সত্যতা নিৰূপণ : সতীস্তা শীতলাৱাড়ে আৰক্ষীৰ গালৈ খু পেলোৱা নাছিল ভিডিওটোৰ সত্যতা জানিবলৈ পঢ়ক

0 651

এগৰাকী মহিলাক আৰক্ষীয়ে আটক কৰি নিয়াৰ সময়ত আৰক্ষীৰ গালৈ থু পেলোৱাৰ এটা ভিডিও সামাজিক মাধ্যমত বহুল ভাবে প্ৰচাৰ হৈছে।  ভিডিওটোত দাবী কৰা হৈছে যে থুওৱা মহিলাগৰাকী সামাজিক অধিকাৰ কৰ্মী তথা সাংবাদিক তীস্তা শীতলাৱাড়ৰ।

ভিডিওটোৰ সৈতে কেপচনত আছে-এয়া দেশৰ স্বেচ্ছাসেৱিকা তীস্তা শীতলাৱাড়। কিমান শালীন, কিমান সৌম্য! আনহাতে আমাৰ মহিলা আৰক্ষীৰ সহনশীলতাৰ উদাহৰণ। ভাৰতীয় আৰক্ষী গৌৰবৰ যোগ্য।

ওপৰৰ পোষ্টটোৰ লিক  ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি এই পোষ্টটোৰ দাবী ভুৱা বুলি প্ৰতিপন্ন কৰিছে।  

 ভিডিওটোৰ কী ফ্ৰেমৰ ফটো লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ইণ্ডিয়া টুডে’ত ২০২২ৰ ২১ জুনত প্ৰকাশিত এটা বাতৰিত ভাইৰেল ভিডিওটো দেখা পালো। সেইটোৰ সৈতে বিৱৰণিত লিখা আছিল-   এনফ’ৰ্চমেণ্ট ডাইৰেক্ট’ৰেটে নেচনেল হেৰাল্ড কাকতৰ গোচৰ সন্দৰ্ভত চলোৱা জেৰাৰ বিৰোধিতাত মঙলবাৰে কংগ্ৰেছে উলিওৱা প্ৰতিবাদী সমদলৰ সময়ত মহিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নেট্টা ডিচ’জাক আৰক্ষীয়ে আটক কৰাৰ সময়ত নেত্ৰীগৰাকীয়ে কেমেৰাৰ সন্মুখতে সুৰক্ষাকৰ্মীৰ গালৈ থুৱাইছে।

সংবাদ প্ৰতি,্ঠান এএনআই-য়েও ২০২২ৰ ২১ জুনত টুইটযোগে একেটা ভিডিও প্ৰচাৰ কৰিছে। তাৰ কেপচনত লিখিছে-    “এনফ’ৰ্চমেণ্ট ডাইৰেক্ট’ৰেটে নেচনেল হেৰাল্ড কাকতৰ গোচৰ সন্দৰ্ভত চলোৱা জেৰাৰ বিৰোধিতাত মঙলবাৰে দিল্লীত কংগ্ৰেছে  প্ৰতিবাদ সাব্যস্ত কৰে। এই সময়তে মহিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নেট্টা ডিচ’জাক আৰক্ষীয়ে আটক কৰাৰ সময়ত নেত্ৰীগৰাকীয়ে কেমেৰাৰ সন্মুখতে সুৰক্ষাকৰ্মীৰ গালৈ থুৱাইছে।

ইয়াৰ দ্বাৰাই স্পষ্ট হয় যে ভাইৰেল ভিডিওটো তীস্তা শীতলাৱাড়ৰ নহয়, মহিলা কংগ্ৰেছৰ অধ্যক্ষ নেট্টা ডিচ’জাৰহে। সেয়ে ভাইৰে হোৱা দাবী সত্য নহয়।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।