সত্যতা নিৰূপণ: মেক্সিকোৰ পুৰণি ভিডিওকেই চেন্নাই বিমান বন্দৰৰ বানপানীৰ দৃশ্য বুলি দাবী কৰা হৈছে

0 440

শেহতীয়াকৈ তামিলনাডুত মুষলধাৰ মুষলধাৰ বৰষুণে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বতৰৰ এনে অবস্থাৰ বাবে চেন্নাই বিমান বন্দৰে ১১ নৱেম্বৰত বিয়লি ১.১৫ৰ পৰা ৬বজালৈ বিমান অবতৰণ বন্ধ কৰি দিছিল।

এনে পৰিস্থিতিৰ মাজতেই বিমান বন্দৰ এটাত বানপানীৰ সৃষ্টি হোৱা ভিডিও সামাজিক মাধ্যমত প্ৰচাৰ কৰি সেয়া চেন্নাই বিমান বন্দৰৰ শেহতীয়া পৰিস্থিত বুলি দাবী কৰা হৈছে। ,

ফেচবুকত প্ৰচাৰ কৰা ভিডিওটোৰ কেপচনত লিখা আছে- “চেন্নাই বিমান বন্দৰ।”

ওপৰৰ পোষ্টটোৰ লিংক  ইয়াত.  পাব।

সত্যতা নিৰূপণ    

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

ইনভিডৰ সহায়ত ভিডিওটোৰ কী ফ্ৰেমৰ ফটো সংগ্ৰহ কৰি ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ছিকাগোত ২০১৭ চনৰ ৩১ আগষ্টত প্ৰকাশিত এটা বাতৰি লাভ কৰিলো, এই বাতৰিত একেটা ভিডিও দেখা পালো। বাতৰিটোত প্ৰকাশ পোৱা মতে বান পানীৰে উপচি থকা বিমান বন্দৰটো মেক্সিকোৰ বেনিটো জুৱেৰেজ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ বা  এৰোপুৱেট্ৰো ইণ্টাৰনেচনেস ডা লা কুইডাড ডা মেক্সিকো (AICM). ।

আৰু অধিক অনুসন্ধানত আমি মেক্সিকোৰ এটা সংবাদ সংস্থাৰ টুইটাৰ হেণ্ডেলত ২০১৭ চনৰ ৩১ আগষ্টত প্ৰচাৰিত বাতৰি এটা পালো। টুইটোত আছিল- “ধাৰাষাৰ বৃষ্টিপাতৰ বাবে AICM-ৰ সকলো কাম-কাজ স্তব্ধ হৈ পৰিছে। ট্ৰেকসমবহৰ দৃশ্য এনে।”

Suspenden operaciones en el @AICM_mx por las lluvias.
Así lucen algunas zonas de pista. https://t.co/mKqbLJobAR
Video: @CanalOnceTVpic.twitter.com/2a2dYsTKkg

— Newsweek México (@NewsweekEspanol) August 31, 2017

মেক্সিকোৰ আন এটা সংবাদ সংস্থাই তেওঁলোকৰ টুইটাৰ হেণ্ডেলত ২০১৭ চনৰ ৩১ আগষ্টত একেটা ভিডিওকেই আপলোড কৰিছিল।.

#QueNoSeTePase Así el @AICM_mx esta tarde. El servicio está suspendido desde las 18:40. https://t.co/8XXhlAfv3i pic.twitter.com/eeTRkKq1fL

— Reporte Índigo (@Reporte_Indigo) August 31, 2017

AICM ৰ টুইটাৰ হেণ্ডেলতো ধাৰাষাৰ বৰষুণৰ বাবে বিমান বন্দৰটোৰ সকলো কাম-কাজ বন্ধ কৰি দিয়া এটা টুইটো আমি লাভ কৰিলো।

✈️#AICMinforma Por seguridad y debido a las condiciones meteorológicas, se suspenden temporalmente operaciones de aterrizaje y despegue. ⛈

— @AICM_mx (@AICM_mx) August 31, 2017

ষদিও চেন্নাই বিমান বন্দৰত ১১ নৱেম্বৰত বিয়লি ১.১৫ৰ পৰা ৬বজালৈ বিমান অবতৰণ বন্ধ কৰি দিয়া হৈছিল, পাছলৈ বিমান বন্দৰটোৰ সকলো কাম কাজ সাধাৰণ ভাবেই চলিছিল।

#আপডেট বা শেহতীয়া তথয | চেন্নাই বিমান বন্দৰৰ বিমান সেৱাসমূহ নিয়মীয়া হৈছে।
এই কঠিন সময়ত আমালৈ সহযোগিতা আগবঢ়োৱা চৰকাৰী সংস্থাসমূহ, বিমান সেয়াসমূহ, সহযোগী সংস্থাসমূহ আৰু সকলো কৰ্মচাৰীলৈ আমাৰ আন্তৰিক ধন্যবাদ।

— Chennai (MAA) Airport (@aaichnairport) November 12, 2021

ইয়াৰ পূৰ্বেও নিউজ মোবাইলে ২০২০ চনৰ অক্টোবৰত প্ৰচাৰ কৰা একেটা ভিডিও হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ (RGIA)  বুলি কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন কৰিছিলো।

Fact Check: Video of flooded airport in Mexico falsely shared as that of Hyderabad

এই তথ্য সমূহে প্ৰমাণ কৰে যে ভাইৰেল ভিডিওটো মেক্সিকোৰ, চেন্নাই বিমান বন্দৰৰ নহয়। গতিকে পোষ্টটোৰ সৈতে কৰা দাবী ভিত্তিহীন।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক