সত্যতা নিৰূপণ: কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াৰ পুৰণি ভিডিওকেই তেঁও অংশ লোৱা শেহতীয়া সভাৰ ভিডিও বুলি দাবী কৰা হৈছে

0 390

সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিও, য’ত পথৰ ওপৰত এটা বিশাল জনসমাগম দেখা যায়। ভিডিওটোত দাবী কৰা অনুসৰি জ্যোতিৰাদিত্য সিন্দিয়া মোদী মন্ত্ৰীসভাৰ শেহতীয়া সাল সলনিৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি প্ৰথম বাৰ গোৱালিয়াৰত উপস্থিত হোৱাৰ পাছত বিশাল জনসমাগমে তেঁওক আদৰণি জনায়।

ফেচবুকত প্ৰচাৰ হোৱা এই পোষ্টটোৰ সৈতে লিখা আছে, “ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথম বাৰলৈ গোৱালিয়াৰত উপস্থিত হোৱাত এনেদৰে ঐতিহাসিক স্বাগতম জনোৱা হয়।.”

ওপৰৰ পোষ্ট. টোৰ লিংক ইয়াত আছে। একেধৰণৰ পোষ্ট  ইয়াত. পাব।

সত্যতা নিৰূপণ

এই সন্দৰ্ভত নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান চলায় আৰু ভুৱা বুলি নিশ্চিত কৰে

ভিডিওটোৰ মূল ফ্ৰেম কেইটাৰ ফটো উলিওৱাৰ পাছত ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত ২০২০ চনৰ ছেপ্তেম্বৰত ফেচবুক আৰু  টুইটাৰত  ত আপলোড কৰা আমি একেটা ভিডিও দেখা

পোষ্টসমূহৰ সৈতে থকা কেপচনত লিখা আছে, জ্যোতিৰাদিত্য সিন্দিয়াই মধ্য প্ৰদেশৰ জৌৰা-কালিৰস অঞ্চলত উপস্থিত হোৱাৰ পাছত এনেদৰে স্বাগতম জনোৱা হয়।জৌৰা-কালিৰস মধ্য প্ৰদেশৰ মোৰেনা জিলাৰ অন্তৰ্গত।

<iframe src=”https://www.facebook.com/plugins/video.php?href=https%3A%2F%2Fwww.facebook.com%2F107576554103116%2Fvideos%2F3717073778314448%2F&show_text=0&width=264″ width=”264″ height=”476″ style=”border:none;overflow:hidden” scrolling=”no” frameborder=”0″ allowfullscreen=”true” allow=”autoplay; clipboard-write; encrypted-media; picture-in-picture; web-share” allowFullScreen=”true”></iframe>

জ্যোতিৰাদিত্যৰ সিন্দিয়াৰ লগত জড়িত কেতবোৰ ফেচবুক পেজতো  ২০২০ চনৰ ছেপ্তেম্বৰত জৌৰা অঞ্চলৰ বুলি উল্লেখ কৰা একেটা ভিডিও আপলোদ কৰা দেখিলো।

আমি মূল শব্দবোৰ লৈও অনুসন্ধান কৰাত ২০২০ তনৰ ছেপ্তেম্বৰত প্ৰকাশিত কেইটামান বাতৰি পালো। তাত উল্লেখ আছে “জ্যোতিৰাদিত্যৰ সিন্দিয়াই ২০২০ চনৰ ১২ ছেপ্তেম্বৰত মোৰেনা আৰু তাৰ কাষৰীয়া অঞ্চলসমূহ ভ্ৰমণ কৰে। তেঁওৰ সৈতে আছে, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিবৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ।”

<iframe src=”https://www.facebook.com/plugins/video.php?href=https%3A%2F%2Fwww.facebook.com%2FMaharajkeDiwane%2Fvideos%2F663168614312156%2F&show_text=0&width=264″ width=”264″ height=”476″ style=”border:none;overflow:hidden” scrolling=”no” frameborder=”0″ allowfullscreen=”true” allow=”autoplay; clipboard-write; encrypted-media; picture-in-picture; web-share” allowFullScreen=”true”></iframe>

আৰু অধিক অনুসন্ধনৰ পাছত আমি মধ্যপ্ৰদেশ বিজেপিয়ে ১২ ছেপ্তেম্বৰত  আপলোড কৰা এটা পেচবুক লাইভ পালো। ইয়াতো জ্যোতিৰাদিত্য সিন্দিয়াক একেতা কূৰ্তা পৰিধান কৰা দেখা গৈছে। ভিডিওটোৰ বিৱৰণিত লিখা আছে, “মুখ্যমন্ত্ৰী শিবৰাজ সিং চৌহানে কৈলাৰয় (জৌৰা)ত কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে।”

<iframe src=”https://www.facebook.com/plugins/video.php?href=https%3A%2F%2Fwww.facebook.com%2FBJP4MP%2Fvideos%2F613355105997544%2F&show_text=0&width=560″ width=”560″ height=”315″ style=”border:none;overflow:hidden” scrolling=”no” frameborder=”0″ allowfullscreen=”true” allow=”autoplay; clipboard-write; encrypted-media; picture-in-picture; web-share” allowFullScreen=”true”></iframe>

জ্যোতিৰাদিত্য সিন্দিয়াক কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰীৰ দায়িত্ব দিয়া হয় ২০২১ চনৰ ৭ জুলাইত। আমি কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰাৰ পাছত সিন্দিয়াই গোৱালিয়াৰ ভ্ৰমণ কৰা ভিডিও অনুসন্ধান কৰিলো যদিও তেনে কোনো ভিডিও দেখা নাপালো।

এনেদৰে প্ৰমাণ হল যে এটা পুৰণি ভিডিওকেই  জ্যোতিৰাদিত্য সিন্দিয়াৰ শেহতীয়া ভিডিও বুলি দাবী কৰা হৈছে। সেয়ে পোষ্টটোৰ দাবী ভিত্তিহীন।

আপোনাৰো যদি কোনো বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচ আপ কৰক