সত্যতা নিৰূপনঃ তিনি বছৰ পুৰণি ফটো এখন ভুৱাকৈ কানাডাৰ প্ৰতিষেধক বিৰোধী প্ৰতিবাদৰ ফটো বুলি দাবী কৰা হৈছে

0 337

এমাহৰো অধিক কাল ধৰি কানাডাত কোভিড ১৯ (COVID-19)ৰ প্ৰতিষেধকৰ বিৰুদ্ধে ট্ৰাকচালকসকলৰ প্ৰতিবাদ অব্যাহত আছে, যাক ফ্ৰীডম কনভয় বুলি অভিহিত কৰা হৈছে। এনে সময়তে সামাজিক মাধ্যমত ফ্ৰীডম কনভয়ৰ বুলি দাবী কৰা এখন ফটো ভাইৰেল হৈছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ফটোখনৰ সৈতে লিখিছে- “কনভয়ক গুৰুত্ব নিদিয়া মূলসূতিৰ সংবাদমাধ্যমলৈ প্ৰচণ্ড সকীয়নি। ৰাজপথত কনভয়ৰ প্ৰতিবাদী সমদল আগবঢ়াৰ সময়ত ট্ৰেফিক কেমেৰাসমূহ অফ বা বন্ধ কৰি থোৱা নগৰ-মহানগৰসমূহলৈও প্ৰচণ্ড সকীয়নি।অট্টোৱাত কনভয়ৰ সমদল আগবঢ়াৰ সময়ত নিজৰ শোৱনি কোঠাত লুকাই থকা জাষ্টিন ট্ৰুডিউলৈ প্ৰচণ্ড সকীয়নি।কনভয়ৰ মূল ফেচবুক পেজ ডিলিটকৰা সকললৈ প্ৰচণ্ড সকীয়নি। কনভয়ৰ প্ৰতিবাদীসকললৈ অৰ্থ সাহায্য বন্ধ কৰা গ’ফাণ্ডমী (GoFundMe)লৈ প্ৰচণ্ড সকীয়নি। আপোনালোক সকলোকে দেখুৱাই দিলে কনভয়ৰ গুৰুত্ব কিমান।”

সত্যতা নিৰূপন    

নিউজ মোবাইলে ভাইৰেল ফটোখনৰ সন্দৰ্ভত অনুসন্ধান কৰি এয়া কানাডাৰ শেহতীয়াকৈ হোৱা ট্ৰাকচালকৰ প্ৰতিবাদ নহয় বুলি প্ৰতিপন্ন কৰে।

ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ সহায়ত অনুসন্ধান কৰাত আমি চিটিচি নিউজত ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত প্ৰচাৰিত এটা বাতৰিত এই ফটোখন দেখা পালো। বাতৰিটোৰ শিৰোনামত আছিল- “পাইপলাইনৰ অগ্ৰগতি বন্ধ হোৱাৰ প্ৰতিবাদত অট্টোৱাত ট্ৰাকচালকসকলৰ প্ৰতিবাদ।”

বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি “একত্ৰিতভাবে আমি আগবাঢ়িম” শীৰ্ষক কানাডাৰ ট্ৰাকচালকৰ এই সমদল কানাডা চৰকাৰৰ ২০১৯ চনৰ শক্তি নীতিৰ বিৰুদ্ধে অট্টোৱাত প্ৰতিবাদ সাব্যস্ত কৰিছিল।

সেয়ে এয়া স্পষ্ট হ’ল পাৰি যে তিনি বছৰ পুৰণি ফটো এখনকেই কানাডাৰ শেহতীয়া প্ৰতিষেধক বিৰোধী প্ৰতিবাদৰ ফটো বুলি অপ-প্ৰচাৰ চলোৱা হৈছে। , it

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক