সত্যতা নিৰূপণ: প্ৰধানমন্ত্ৰী মোদীয়ে কেদাৰনাথ মন্দিৰৰ সন্মুখত যোগাসন কৰিছে? সত্যতা জানিবলৈ পঢ়ক

0 641

এজন মানুহে কেদাৰনাথ মন্দিৰৰ চৌপাষে হাতেৰে পৰিক্ৰম কৰাৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে পৰিক্ৰমা কৰা লোকজন যুব অবস্থাৰ, অৰ্থাত্ ২৬ বছৰ বয়সৰ প্ৰধানমন্ত্ৰী মোদীৰ। 

ফেচবুকত প্ৰচাৰ কৰা ভিডিওটোৰ সৈতে থকা কেপচনত আছে-  “২৬ বছৰ বয়সত মোদীজীয়ে কেদাৰনাথ মন্দিৰৰ পৰিক্ৰমা কৰিছিল। আপুনি এনে কোনো ভক্ত দেখিছেনে, যাৰ সম্পূৰ্ণ ভক্তি কেৱল ৰা,্ট্ৰ সেৱাৰ বাবেই উত্সৰ্গীকৃত।

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে। 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ইনভিড টুল ব্যৱহাৰ কৰি ভিডিওটোৰ কী ফ্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিলো। আমাৰ অনুসন্ধানত আমি ২০২১ চনৰ ২১ জুনত ইটিভি ভাৰতত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো। বাতৰিটোত একেটা ভিডিও প্ৰচাৰ কৰাৰ লগতে শিৰোনামত লিখা আছে-: “এজন পুৰোহিতে কেদাৰনাথ মন্দিৰ হাতেৰ পৰিক্ৰমা কৰিছে, তাৰ কাৰণ কি জানিবলৈ চাওক। বাতৰিটোৰ কতোৱেই প্ৰধানমন্ত্ৰী মোদী সম্পৰ্কীয় কোনো কথাই লিখা নাছিল।

আমি তাৰ পাছত ইটিভি ভাৰতৰ ভিডিওটোৰ সৈতে ভাইৰেল ভিডিওটো ৰিজাই চোৱাত দুয়োটাৰ মাজত বহু সাদ্স্য দেখা পালো।

ইণ্ডিয়া টিভিতো ২০২১ৰ ২১ জুনত প্ৰচাৰিত এটা বাতৰিত একে ধৰণৰ ভিডিও দেখিলো। তাৰ বিৱৰণিত আছে-কেদাৰনাথ ধামৰ পুৰোহিত সন্তোষ ত্ৰিবেদীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিবস উপলক্ষে ব্যতিক্ৰম ধৰণৰ যোগায়ন প্ৰদৰ্শন কৰিছে।” 

পাছত আমি মূল শব্দ প্ৰয়োগেৰে ইণ্টাৰনেটত অনুসন্ধান কৰিলো, কিন্তু কোনো এটা বাতৰিত ভাইৰেল পোষ্টটোত দাবী কৰা ধৰণে কোনো তথ্য লাভ নকৰিলো। যদি তেনে কোনো ঘটনা সংঘটিত হৈছিল, তেন্তে মূল সূতিৰ সংবাদ মাধ্যমে সেয়া নিশ্চিতভাবে পৰিবেশন কৰিলেহেঁতেন।

ওপৰৰ তথ্যসমূহ বিশ্লেষণ কৰি এয়া স্পষ্ট হয় যে ভাইৰেল পোষ্টটোত কৰা দাবী সত্য নহয়।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।