সত্যতা নিৰূপনঃ সমহিলাৰ ওপৰত উত্পীড়ণ চলোৱা পুৰণি ভিডিও এটা ভুৱা দাবীৰে ভাইৰেল হৈছে

0 423

এজন মানুহে এগৰাকী মহিলাৰ ওপৰত উত্পীৰণ চলোৱা ভিডিও এটা সামাজিক মাদ্যমত বহুল প্ৰচাৰ হৈছে, দাবী কৰা হৈছে এই ভিডিওটোত অন্য ধৰ্মৰ ল’ৰাৰ সৈতে বিয়া হ’ব বিচৰাৰ বাবেই আমেৰিকাত বাস কৰা মানুহ এজনে তেওঁৰ ভগ্নীক মাৰপিট কৰিছে।  

ফেচবুকত শ্বেয়াৰ কৰা ভিডিওটোৰ কেপচনত আছে- “আমেৰিকাত এগৰাকী মুছলমান যুবতীক অমুছলমান যুবকৰ সৈতে বিয়া হ’বলৈ বিচৰাৰ বাবে ককায়েকে মাৰপিট কৰিছে।”

ওপৰৰ পোষ্টটোৰ লিংক ইযাত আছে।  (সংবেদনশীল ভিডিও, ভিডিওত থকা নিৰ্দেশনা মানি চাব।)

সত্যতা নিৰূপন

নিউজ মোবাইলে এই ফটোখন  সন্দৰ্ভত অনুসন্ধান কৰে আৰু এই দাবী ভুৱা  বুলি প্ৰতিপন্ন কৰে।

ইন ভিডৰ সহায়েৰে ভিডিওটোৰ কী ফ্ৰেমৰ ফটো উলিয়াই আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰিলো। এই অনুসন্ধানত আমি একেটা ভিডিও ২০২১ৰ ৬ জুলাইত ৰাছিয়াৰ ৱেবছাইট এটাত প্ৰচাৰ হোৱা দেখিলো।

পোষ্টটোত আছে- “ক্ৰাছনোডাৰ(ৰাছিয়াৰ এখন চহৰ)ত এগৰাকী অঘৰী যুবতীয়ে ইউক্ৰেইনৰ লৰাৰ সৈতে পলাই যাব ওলোৱাৰ বাবে যুবতীগৰাকীৰ ওপৰত তেওঁলোকে অত্যাচাৰ চলাইছে। তেওঁলোকে নিজৰেই সম্পৰ্কীয়ক অত্যাচাৰ কৰিছে।  একাংশ বাতৰি মতে তেওঁ অকলে সংস্থাপনহীন পিতৃ আৰু ভাতৃক ভৰণ-পোষণ দিছিল। আৰু তেওঁলোকে সোধে, তেওঁলোকক সকলোৱে কিয় ঘৃণা কৰে…”

আন এটা  ৰাছিয়াৰ ৱেবছাইচৰ ৰ মতে “ক্ৰাছনোডাৰৰ এগৰাকী অঘৰী যুবতীক বেয়াকৈ অত্যাচাৰ কৰাৰ এটা ভিডিও এটী ৱেবত ভাইৰেল হৈছে।  অভিযোগ অনুসৰি যুবতীগৰাকীয়ে ইণ্টাৰনেট যোগে এজন ইউক্ৰেইনৰ যুবকৰ সৈতে চিনাকি হয় আৰু পাছলৈ প্ৰেমৰ সম্পৰ্ক হয়। তেওঁ যুবকজনৰ সৈতে পলাই গৈ বিয়া হ’বলৈ ইচ্ছা কৰিছিল। কিন্তু তেওঁৰ আশা পূৰ নহ’ল।”  এই বাতৰিটো ২০২১ৰ ৫ জুলাইত প্ৰচাৰ হৈছিল।  

একেটা ঘটনাৰ কথা ২০২১ৰ ১৪ জুলাইত আন এটা ৰাছিয়াৰ ৱেবছাইটতো প্ৰকাশ হৈছিল।   “ধন চুৰ কৰাৰ অভিযোগত সম্পৰ্কীয় লোকসকলে তেওঁক ধৰি অত্যাচাৰ চলাইছিল,   her in Belgorod, brought her back home and lynched her because she allegedly stole family money, অবশ্যে এয়া যুবতীগৰাকীয়ে অস্বীকাৰ কৰিছে আৰু ফুটেজত দেখা গৈছে যে তেওঁক নামাৰিবলৈ মানুহকেইজনক অনুৰোধ কৰিছিল।” 

ওপৰৰ তথ্যই প্ৰমাণ কৰে, ভিডিওটো আমেৰিকাৰ নহয়, আৰু ইয়াক ভুল ব্যাখ্যাৰে প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক