সত্যতা নিৰূপণ: পাকিস্তানৰ জয়গান গাই শ্লোগান দিয়া পুৰণি ভিডিও এটা শেহতীয়া ভাৰত-পাকিস্তান T20 মেচৰ সময়ৰ ভিডিও বুলি মিছাকৈ দাবী কৰা হৈছে

0 679

সম্প্ৰতি পুৰুষৰ ২০২১ ICC T20 ৱৰ্ল্ড কাপ টুৰ্ণামেণ্ট আৰব আৰু ওমানত অনুষ্ঠিত হৈ আছে। ২৪ অক্টোবৰৰ দিনা ৱৰ্ল্ড কাপৰ খেলত পাকিস্তানে প্ৰথম বাৰলৈ ভাৰতক ১০ উইকেটত জয়ী হয়। ভাৰতৰ এই পৰাজয়ৰ পাছত সামাজিক মাধ্যমত ভাৰতীয় ক্ৰিকেট দলৰ বিৰুদ্ধে বহু পো,্ট ভাইৰেল হৈছে।

এনে সময়তে এগৰাকী মহিলাই পাকিস্তানৰ জয়গান গাই চিঞৰি চিঞৰি ষ্টেডিয়ামৰ পৰা ওলাই অহা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। মানুহে এই ভিডিওটো শেহতীয়া খেলখনৰ সময়ৰ বুলি অভিহিত কৰি মহিলাগৰাকীক গুজৰাটৰ আৰু এগৰাকী “ভাৰতৰ প্ৰকৃত শত্ৰু” বুলি দাবী কৰি মন্তব্য কৰে।

ফেচবুকত প্ৰচাৰ কৰা ভিডিওটোৰ সৈতে হিন্দীতে লিখা কেপচনটোত আছিল- “এই ভিডিওটো ইমান শ্বেয়াৰ কৰক যাতে গুডৰাট, আহমেদাবাদৰ ভাৰতৰ প্ৰকৃত শত্ৰ এইগৰাকী মহিলা ভাৰতলৈ উভতি আহিব নোৱাৰা হয় আৰু পাকুস্তানৰ তেওঁৰ পিতৃৰ ঘৰলৈ গুছি যাবলৈ বাধ্য হয়।”

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে। একেধৰণৰ পোষ্টৰ লিংক  ইয়াতইয়াতইয়াত আৰু  ইয়াত. আছে।

সত্যতানিৰূপণ

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

আমাৰ অনুসন্ধানৰ আৰম্ভনিত ভিডিওটোৰ কী ফ্ৰেম কাটি ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিলো। আমি টাইমচ অৱ ইণ্ডিয়াই ২০১৯ চনৰ ৪ জুলাইত প্ৰচাৰ কৰা এটা টুইট লাভ কৰিলো। টুইটোত ভাইৰেল হোৱা ভিডিওটো দেখা পালো। তাত লিখা “এই ভিডিওটোত আহমেদাবাদৰ এগৰাকী মহিলাই পাকিস্তানৰ সমৰ্থনত আবেগিক হৈ ভাগি পৰিছে।”

টুইটটোৰ সৈতে থকা বাতৰিটোত আছিল-, “ইংলণ্ডৰ আইচিচি ৱৰ্ল্ড কাপত এগৰাকী মহিলাই পাকিস্তানৰ সমৰ্থনত শ্লোগান দিয়া ভিডিওটো সামাজিক মাদ্যমত ভাইৰেল হৈছে। এই মহিলাগৰাকী আহমেদাবাদৰ আটাইতকৈ অধিক সংখ্যালঘু অধ্যুষিত অঞ্চল জুহাপুৰাৰ বুলি প্ৰতাৰ হোৱাৰ পাছত ভিডিওটো বহুল ভাবে চৰ্চিত হৈছে।”

আমি একেটা ভিডিও  ভিডিও ৪ জুলাই ২০১৯ত প্ৰকাশিত এটা বাতৰিত দেখা পালো। বাতৰিটোত আছিল-“ভিডিওটো ভাইৰেল হোৱাৰ পাছত নগৰখনৰ আৰক্ষীৰ অপৰাধ শাখাই মহিলাগৰাকী বা তেওঁৰ পৰিয়ালৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। আন এটা দলে প্ৰবজন বিভাগত অনুসন্ধান আৰম্ভ কৰিছে। অপৰাধ শাখাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই টাইমচ অৱ ইণ্ডিয়াক জনায় যে মহিলাগৰাকী হয়তো আহমেদাবাদৰ, বৰ্তমান ইংলেণ্ডত বাস কৰে।”

আৰু অধিক অনুসন্ধানত আমি পালো যে ইলেণ্ডৰ ৱেলছত ২০১৯ চনৰ ১৪ জুলাইত অনুষ্ঠিত হৈছিল পুৰুষৰ ICC বৰ্ল্ড কাপ।

ওপৰৰ তথ্যৰ পৰা প্ৰমাণ হয়, যে পাকিস্তানৰ সপক্ষে শ্লোগান দিয়া বয়োজ্যেষ্ঠা মহিলাগৰাকীৰ এই ভিডিওটো ২০১৯ চনৰ আৰু ই ICC T20 বৰ্ল্ড কাপৰ শেহতীয়া বাৰত-পাকিস্তানৰ খেলৰ সময়ৰ ভিডিও নহয়।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক