সত্যতা নিৰূপণ: ৰাহুল গান্ধীয়ে নেহৰুৰ চিঠিৰ উদ্ধৃতি দিছিল, ভাইৰেল ভিডিও ক্লিপটো বিভ্ৰান্তিকৰ

0 438

ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ সৈতে কথা পতা বুলি প্ৰকাশ কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ৪২ ছেকেণ্ডৰ এই ভিডিও ক্লিপটোত ৰাহুল গান্ধীয়ে কোৱা শুনা গৈছে-“…এই বিষয় সন্দৰ্ভত মই গান্ধীজীৰ সৈতে আলোচনা কৰোঁ। মোৰ সম্গ্ৰ মানসিকতাই কৈছিল যে এই বিষয়ত গান্ধীজীৰ মত ভুল আৰু মই শুদ্ধ। কিন্তু মই জানো যে তেওঁ শুদ্ধ আৰু মই ভুল আছিলো।

বহুকেইগৰাকী ব্যৱহাৰকাৰীয়ে এই ভিডিওটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে—এখেতে গান্ধীজীৰ সৈতে মুখামুখিকৈ কথা পাতিছে! ১৫ আগষ্টত ভাঙৰ দোকান কিয় বন্ধ কৰিব লাগে?

পোষ্টটো ইয়াত চাব পাৰিব।.

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি দ্য ইকনমিকছ টাইমছত ২০২২ৰ ১২ মাৰ্চত প্ৰচাৰিত এটা ভিডিও লাভ কৰিলো। ভিডিওটোৰ শিৰোনামত আছিল-নিৰ্বাচনৰ ফলাফল নোলোৱালৈ হাৰ নামানিবঃ ডিচেম্বৰত অনুষ্ঠিত হোৱা গুজৰাট নিৰ্বাচন সন্দৰ্ভত ৰাহুল গান্ধী’.

এই ভিডিওটোত ভাইৰেল ভিডিওটো স্পষ্টকৈ দেখা নাপালো যদিও তাৰ মঞ্চৰ পাছফালৰ দৃশ্য আৰু পডিয়াম ভাইৰেল ভিডিওটোত থকাৰ দৰেই আছিল।

আৰু ভিডিওটোৰ ওপৰৰ পালে কোণত ভিডিওৰ সৌজন্যত লিখা আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ইউটিউব চেনেল বুলি। তাৰ বিৱৰণিত আছে-আগন্তুক বিধান সভা নিৰ্বাচনৰ ৰণ কৌশল প্ৰস্তুত কৰাৰ বাবে কংগ্ৰছৰ গুজৰাট শাখাৰ তিনিদিনীয়া শিবিৰ- চিন্তন বৈঠক।  

গুগুলত মূল শব্দ প্ৰয়োগ কৰি অনুসন্ধান কৰাত ২০২২ৰ ২৬ ফেব্ৰুৱাৰীত প্ৰচাৰ কৰা এটা ভিডিও লাভ কৰিলো।  তাৰ শিৰোনামত লিখা আছে- গুজৰাটৰ দ্বাৰকাৰ চিন্তন বৈঠকত ৰাহুল গান্ধীৰ ভাষণ। ভিডিওটো  ভাৰতীয় জাতীয় কংগ্ৰেছ  ৰ ইউটিউব চেনেলত প্ৰচাৰ হৈছে।

ভিডিওটোৰ  30:00 মিনিটত ভাইৰেল ভিডিওত থকা কথা খিনি ৰাহুল গান্ধীয়ে কোৱা শুনা যায়। তাৰ কিছু সময় পূৰ্বে কৈছে- গান্ধীজী আৰু অইন নেতাৰ মাজত বৰ ডাঙৰ প্ৰাৰ্থক্য আছে। মোৰ আজোককায়ো গান্ধীজীৰ সৈতে কাম কৰিছিল। মই এবাৰ তেওঁ কাৰোবালৈ লিখা এখন চিঠিত গান্ধীজীৰ বিষয়ে মন্তব্য দিয়া পঢ়িছিলো। চিঠিখনত নেহৰুজীয়ে লিখিছে- এই বিষয় সন্দৰ্ভত মই গান্ধীজীৰ সৈতে আলোচনা কৰোঁ। মোৰ সম্গ্ৰ মানসিকতাই কৈছিল যে এই বিষয়ত গান্ধীজীৰ মত ভুল আৰু মই শুদ্ধ। কিন্তু মই জানো যে তেওঁ শুদ্ধ আৰু মই ভুল আছিলো।

ভাইৰেল ভিডিওটোৰ ৩০.০০-৩০.৪৮ৰ ভিতৰৰ ভিডিওখিনিৰ কী ফ্ৰেম মূল ভিডিওটোৰ সৈতে সম্পূৰ্ণ মিল আছে, অৰ্থাত্ ৫৯ মিনিটৰ মূল ভিডিওটো সম্পাদনা কৰা হৈছিল।ৰাহুল গান্ধীয়ে তেওঁৰ আজোককাকৰ চিঠিৰ কথাহে কৈছিল, য  তেওঁ মহাত্মা গান্ধীৰ সন্দৰ্ভত মন্তব্য কৰিছিল। কিন্তু ভিডিওটো এনেদৰে সম্পাদনা কৰা হৈছিল যে দেখিলে মানুহৰ মন বিভ্ৰান্ত হৈ যায়।

সেয়ে এয়া স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিওটোত দাবী কৰাৰ দৰে ৰাহুল গান্ধীয়ে মহাত্ম গান্ধীৰ সৈতে কথা পতা বুলি কৰা দাবী ভুৱা, বিভ্ৰান্তিকৰ।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।