সত্যতা নিৰূপনঃ দক্ষিণ আফ্ৰিকাৰ এখন ব্যক্তিগত প্ৰমোদ অৰণ্যৰ ভিডিওকেই অসমৰ কৰিমগঞ্জ জিলাত সিংহ ওলোৱাৰ ভিডিও বুলি প্ৰচাৰ কৰা হৈছে

0 863

সিংহ এটাৰ ভিডিও শেহতীয়াকৈ সামাজিক মাধ্যমত বহুল প্ৰচচাৰ হৈছে। দাবী কৰা হৈছে সিংহৰ এই ভিডিওটো অসমৰ কৰিমগঞ্জ জিলাৰ।

ভিডিওটোৰ কেপচনত আছে-  কৰিমগঞ্জ জিলাৰ কলকলিৰ বিলবাৰি ঘাটত সিংহৰ বিচৰণ। দেখা গৈছে আমাৰ কাষৰ গাঁৱতেই।

ওপৰৰ  ভিডিওটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো উলিয়াই ৰাছিয়াৰ চাৰ্ছ ইঞ্জিন য়াণ্ডেক্স (Yandex)ত অনুসন্ধান কৰাত আমি ছাবি ছাবি ৰিজাৰ্ভ (SabiSabiReserve)নামৰ ইউটিউব চেনেলত ২০২০ৰ ২৭ অক্টোৱৰত প্ৰচাৰ কৰা ভিডিওটোৰ পূৰ্ণ দৈৰ্ঘৰ ভিডিওটো লাভ কৰিলো।   

ভিডিওটোৰ বিৱৰণিত আছে- অন্ধকাৰত.. নৱাছউইছাকাৰ মতা সিংহ এটাই গহীন খোজেৰে চৌপাষৰ পৰিবেশ নিৰীক্ষণ কৰিছে। মেট টেম্পাৰ্লীৰ সৌজন্যত ভিডিো প্ৰচাৰিত।

আমি জানিবলৈ পালো যে ছাবি ছাবি ৰিজাৰ্ভ (Sabi Sabi Reserve ) খন দক্ষিণ আফ্ৰিকাৰ কুংগেৰ ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ এখন ব্যক্তিগত প্ৰমোদ অৰণ্য।

ইয়াৰোপৰি, কৰিমগঞ্জ জিলাত সিংহ ওলোৱাৰ কোনো বাতৰি আমি লাভ নকৰিলো। গতিকে ভাইৰেল পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হল।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।