আনটো দলৰ লোকসকলক অস্ত্ৰ-শস্ত্ৰৰে আক্ৰমণ কৰে।” এই বাতৰিটোৰ কতোৱেই সাম্প্ৰদায়িক সংঘৰ্ষৰ কথা উল্লেখ নাছিল।

আমি এই সন্দৰ্ভত আন এটা  বাতৰি লাভ কৰিলো। তাত কোৱা হৈছে-সংঘৰ্ষত লিপ্ত হোৱা দুয়োটা দলেই হিন্দু সম্প্ৰদায়ৰ আৰু দুয়োটা দলৰ লোকেই সম্পৰ্কীয়।  দুয়োটা দলেই একেটা কলনীত বাস কৰে। ঘটনাৰ আগনিশা জাগৰণৰ বাবে অভিযুক্ত পৰিয়ালটোৱে আনটো দলৰ পৰিয়ালক নিমন্ত্ৰণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ বাবেই দুয়ো দলৰ মাজত কথা কটাকটি আৰু পাছত সংঘৰ্ষৰ সূত্ৰপাত হয়।”  বাতৰিটো ২০২১ৰ ২১ ছেপ্তেম্বৰত প্ৰকাশ হৈছিল।

একে ধৰণৰ আন এটা ভিডিও  টুইটাৰত আপলোড কৰি যোধপুৰ আৰক্ষীয়ে কৈছিল- এই ঘটনাটোৰ সৈতে কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ প্ৰসংগ জড়িত নাই, এয়া দুটা পৰিয়ালৰ মাজৰ সমস্যা, এই সন্দৰ্ভত মহামন্দিৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, আৰু  অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ বাবে 107,151 crpcৰ অধীনত  ১০জনক গ্ৰেপ্তাৰ কৰা হৈছে।”

এইবোৰ তথ্যৰ পৰা এয়া স্পষ্ট হল যে ভিডিওটো পাৰিবাৰিক সংঘৰ্ষৰহে, ইয়াক সাম্প্ৰদায়িক ৰং সানি ভুৱা দাবীৰে ভাইৰেল কৰা হৈছে।