সত্যতা নিৰূপনঃ সপুৰণি ফটো এখনকেই ইউক্ৰেইন সেনাই ৰাছিয়াৰ যুঁজাৰু জেট বিমান গুলীয়া বগৰোৱাৰ শেহতীয়া ঘটনাৰ দৃশ্য বুলি দাবী কৰা হৈছে

0 380

ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতেই এখন বিশেষ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফটোখনৰ কেপচনত লিখা আছে, ইউক্ৰেইনৰ আকাশত ৰাছিয়াৰ যুঁজাৰু জেট বিমান এখন ইউক্ৰেইনৰ সেনাই গুলীয়াই ভূপতিত কৰিছে।   

এজন  ফেচবুক ব্যৱহাৰকাৰীয়ে ফটোখন প্ৰচাৰ কৰি কেপচনত লিখিছে-  “ৰাছিয়াৰ আপুৰুগীয়া MiG-31BM যুঁজাৰু জেট বিমান এখন ইউক্ৰেইনৰ সেনাই গুলীয়াই ভূপতিত কৰে।

একেখন ফটো টুইটাৰতো একেই দাবীৰে শ্বেয়াৰ কৰা হৈছে।  

সত্যতা নিৰূপন

নিউজ মোবাইলে এই ফটোখন  সন্দৰ্ভত অনুসন্ধান কৰে আৰু এই দাবী ভুৱা  বুলি প্ৰতিপন্ন কৰে।

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি সেই ফটোখন ২০১৬ চনৰ জুন মাহত প্ৰকাশিত এটা বাতৰিৰ সৈতে দেখিলো।  আকৌ ২০১৫ চনৰ নৱেম্বৰত প্ৰকাশিত আন এটা বাতৰিতো একেখন ফটো 

বাতিৰটোত তুৰস্কৰ ন্যায় মন্ত্ৰীয়ে ছিৰিয়াত ৰাছিয়াৰ Su-24  গুলীয়াই ভূপতিত কৰাৰ অপৰাধত কেইজনমান পাইলটক গ্ৰেপ্তাৰ কৰাৰ হুকুম দিয়া বুলি প্ৰকাশ হৈছে।

বাতৰিটোত বিমানখনৰ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাছিল।

নিউজ মোবাইলে প্ৰকৃত পোষ্টত দাবী কৰাৰ দৰে ৰাছিয়াৰ বিমানখনৰ ফটোখনৰ মূল উত্স বিচাৰি উলিয়াবলৈ সক্ষম নহল। কিন্তু যিহেতু পোষ্টটোত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰসংগ দিয়া হৈছে, সেয়ে এয়া প্ৰমাণ হয়, যে ভাইৰেল ফটোখন পুৰণি, সেয়ে ফটোখনৰ সৈতে কৰা দাবীও সত্য নহয়।   

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক