সত্যতা নিৰূপনঃ কংগ্ৰেছ নেত্ৰীয়ে ভুলক্ৰমে ৰাইজক আপ (AAP) দলক ভোট দিবলৈ কোৱা পুৰণি ভিডিও এটাকেই শেহতীয়া ভিডিও বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে

0 340

কংগ্ৰেছ নেত্ৰী হৰচন্দ কৌৰ ঘনোৰীয়ে পঞ্জাবৰ আপ দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ভগৱন্ত মানক বিধান সবা নিৰ্বাচনত ভোট দিবলৈ আহ্বান জনোৱা এটা ভিডিও সামাজিক মাদ্যমত ভাইৰেল হৈছে।

পেচবুকত ভিডিওটো প্ৰচাৰ কৰি পাঞ্জাবী ভাষাতে লিখা কেপচনত কোৱা হৈছে “এতিয়া আনকি কংগ্ৰেছে প্ৰাৰ্থেীয়েও ভগৱন্ত মানৰ বিজয় বিচাৰিছে, কংগ্ৰেছ প্ৰাৰ্থী হৰচন্দ কৌৰ  ঘনোৰী কালানে ভগৱন্ত মানক ভোট দিবলৈ আহ্বান জনাইছে।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে

সত্যতা নিৰূপন

নিউজ মোবাইলে ভাইৰেল ভিডিও সন্দৰ্ভত অনুসন্ধান কৰি এই দাবী অমূলক আৰু ভিডিওটো পুৰণি বুলি প্ৰতিপন্ন কৰে।

 

ভিডিওটোৰ স্ক্ৰীণশ্বট লৈ আমি আমাৰ অনুসন্ধান আৰম্ভ কৰি ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০১৯ চনৰ ১৭ মে’ত নিউজ ১৮ পাঞ্জাবত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো। বাতৰিটোত ভাইৰেল হোৱা ভিডিওটো প্ৰচাৰ হৈছে।

,বাতৰিটোৰ শিৰোনামত আছে “যেতিয়া কংগ্ৰেছৰ তত্বাবধায়কে ভগৱন্ত মানক ভোট দিবলৈ আহ্বান জনায়, তেতিয়া সকলো কংগ্ৰেছ সমৰ্থক আচৰিত হৈ পৰে।ভিডিওটো চাওক।”  “একে (Ak) গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত নেত্ৰীগৰাকীয়ে ধীলনৰ সলনি ভগৱন্ত মানক ভোট দিবলৈ আহ্বান জনায়। পাছত নিজৰ ভুল বুজিব পাৰি ভোট কেৱল সিং ধীলনকহে দিবলৈ আহ্বান জনায়। এনে সময়তে কোনোবাই এই ভিডিওটো সংগ্ৰহ কৰি সামাজিক মাধ্যমত ভাইৰেল কৰে।ইয়াৰ অৰ্থ এয়াই য়ে ভিডিওটো ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ৰ, সেহতীয়া নহয়।

আৰু অধিক অনুসন্ধানত আমি আমাৰ উজালা কাকততো ২০১৯ চনত একেই ঘটনাৰ বাতৰি প্ৰচাৰ কৰা দেখিলো। তাত কোৱা হৈছে-“জিভা পিছলিল কংগ্ৰেছ নেত্ৰীৰ, ভগৱন্ত মানৰ হৈ বিচাৰিলে ভোট।”

ভগৱন্ত মানেও ২০১৯ চনৰ ১৭ মে’ত তেওঁৰ ফে’চবুক পেজত একেটা ভিডিও প্ৰচাৰ কৰিছিল। তাৰ কেপচনত আছিল “কংগ্ৰেছৰ প্ৰাক্তন বিধায়িকা হৰচন্দ কৌৰ  ঘনোৰীয়ে মোৰ হৈ ভোট বিচাৰিছে।এই ভিডিওটো ভাইৰেল কৰক।”

https://www.facebook.com/watch/?v=607067743036170

২০১৯ৰ লোক সভা নিৰ্বাচনত ভগৱন্ত মানে কেৱল সিং ধীলনক সাংগৰুৰ সমষ্টিট ১,১০,২০১১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল।

ওপৰত উল্লেখিত তথ্যসমূহে প্ৰমাণ কৰে যে ভাইৰেল হোৱা ভিডিওটো তিনি বছৰ পুৰণি। গতিকে পোষ্টটোত কৰা দাবী ভিত্তিহীন।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক