সত্যতা নিৰূপণ: ছাত্ৰ এগৰাকীয়ে নামাজ পঢ়া ভাইৰেল ভিডিওটো অসমৰ, ঝাৰখণ্ডৰ নহয়

0 571

এদল ছাত্ৰৰ মাজৰ এজন ছাত্ৰই আজান দি থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। তাৰ সৈতে থকা কেপচনত কোৱা হৈছে যে এয়া ঝাৰখণ্ডৰ মুছলমান অধ্যুষিত অঞ্চল এটাৰ বিদ্যালয়ৰ দৃশ্য, ইয়াত শিক্ষাৰ্থীসকলক আজান দিবলৈ জোৰকৈ কোৱা বা বাধ্য কৰোৱা হয়।  

কেপচনত আছে-  “ঝাৰখণ্ডৰ ৭৫ শতাংশ মুছলমান অধ্যুষিত গাওঁ এখনৰ বিদ্যালয়ত হিন্দু শিক্ষাৰ্থীকো আল্লাৰ গুণ গৰিমা গাবলৈ বাধ্য কৰোৱা হয় তালিবানী ইছলামিক ৰাজ্য আহিছে নেকি ?????” 

ওপৰৰ পোষ্টটোৰ লিংক  ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

মূল শব্দ প্ৰয়োগ কৰি ইণ্টাৰনেটত অনুসন্ধান কৰাত নিউজ অনলি নিউজ নামৰ এটা স্থানীয় চেনেলত ২০২২ৰ ৪ জুনত প্ৰচাৰিত বাতৰি এটাত একেটা ভিডিও লাভ কৰিলো। তাৰ সৈতে শিৰোনামত আছে-  “অসমৰ মৰিয়নিৰ জ্ঞান বিকাশ প্ৰাথমিক বিদ্যালয়ত আজান দিয়াৰ অনুশীলন।

আমি একেটা ভিডিও ২০২২ৰ ৬ জুনত নিউজ 18 অসম নৰ্থইষ্টতো দেখিলো। তাত এই ভিডিওটো গুমোত্সবৰ সময়ত এজন শিক্ষাৰ্থীয়ে আজান দিয়াৰ সময়ৰ বুলি উল্লেখ আছে। বাতৰিটোত উল্লেখ কৰা অনুসৰি অসমৰ শিক্ষা বিভাগে বিদ্যালয়খনৰ প্ৰধান শিক্ষকক এই ঘটনাৰ বাবে কাৰণ দৰ্শোৱা জাননী দিছে।

ইয়াৰ দ্বাৰাই প্ৰমাণ হয়, ভাইৰেল ভিডিওটো ঝাৰখণ্ডৰ নহয়, অসমৰহে।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।