সত্যতা নিৰূপণ: ভাইৰেল হোৱা এই ফটোখনত ফ্ৰাঞ্চত লকডাউন বিৰোধী প্ৰতিবাদৰ দৃশ্য দেখোৱা নাই

0 190

ফেচবুকত এটা দৃশ্য ভাইৰেল হৈছে, এই দৃশ্যটোত একাংশ লোকক প্ৰতিবাদ কৰি থকা দেখা গৈছে। ফটোখন ফ্ৰাঞ্চৰ ৰাইজে লকডাউন বিৰোধী প্ৰতিবাদ কৰি থকা বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

ফটোখনৰ সৈতে থকা কেপচনত লিখা আছে- “ফৰাচীয়ে লকডাউনৰ দমন নীতি নামানে।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব।একেধৰণৰ পোষ্টৰ লিংক  ইয়াতইয়াত, আৰু ইয়াত পাব।

সত্যতা নিৰূপণ

এই সন্দৰ্ভত নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান চলায় আৰু ভুৱা বুলি নিশ্চিত কৰে

আমি ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত ফৰগ’টনথিংক নামৰ ৱেব ছাইটটোত ২৮ নৱেম্বৰ ২০১৮ প্ৰকাশ পোৱা একেখন ফটো দেখিলো। ফটোখনৰ শিৰোনামত লিখা আছিল- “ইন্ধন কৰৰ বিৰোধিতাত পেৰিচত ৰাইজৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰে হোৱা সংঘৰ্ষ।”

এনে ফটো ২০১৮ চনৰ ২৪ নৱেম্বৰত ইংলেণ্ডৰ পৰা প্ৰকাশিত দেইলী মেইলতো প্ৰচাৰ হৈছিল। ফটোৰ সৈতে বাতৰিত লিখা আছে,-“ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি এমানুৱেল মেক্ৰণ আৰু তেঁওৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰ লোক আহি গোট খাইছে।”

বাতৰিটোত প্ৰতিবাদৰ সময়ত ইন্ধন কৰৰ বিৰোধিতাত প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীয়ে ডাঙৰ ডাঙৰ প্লাইউডৰ টুকুৰা, চকী আৰু অন্যান্য আজবাব জ্বলাই দিয়াত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত পানী হিলৈ, কন্দুৱা গেছ প্ৰয়োগ কৰা বুলিও উল্লেখ আছে।

ফ্ৰাঞ্চত ৰাইজে কোভিড ১৯ সন্দৰ্ভত নতুনকৈ বাধ্যবাধকতা   আৰোপ কৰাৰ বিৰুদ্ধে প্ৰতাবাদ কৰাৰ সময়ত ভাইৰেল হোৱা এই ফটোখন ২০১৮ চনৰেই বুলি নিশ্চিত হৈছে।

 

ওপৰৰ তথ্যৰ পৰাই ঠাৱৰ কৰিব পাৰি যে ভাইৰেল হোৱা ফটোখন পুৰণি আৰু ফ্ৰাঞ্চৰ শেহতীয়া প্ৰতিবাদৰ সৈতে কোনো সম্পৰ্ক নাই।

আপোনাৰো যদি কোনো বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচ আপ কৰক