সত্যতা নিৰূপণ: এই ফটোখনত এজন মাৰ্কিন সেনাই কেচুৱা এটা কোচত লৈ থকা দেখোৱা নাই; সত্য জানিবলৈ পঢ়ক

0 363

কাবুল বিমান ঘাটিত ধৰাল তাঁৰৰ মাজেৰে কেচুৱা এটা পাৰ কৰি সৈন্য এজনক দিয়া ভিডওটো সামাজিক মাধ্৯যমত ভাইৰেল হোৱাৰ সময়তে এজন সেনাই কেচুৱা এটা কোচত লৈ থকা ফথটো এখনো ভাইৰেল হৈছে। ফটোখনত মাৰ্কিন সেনাই আফগান কেচুৱা এটা উদ্ধাৰ কৰাৰ দৃশ্য বুলি দাবী কৰা হৈছে।

হে’চবুকত প্ৰচাৰ হোৱা ছবিখনৰ কেপচনত লিখা আছে, “দিনটোৰ ছবি: মাৰ্কিন সেনাই আফগানিস্তানৰ কেচুৱা উদ্ধাৰ কৰিছে। ”

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে। একে ধৰণৰ পোষ্ট ইয়াত, ইয়াত আৰু ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনু,ন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

আমি কেইবাগৰাকীও ব্যৱহাৰকাৰীয়ে একে ধৰণৰ পোষ্টত কমেণ্ট কৰা দেখিলো। একে ধৰণৰ পোষ্ট বোৰত সৈন্যজন ইংলেণ্ডৰহে, আমেৰিকাৰ নহয় বুলি উল্লেখ কৰিছে।

এই তথ্যৰ সহায়ত আমি ৰিভাৰ্ছ ইমেজ চেৰ্ছত ফটোখন দি অনুসন্ধান কৰাত আমি ইংলেণ্ডৰ ৱেবছাইট  দ্য গাৰ্ডিয়ানত এটা বাতৰিৰ সৈতে একেখন ফটো দিয়া দেখিলো বাতৰিৰ শিৰোনামত লিখা আছিল– “আফগানিস্তানে অত্যাবশ্যকীয় সেৱাৰ ক্ষেত্ৰত সংকটৰ সন্মুখীন হ’ব: ৰাষ্ট্ৰসংঘৰ সকীয়নি।”

ফটোখনৰ কেপচনত লিখা আছিল, “ইংলেণ্ডৰ এজন সৈন্যই কাবুল বিমান বন্দৰত এটি কেচুৱা কোলাত লৈ আছে। ফটো: স্কাই নিউজ।”

ফটোখন ইংলেণ্ডৰ স্কাই নিউজৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। আমি ফটোখন স্কাই নিউজৰ ৱেবছাইটতো পালো। “আফগানিস্তান: কাবুল বিমান বন্দৰত বৃটিছ বাহিনী আৰু তালিবানৰ ফটো”, বাতৰিটোৰ শিৰোনামত লিখা আছিল।

বাতৰিটোত প্ৰকাশ পোৱা মতে ফটোখন স্কাই নিউজৰ কেমেৰা পাৰ্ছন ট’বী নাছে কাবুল বিমান বন্দৰত দৃশ্যগ্ৰহণ কৰা ইউকেএফ ছিকুৱেন্সৰ পৰা লোৱা।

পাছত, স্কাই নিউজৰ এটা দলে ফটোত থকা বৃটিছ সেনাৰ কৰ্ণেলজনক লগ কৰিলে। তেওঁ সেই বিশেষ সময়খিনিৰ ঘটনে বৰ্ণনা কৰি ক’লে-  “কেচুৱাটোক ধৰাল তাঁৰৰ মাজেৰে পাৰ কৰি লৈ অনা হৈছিল। প্ৰথম কেচুৱাটো, তাৰ পাছত মাক আৰু শেষত দেউতাক পাৰ হৈছিল; তেওঁলোকে নিজে নিজেই পাৰ হৈ আহিছিল।”

ওপৰৰ তথ্যৰ পৰা স্পষ্ট হ’ল যে ভাইৰেল হোৱা ফটোখন মাৰ্কিন সেনাৰ নহয়, ইংলেণ্ডৰ সেনাৰহে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9এই নম্বৰত হোৱাটচ আপ কৰক।