সত্যতা নিৰূপণ: ত্ৰিপুৰাৰ প্ৰতিবাদৰ পুৰণি ভিডিও এটা ভুৱা দাবীৰে ‘অগ্নিপথ’ আঁচনিৰ প্ৰতিবাদৰ ঘটনাৰ সৈতে সংযোগ কৰা হৈছে

0 874

এজন মানুহে প্ৰশাসনক ভাবুকি দিয়া আৰু পাছত তেওঁক আৰক্ষীয়ে আটক কৰি নিয়াৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটো অগ্নিপথ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদৰ সৈতে সংলগ্ন কৰা হৈছে।

তাৰ কেপচনত আছে- যিজন অগ্নিবীৰক প্ৰকৃত অগ্নিবীৰে আটক কৰিলে…

ওপৰৰ পোষ্ট.টোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই পোষ্ট সন্দৰ্ভত অনুসন্ধান কৰি এই ভিডিওটো পুৰণি বুলি প্ৰতিপন্ন কৰিছে।  

আমি ভিডিওটোৰ মূল ফ্ৰেমৰ ফটো সংগ্ৰহ কৰি ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিলো। এই অনুসন্ধানত আমি ভিডিওটোৰ পূৰ্ণাংশ লাভ কৰিলো। মূল ভিডিওটো ত্ৰিপুৰা ইনফৱে (TRIPURAINFOWAY TIWN)নামৰ পোৰ্টেলটোৱে ২০২১ৰ ৩ আগষ্টত আপলোড কৰা দেখা পালো। ভিডিওটোৰ শিৰোনামত আছিল- শিক্ষাৰ্থীসকলৰ দ্বাৰা শিক্ষামন্ত্ৰী ৰতনলাল নাথৰ বাসভবন ঘেৰাও

ভিডিওটোৰ বিৱৰণিত লিখা আছিল বৰ্ডৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰা একাংশ শিক্ষাৰ্থীয়ে শিক্ষামন্ত্ৰী ৰতনলালৰ বাসভবন ঘেৰাও কৰে। তেওঁলোকৰ অভিযোগ, পৰীক্ষাত চূড়ান্ত বিসংগতি হৈছে আৰু একাংশ শিক্ষাৰ্থীৰ সৈতে পক্ষপাতিত্ব কৰা হৈছে।TIWN Video Aug 3, 2021″

আৰু অধিক অনুসন্ধানত আমি একেটা চেনেলত আন এটা ভিডিও লাভ কৰিলো, তাত মানুহ এজনক আৰক্ষীয়ে আটক কৰি নিয়া দেখা গৈছে। ভিডিওটোৰ সৈতে থকা শিৰোনামত আছে-ত্ৰিপুৰা বৰ্ড  পৰীক্ষাৰ ফলাফল: আগৰতলাত শিক্ষাৰ্থীক জোৰকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ দৃশ্য।

ওপৰৰ তথ্যৰ পৰাই এয়া স্পষ্ট হয় যে ত্ৰিপুৰাৰ পুৰণি ভিডিও এটাকেই ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো বাতৰি বা বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে তেন্তে +91 11 7127 979l9– এই নম্বৰত হোৱাটচআপ কৰক