অহা ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশ বিধান সভাৰ সাত পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হব। এনে সময়তে এটা নিউজ চেনেলৰ বাতৰিৰ স্ক্ৰীণশ্বটৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। বাতৰিটোত বহুজন সমাজ পাৰ্টীৰ মুৰব্বী মায়াৱতীয়ে আৱশ্যক হ’লে বিজেপিক সমৰ্থন জনাব বুলি ঘোষণা কৰিছে। সামাজিক মাধ্যমত এয়া মায়াৱতীৰ শেহতীয়া মন্তব্য বুলি জাবী কৰা হৈছে।
ফটোৰ বাতৰিটোত লিখা আছে “যদি আৱশ্যক হয় মই বিজেপিক সমৰ্থন জনাম: মায়াৱতী।”
ফেচবুকত ফটোৰ সৈতে দিয়া কেপচনত লিখা আছে-“মায়াৱতীৰ অন্ধ সমৰ্থকসকসল, এতিয়া মোক কওক।”
ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপন
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি ভাইৰেল পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।
আমি বাতৰিটোৰ ফটোখনৰ সোঁকোণত “জী নিউজ উত্তৰ প্ৰদেশ” বুলি লিখা আছে। এই সূত্ৰৰ আঁত ধৰি আমি ইণ্টাৰনেটত অনুসন্ধান কৰাত জী নিউজত ২০২০ৰ ২৯ অক্টোৱৰৰ এটা বাতৰি লাভ কৰিলো, তাত একেই ঘটনাৰেই বৰ্ণনা আছিল। বাতৰিটোত আছিল “সমাজবাদী পাৰ্টীক লক্ষ্য কৰি মায়াৱতীয়ে কৈছে যে তেঁওলোকে ষড়যন্ত্ৰ কৰি ভুৱা শপতনামাৰ সহায়ত ৭জন বিধায়কক আঁতৰাই নিছে। তেঁও লগতে কয়, “সমাজবাদী পাৰ্টীক শিক্ষা দিবলৈ তেঁও আৱশ্যক হলে বিজেপিকো সমৰ্থন জনাবলৈও প্ৰস্তুত।এমএচিৰ নিৰ্বাচনত তেওঁ এছপিক সমুচিত শিক্ষা দিব বুলিও কয়।”
আৰু অধিক অনুসন্ধানত ডীটিভি উত্তৰ প্ৰদেশৰ ফেচবুক পে’জত ২০২০ৰ ২৯ অক্টোৱৰত প্ৰচাৰিত লাইভ এটা লাভ কৰিলো।ভাইৰেল হোৱা বাতৰিৰ স্ক্ৰীণশ্বটটো এই ভিডিওৰ পৰাই লোৱা বুলি আমি জানিব পাৰিলো।ভিডিওটোৰ ১৪ মিনিটৰ পাছত সেয়া দেখিবলৈ পোৱা যায়।
https://www.facebook.com/watch/?v=289160905523702
আমি ANI (এএনআই) তৰফৰ পৰাও ২০২০ৰ ২৯ অক্টোৱৰত প্ৰকাশিত এটা টুইট লাভ কৰিলো। তাত আছেঃ বিএছপিৰ মুৰব্বী মায়াৱতীয়ে কয় যে সমাজবাদী পাৰ্টীক হৰুৱাবলৈ এমএলচি নিৰ্বাচনত তেওঁৰ দলৰ বিধায়কে বিজেপিক ভোট দিব।” এছপিৰ ২য়জন প্ৰাৰ্থীক পৰাভূত কৰিব পৰা যিকোনো প্ৰাৰ্থীক বিএছপিয়ে ভোট দিব বুলি তেওঁ প্ৰকাশ কৰে।
#WATCH BSP Chief Mayawati says that her party will vote for BJP or any party's candidate in future UP MLC elections, to defeat Samajwadi Party's second candidate.
"Any party candidate, who'll be dominant over SP's 2nd candidate, will get all BSP MLAs' vote for sure," she said. pic.twitter.com/ki4W6ZAwgE
— ANI (@ANI) October 29, 2020
এই তথ্যসমূহে প্ৰমাণ কৰে যে বিএছপিৰ মুৰব্বী মায়াৱতীৰ পুৰণি বক্তব্যকেই তেওঁৰ শেহতীয়া বক্তব্য ৱুলি দাবী কৰি সমাজিক মাধ্যমত ভাইৰেল কৰা হৈছে।
আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক