সত্যতা নিৰূপণ: সমাৰ্কিন যুক্তৰাষ্ট্ৰৰ ডাৱৰ বিস্ফোৰণৰ পুৰণি ভিডিওকেই কৰাচীৰ শেহতীয়া ঘটনা বুলি প্ৰচাৰ কৰিছে

0 569

পাকি.্তান, ৰ বিভিন্ন অঞ্চলত প্ৰচুৰ বৃষ্টিপাতৰ ফলত ইতিমধ্যে ১৮০জন লোক মৃত্যুমুখত পৰিছে, কৰাচীৰ ডাৱৰ বিস্ফোৰণৰ বুলি দাবী কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ভিডিওটোৰ সৈতে উৰ্দুতে কেপচনত লিখা আছে- ব্ৰেকিং নিউজঃ কৰাচীত আজি হোৱা ডাৱৰ বিস্ফোৰণ।

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ইমভিড টুলৰ সহায়ত ভিডিওটোৰ কী ফ্ৰেমৰ ফটো উলিয়াই আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিলো। অনুসন্ধানত আমি দেখিলো এই ভাইৰেল ভিডিওটো এটা ইউটিউব চেনেলত ২০১৯ চনৰ ২১ জুলাইত প্ৰচাৰ হৈছিল। তাৰ কেপচনত আছিল-আৰিজনৰ ফিনীক্স বিমান বন্দৰত ২০১৮ৰ ২৩ আগষ্টত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বৃষ্টিপাত।

আমি এই ভিডিওটো ইউটিউবত আপলোড কৰা কাইলে বেনে (Kyle Benne)ৰ ৱেবছাইটো চালো। আমি একেটা ভিডিও একেই কেপচনসহ তেওঁলোকৰ ৱেবছাইটতো দেখিলো। 

আৰু অধিক অনুসন্ধানত আমি একেধৰণৰ ভিডিও এলামী ডট কম (Alamy.com )তো দেখিলো। তাৰ কেপচনত আছিল-ফিনীক্স এৰিজনৰ ওপৰত ডাৱৰ বাস্ফোৰণ।”  এয়া ২০১৮ৰ ২৩ আগষ্টত আপলোড কৰা হৈছিল।

আমি যদিও ভিডিওটোৰ ঘটনাৰ প্ৰকৃত তাৰিখ উলিয়াব নোৱাৰিলো, কিন্তু এয়া স্পষ্ট যে এইভিডিওটো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ। সেয়ে ভাইৰেল ভিডিওটোৰ সৈতে কৰা দাবী ভুৱা, বিভ্ৰান্তিকৰ।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।