সত্যতা নিৰূপণ: পুৰণি, সামঞ্জস্য নথকা ভিডিও এটা শেহতীয়া টি-২০ ৱৰ্ল্ড কাপত পাকিস্তান পৰাজিত হোৱা খেল অন্ত হোৱাৰ পাছৰ ভিডিও বুলি দাবী কৰা হৈছে

0 328

ICC T20  ৱৰ্ল্ড কাপত পাকিস্তান অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পাছত এই খেলখনক লৈ বিভিন্নজনে প্ৰতিবাদ সাব্যস্ত কৰা বুলি দাবী কৰা বিভিন্ন ফটো আৰু ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে

পাকিস্তানৰ জাৰ্ছি পৰিহিত এজন লোকে T20 মেচত পাকিস্তানৰ পৰাজয়ৰ পাছত এটা টিভি ছেট খঙত দলিয়াবলৈ দাঙি ধৰা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।.

এই ঘটনাৰ পৰিপ্ৰেক্ষিততেই একাংশ লোকে নাচি-বাগ ফুৰ্তি কৰা আন একাংশ ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। সামাজিক মাধ্যমত উল্লেখ কৰা অনুসৰি এই ভিবিডিওসমূহ “#বেলুছিস্থানত #অষ্ট্ৰেলিয়াই পাকিস্তানৰ বিৰুদ্ধে জয়ী হোৱাৰ পাছত আনন্দোত্সব#ছেমিফাইনেলত  #পাকিস্তান”

এপৰৰ পোষ্ট টোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ    

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

.

ফটো

ৰিভাৰ্ছ ইমেজ চাৰ্ছত বিচৰাত আমি গেটী ইমেজত প্ৰচাৰ হোৱা এখন ফটো পালো, তাৰ কেপচনত লিখা আছিল- “CRICKET-WT20-2016-PAK-IND; পাকিস্তানী জনতাই ২০১৬ চনৰ ১৯ মাৰ্চৰ ৱৰ্ল্ড কাপ টি-২০ খেলত পৰাস্ত হোৱাৰ পাছত কৰাছীত ১৯ মাৰ্চ ২০১৬ত মানুহ এজনে টিভি ছেট ভঙাৰ দৃশ্য। ” ১৯ মাৰ্চ ২০১৬ত ফটোখন আপলোড কৰা হৈছিল।

এই তথ্যৰ আঁত ধৰি আমি অধিক অনুসন্ধান কৰিলো, আৰু খালীজ টাইমছত ২১ মাৰ্ছ, ২০১৬ত ভাইৰেল হোৱা ফটোখন প্ৰচাৰ হোৱা দেখিলো। তাৰ শিৰোনামত আছিল- “ছাহিদ আফ্ৰিদীৰ প্ৰাক্তন অনুৰাগীয়ে ভাঙিলে টিভি ছেট” বাতৰিটোত আৰু লিখা আছিল-, “প্ৰাক্তন কেলুৱৈসকলেও ছাহিদ আফ্ৰিদীৰ অধিনায়কত্ব টেকনিকেলী দুৰ্বল বুলি প্ৰকাশ কৰিছে। আনহাতে, শনিবাৰে কলকাতাত ICC ৱৰ্ল্ড টুৱেণ্টী-২০ত চিৰ বৈৰী ভাৰতৰ হাতত ছয় উইকেটত পৰাস্ত হোৱাৰ পাছত পাকিস্কানৰ অনুৰাগীসকলে খঙতে টিভি চেট ভাঙিছে।.”

ইক’নমিক টাইমচ,  নিউজ১৮ আৰু  ডেকান ক্ৰণিকেল  ৰ জৰে কেইবাটাও সংবাদ ৱেবছাইটতো ২০১৬ চনত একেখন ফটোসহ বাতৰি প্ৰচাৰ হৈছিল।

এনেদৰেই তথ্যসমূহৰ পৰা প্ৰমাণ হল, ভাইৰেল ফটোখন পুৰণি আৰু সেহতীয়া পাকিস্তান-অষ্ট্ৰেলিয়াৰ টি-২০ মেচৰ সময়ৰ ফটো নহয়।

ভিডিও

আমি ইনভিডৰ সহায়ত ভিডিওটোৰ কী প্ৰেমৰ ফটো লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত এটা ইউ টিউব চেনেলত একেটা ভিডিও দেখা পালো। ভিডিওটো ২০২০ৰ ৯জুনত আপলোড কৰা হৈছিল। কেপচনত লিখা আছিল “Crazy Pakistani dance.(উন্মাদ পাকিস্তানীৰ নৃত্য)”

যদিও আমি ভিডিওটোৰ স্থান নিজাকৈ অনুসন্ধান কৰি উলিয়াব নোৱাৰিলো, যিহেতু ভিডিওটো ২০২০ৰ জুনত আপলোড কৰা হৈছিল, সেয়ে এয়া স্পষ্ট, ভিডিওটো শেহতীয়া নহয়।

সেয়ে, এই ফটো আৰু ভিডিওসমূহ পুৰণি বুলি প্ৰমাণ হ’ল আৰু পোষ্টটোৰ দাবী ভুৱা।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক