সত্যতা নিৰূপনঃ ৰাণা আয়ুবৰ পুৰণি ভিডিও এটা শেহতীয়া ধন কেলেংকাৰীৰ ঘটনাৰ সৈতে সাহোৰা হৈছে

0 290

২০২২ৰ ১০ ফেব্ৰুৱাৰীত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট(ইডি)য়ে ধন সাংবাদিক ৰাণা আয়ুবৰ ১.৭৭ কোটি টকা কেলেংকাৰীত জড়িত বুলি ঘোষণা কৰে। এনে সময়তে এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।ভিডিওটোত ৰাণা আয়ুব এক থানাৰ পৰা বাহিৰলৈ ওলাই যোৱা দেখা গৈছে, দাবী কৰা হৈছে যে তেওঁক আৰক্ষীৰ জিম্মাত লোৱা হৈছে।

এজন  ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো শ্বেয়াৰ কৰি হিন্দীতে কেপচন লিখিছে- “বিদেশত থাকি সাংবাদিকতাৰ নামত দেশত ভুৱা বাতৰিৰে হিংসা বঢ়োৱা, টকাৰ পাহাৰ গঢ়া ৰাণা আয়ুবক ১.৭৭ কোটি টকাৰ কেলেংকাৰীৰ বাবে আটক কৰা হৈছে।”

ভিডিওটো ফেচবুক আৰু টুইটাৰত একেই দাবীৰে ভাইৰেল হৈছে।

সত্যতা নিৰূপন    

নিউজ মোবাইলে ভাইৰেল ভিডিওটোৰ সন্দৰ্ভত অনুসন্ধান কৰি এই দাবী অমূলক বুলি প্ৰতিপন্ন কৰে।

মূল শবদ ব্যৱহাৰ কৰি অনুসন্ধান কৰাত আমি একেটা ভিডিও পাঞ্জাব কেশৰী ইউপিত দেখা পালো।ভিডিওটো ২০২১ৰ ৩ জুলাইত ইউটিউবত আপলোড কৰা হৈছিল। ভিডিওটোৰ বিৱৰণিত লিখা আছে-  “জ্যেষ্ট লোক এজনক দুৰ্বযৱহাৰৰ অভিযোগত সাংবাদিক ৰাণা আয়ুবে আৰক্ষীক জবানবন্দী দি ওলাই আহিছে, দুঘণ্টা ধৰি চলিছিল জেৰা।”

দ্য নিউজ মাইনুট আৰু ইণ্ডিয়া টুডে’তো ২০২১ৰ জুনত এই সন্দৰ্ভত বাতৰি প্ৰচাৰ হৈছিল। বাতৰিত প্ৰকাশ পোৱা অনুসৰি সাংবাদিক ৰাণা আয়ুবক উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এগৰাকী মুছলমান লোকৰ ভাইৰেল ভিডিওৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।ভিডিওটোত গাজিয়াবাদৰ লোনি অঞ্চলত আয়ুবে মুছলমান লোকজনক শাৰীৰিক ভাবে আক্ৰমণ কৰা হৈছিল।

এই গোচৰ সন্দৰ্ভত গাজিয়াবাদ আৰক্ষীয়ে ৰাণা আয়ুবসহ ৯জন অভিযুক্তলৈ জাননী প্ৰেৰণ কৰিছিল। আয়ুবে ২০২১ৰ ২ জুলাইত লোনি সীমান্ত থানাত তেওঁৰ ভিডিও জবানবন্দী প্ৰদান কৰিছিল।

ইয়াৰ পৰাই ক’ব পাৰি যে পুৰণি ভিডিও এটাকেই শেহতীয়া ঘটনাৰ বুলি দাবী কৰি প্ৰচাৰ কৰি হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক