সত্যতা নিৰূপণ: ৰাছিয়াৰ শিল্পীয়ে সজোৱা মাৰ্কিন ডলাৰৰ পৰিৱৰ্তিত আকৃতিৰ ভিডিওকেই ভুৱা দাবীৰে ভাইৰেল কৰা হৈছে

0 387

লিপিট খাই থকা তৰোৱাল আৰু কংক্ৰিটৰ সমাধিসদৃস ঘৰ খোদিত কৰা ১৯২১ চনৰ মাৰ্কিন মুদ্ৰাৰ আকাৰৰ এটা শিল্প কলাৰ ৩০ ছেকেণ্ডৰ ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। মুদ্ৰাটোৰ এটা ফালে আমি এজন ৰাজ বিযয়া আৰু এগৰাকী লিগিৰী আৰু সিটো ফালে সমাধিসদৃস ঘৰ এটা খুলিবলৈ তৰোৱাল সদৃস এপাত ছাবি দেখা গৈছে। বহু ব্যৱহাৰকাৰীয়ে দাবী কৰিছে সমাধিসদৃস গুপ্ত ঘৰটোসহ এইটো ১০২১ চনৰ পৰা প্ৰচলিত মাৰ্কিন মুদ্ৰা।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল ভিডিওটো কেপচনসহ  পোষ্ট কৰি লিখিছে- সমাধিসদৃস গুপ্ত ঘৰটোসহ এইটো ১০২১ চনৰ পৰা প্ৰচলিত মাৰ্কিন মুদ্ৰা। 

এই পোষ্টটো ইয়াত  চাব পাৰিব।

টুইটাৰতো ভিডিওটো সমানেই ভাইৰেল হৈছে। 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই  ভাইৰেল ভিডিও সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

আমি দেখিলো যে টুইটাৰৰ কমেণ্টত একাংশই এই ভিডিওটো ৰাছিয়াৰ এগৰাকী মুদ্ৰা নিৰ্মাতা ৰোমান ৰুটীনে নিৰ্মান কৰা।

এটা বিশেষ টুইট  @fakehistoryhunt.( @ফেকহিষ্টৰিহাণ্ট) শীৰ্ষক প্ৰফাইল এটালৈ আমাৰ চকু পৰিল। ব্যৱহাৰকাৰীয়ে উল্লেখ কৰিছে যে যদিও মুদ্ৰাটো ১০২১ চনৰ, কিন্তু ইয়াৰ চিত্ৰণ আৰু প্ৰকাশ ২০১৮ চনতে ৰাছিয়াৰ শিল্পী ৰোমান বুটিনে কৰিছিল। ব্যৱহাৰকাৰীজনে আনকি ফেচবুকত ভিডিওটোৰ লিংকো সংলগ্ন কৰিছে।

টুইটটোত দিয়া লিংকত ক্লিক কৰি অনুসন্ধান কৰাত আমি ২০১৮ৰ ২০ অক্টোৱৰত শিল্ৰীজনে নিজেই প্ৰচাৰ কৰা এটা ফেচবুক পোষ্ট  দেখিলো। তৈৰ কেপচনত আছে- এতিয়া কোনো সামগ্ৰী নোহোৱাকৈ আঙুলিৰে তৰোৱাল উলিয়াব পৰা যাব। পোষ্টটোৰ ভিডিওৰ সৈতে ভাইৰেল ভিডিওটোৰ হুবহু মিল আছে।

সেয়ে আমি মূল শব্দ ব্যৱহাৰ কৰি শিল্পীজনৰ বিষয়ে অনুসন্ধান কৰিলো।  আমাৰ অনুসন্ধানৰ ফলত আমি ৰোমান বুটিন ৰ ৱেবছাইটতো দেখা পালো। ৱেবছাইটোৰ পৰিচিতি শিতানত আছে-ৰাছিয়াৰ বাসিন্দা, উদীয়মান শিল্পী ৰোমান বুটিনে নিকেলত সৃষ্টি কৰা শিল্পত ৰহস্যঘন উদ্ভাৱনী ক্ষমতা অক্ষুন্ন ৰাখে। তেওঁৰ কৰ্মত পপ সংস্কৃতিক চৰিত্ৰসমূহ ফুটি উঠে, বেছিভাগ ক্ষেত্ৰতেই মুখাৱয়ব থকা চিত্ৰ অংকিত কৰি সেইবোৰক জীৱন্ত ৰূপত প্ৰতিফলিত কৰে।

ৱেবছাইটত থকা ইনষ্টাগ্ৰাম হেণ্ডেল চোৱাত সেইটো বুটিনৰ নিজা ইনষ্টাগ্ৰাম প্ৰফাইল দেখিলো। তাতো ২০২০ৰ ২৩ ছেপ্তেম্বৰত একেটা ভিডিও আপলোড কৰা আছিল।

 

View this post on Instagram

 

A post shared by Roman (@romanbooteen)

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০১৯ চনৰ ১০ এপ্ৰিলত প্ৰচাৰিত এটা ইউটিউব চেনেলত ভিডিো লাভ কৰিলো, তাত লিখা আছে- মুদ্ৰাৰ ভিতৰতো আছে ভূগৰ্ভস্থিত ঘৰ আৰু গুপ্ত সৰঞ্জাম সোমাই থাকে।   আৰ্ট ইনছাইডাৰ (Art Insider) নামৰ এটা পেজত ইয়াক পোষ্ট কৰা হৈছিল। ভিডিওটোৰ বিৱৰণিত লিখা আছে- এই শিল্পীজনে এটা মুদ্ৰাকো শিল্পকলালৈ ৰূপান্তৰ কৰিব পাৰে। ৰোমান বুটিন নামৰ শিল্পীজনে মাৰ্কিন মোৰ্গান ডলাৰৰ মুদ্ৰাকো সম্পূৰ্ণ কলাসন্মত শিল্পকৰ্মলৈ ৰূপান্তৰিত কৰিব পাৰে।

ভিডিওটোৰ ০০.৩৮-০০.৪৮ মিনিটৰ ভিতৰৰ ভিডিও ভাইৰেল ভিডিওটোৰ অংশ আৰু ই শেহতীয়াকৈ উলিওৱা মুদ্ৰা নহয়, ১৯২১চনৰেই মুদ্ৰা।  

এই অনুসন্ধানৰ ওপৰত ভিত্তি কৰিয়েই কব পাৰি যে ১ ডলাৰৰ মুদ্ৰাৰ এই ভিডিওটো ১৯২১চনৰেই, সেয়ে ভাইৰেল পোষ্টটোৰ দাবী বিভ্ৰান্তিকৰ।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।