সত্যতা নিৰূপণ: অগ্নিকাণ্ডৰ পুৰণি ভিডিও ত্ৰিপুৰাৰ হিংসাত্মক ঘটনাৰ দৃশ্য বুলি প্ৰতিপন্ন কৰিব বিচৰা হৈছে

0 864

ভয়ংকৰ অগ্নিকাণ্ডৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে, নিজৰ লাম লাকাটু লৈ দৌৰা দৌৰি কৰি থকা এই  ভিডিওটো ত্ৰিপুৰাৰ।.

 সংবাদ মাধ্যমত ত প্ৰকাশ হোৱা অনুসৰি, বাংলাদেশত দুৰ্গা পূজাৰ সময়ত হিন্দুসকলৰ ওপৰত চলা অত্যাচাৰৰ প্ৰতিবাদ কল্পে ত্ৰিপুৰাৰ হিন্দু ধৰ্মৱালম্বী লোকসকলে প্ৰতিবাদী সমদল উলিয়াইছিল আৰু এই প্ৰতিবাদী সমদলৰ সময়তে প্ৰতিবাদকাৰীসকলে মুছলমান অধ্যুষিত অঞ্চলত লুটপাত কৰিছিল।

পেচবুকত প্ৰচাৰ হোৱা হিন্দীতে লিখা কেপচনত লিখা আছে- “এয়া পাকিস্তান, বাংলাদেশ, তালিবান নহয়, এয়া ত্ৰিপুৰা, ত্ৰিপুৰা জ্বলিছে, মুছলমানসকলৰ উপাসনাৰ স্থল জ্বলাই দিয়া হৈছে, বিক্ষোভকাৰীসকলৰ সন্মুখত আৰক্ষীও কিংকৰ্তব্য বিমূঢ়, তথাকথিত জাতীয়তাবাদী চৰকাৰে নিৰ্বাচনৰ প্ৰস্তুতি চলাইছে। প্ৰতিপালিত সংবাদ মাধ্যমৰ আত্মাৰ মৃত্যু হৈছে, সাংবাদিক বিক্ৰী হৈছে, সকলো ভৃত্য হৈ গৈছে, সত্যৰ সন্মুখীন হবলৈ ভয় কৰে, সত্য প্ৰকাশ কৰিবলৈ ভয় কৰে।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। একে ধৰণৰ পোষ্ট ইয়াত আছে।

সত্যতানিৰূপণ

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

আমি ভিডিওটো ভালদৰে পৰ্যবেক্ষণ কৰিলো আৰু কমেণ্টত বহু লোকে এয়া ভুৱা ভিডিও বুলি প্ৰকাশ কৰা দেখিলো। একাংশই আকৌ প্ৰকাশ কৰিছে যে যিহেতু ভিডিওটোত লোকসকলে আৰবী ভাষা কৈছে, সেয়ে এয়া ৰহিংগ্যাৰ আশ্ৰয় শিবিৰৰ ঘটনা হব পাৰে।

ইয়াৰ আলমতে আমি আৰু অনুসন্ধান কৰিলো আৰু ২০২১ চনৰ ২৪ মাৰ্চৰ এটা ফেচবুক পোষ্ট দেখিলো। তাত একেটা ভিডিও দেখিলো। ভিডিওটোৰ বিৱৰণিত আছে-   “বাংলাদেশৰ কক্স বজাৰত (বাংলাদেশৰ এখন নগৰ)২৩ মাৰ্চ মঙলবাৰে ৰহিংগ্যাৰ  শিবিৰত সংঘটিত ঘটনা।”

<iframe data-src=”https://www.facebook.com/plugins/video.php?href=https%3A%2F%2Fwww.facebook.com%2F103895741587756%2Fvideos%2F249082293554184%2F&show_text=0&width=357″ width=”357″ height=”476″ style=”border:none;overflow:hidden” scrolling=”no” frameborder=”0″ allowfullscreen=”true” allow=”autoplay; clipboard-write; encrypted-media; picture-in-picture; web-share” allowFullScreen=”true”></iframe>

আমি একেটা ভিডিওৰ দীৰ্ঘ ৰূপ ডিমাপুৰ টুডে’ নামৰ কাকতখনৰ ২৪ মাৰ্চ ২০২১ৰ ৱে’ব পে’জত দেখিলো। তাত প্ৰকাশিত বাতৰি অনুসৰি ভিডিওটো বাংলাদেশৰ কক্স বজাৰৰ।

<iframe src=”https://www.facebook.com/plugins/video.php?href=https%3A%2F%2Fwww.facebook.com%2F103895741587756%2Fvideos%2F249082293554184%2F&show_text=0&width=357″ width=”357″ height=”476″ style=”border:none;overflow:hidden” scrolling=”no” frameborder=”0″ allowfullscreen=”true” allow=”autoplay; clipboard-write; encrypted-media; picture-in-picture; web-share” allowFullScreen=”true”></iframe>

ভাইৰেল আৰু মূল ভিডিওদুটা ৰিজাই চোৱাত দুয়োৰে মাজত বহুকেইটা মিল দেখিলো।

আৰু অধিক অনুসন্ধানত বাংলাদেশৰ ঘটনা বুলি দাবী কৰা একে ধৰণৰ বহুকেইটা ভিডিও দেখা পালো।

যদিও আমি নিজাকৈ এই ভিডিওটোৰ প্ৰকৃত স্থান ক’ত, সেয়া চাব নোৱাৰিলো, কিন্তু যিহেতু ভিডিওটো ইণ্টাৰনেটত ২০২১ৰ মাৰ্চ মাহতে প্ৰচাৰিত হৈছিল, সেয়ে এই ভিডিওত দেখুওৱা দৃশ্য ত্ৰিপুৰাৰ শেহতীয়া ঘটনাৰ নহয় বুলি প্ৰতিপন্ন হয়। সেয়ে এই ভিডিওটোৰ সৈতে কৰা দাবী ভিত্তিহীন বুলি প্ৰমাণ হয়।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক