ডুবাই আৰক্ষীয়ে যোৱা ১৫ আগষ্টত ৭৫ সংখ্যক স্বাধীনতা দিবসত ডুবাই আৰক্ষীয়ে ভাৰতৰ জাতীয় সংগীতৰ সুৰ বজোৱা বুলি দাবী কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।
ভিডিওটোৰ সৈতে থকা কেপচনত লিখা আছে, “ভাৰতৰ স্বাধীনতা দিবস ২০২১…ডুবাই আৰক্ষী…..ইউ এ ই”
ওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব। post. একে ধৰণৰ পোষ্ট ইয়াত আৰু ইয়াত পাব। .
সত্যতা নিৰূপণ
এই সন্দৰ্ভত নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান চলায় আৰু ভুৱা বুলি নিশ্চিত কৰে।
ভিডিওটোৰ মূল ফ্ৰেমৰ ফটো লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমি ২০১৯ চনৰ ২৬ অক্টোবৰৰ এটা ভিডিও পালো। ভাইৰেল হোৱা ভিডিওটো মূল ভিডিওৰ ১.২৩ মিনিটত দেখা গৈছে। ভিডিওটোৰ বিৱৰণিত লিখা আছে, “ভাৰত- ইউ এ ই বন্ধুত্ব, ভাৰতৰ জাতীয় সংগীতৰ সুৰ বজাইছে ডুবাই আৰক্ষীয়ে।”
ইয়াৰ পৰাই তথ্য লৈ আমি আমি ২০১৯ চনৰ একেটা ঘটনাৰ বিৱৰণি থকা বহু কেইটা বতৰি, প্ৰবন্ধ লাভ কৰিলো। ইণ্ডিয়া টুডে’ৰ এটা বাতৰি অনুসৰি ডুবাই আৰক্ষীৰ বেণ্ডে দিপাৱলীৰ পূৰ্বে অনুষ্ঠিত এটা অনুষ্ঠানত ডুবাই আৰক্ষীয়ে ৰাষ্ট্ৰীয় সংগীতৰ সুৰ বজাইছে। একে ধৰণৰ বাতৰি ইয়াত পাব।
আৰু অধিক অনুসন্ধানৰ পাছত আমি ২০১৯ চনৰ ২৪ অক্টোবৰৰ গালফ নিউজৰ এটা টুইট লাভ কৰিলো। তাত লিখা আছিল, “মেগা দিবাৱলী উপলক্ষে ডুবাই আৰক্ষীয়ে ৰাষ্ট্ৰীয় সংগীতৰ সুৰ বজাইছে।”
Dubai Police band plays India’s national anthem during the mega Diwali celebrations at Dubai Festival City #Diwali #DiwaliUAE pic.twitter.com/lJAaTbdoMA
— Gulf News (@gulf_news) October 24, 2019
ওপৰৰ তথ্যসমূহৰ পৰা এয়া স্পষ্ট হ’ল যে ২০১৯ত ডুবাই আৰক্ষীয়ে ৰাষ্ট্ৰীয় সংগীতৰ সুৰ বজোৱা ভিডিও এটা শেহতীয়া স্বাধীনতা দিবসৰ সৈতে সাঙোৰা হৈছে। সেয়ে পোষ্টটোত কৰা দাবী বিভ্ৰান্তিকৰ।
আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব লগীয়া আছে তেন্তে +91 11 7127 9799- এই নম্বৰত হোৱাটচ আপ কৰক