সত্যতা নিৰূপনঃ পুৰণি ঘটনা এটাকেই বৰ্তমান ইউক্ৰেইন-ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ সময়ত অবৈধ সৰবৰাহৰ অপৰাধত কূটনৈতিক বিষয়া গ্ৰেপ্তাৰ হোৱা ঘটনা বুলি প্ৰচাৰ কৰা হৈছে

0 422

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ চলি থকাৰ সময়তে মুদ্ৰা ভৰ্তি এটা বাকচৰ ফটো এখন সামাজিক মাধ্যমত বাইৰেল হৈছে। দাবী কৰা হৈছে যে এয়া কূটনৈতিক বিষয়া এজনে অবৈধ সৰবৰাহ কৰাৰ চেষ্টা কৰা বাবে ইউক্ৰেইন চৰকাৰে আটক কৰাৰ ফটো।

ফেচবুকত শ্বেয়াৰ কৰা পোষ্টটোত ফটোখনৰ সৈতে কেপচনত লিখা আছে-  “ইউক্ৰেইনৰ অনুসন্ধানকাৰী সংস্থাই দেশখনৰ এজন কূটনৈতিক বিষয়াক ১৪০০০০ ডলাৰ আৰু  ৬৮০০০ ইউৰো মুদ্ৰা, ১২ কিঃগ্ৰাঃ সোণ,  ১৩.৮ কিঃগ্ৰাঃ সোণৰ অলংকাৰ সৰবৰাহ কৰাৰ অভিযোগত ইউক্ৰেইন চৰকাৰে গ্ৰেপ্তাৰ কৰে।   বেনী জনচনঃ Benny Johnson: ১৪ বিলিয়ন ডলাৰ মুদ্ৰা ইউক্ৰেইনলৈ পঠিওৱা হৈচে, যাৰ বিৰুদ্ধে এনেদৰেই ব্যৱস্থা লোৱা হৈছে।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। 

সত্যতা নিৰূপন

নিউজ মোবাইলে এই   সন্দৰ্ভত অনুসন্ধান কৰে আৰু ইয়াক ভুৱা  বুলি প্ৰতিপন্ন কৰে।

আমি মূল শব্দ ব্যৱহাৰ কৰি বিচৰাত ইউক্ৰেইনৰ ৱেবছাইটত ২০২২ৰ ১৬ মাৰ্চত প্ৰচাৰ কৰা বাতৰি লাভ কৰিলো। বাতৰিটোৰ শিৰোনামত আছে-  “DBR-এ অধিগ্ৰহণ কৰা ১ মিলিয়ন ডলাৰ সৈন্যবাহিনীৰ কল্যাণ নিদিত জমা কৰে।বাতৰিটোত প্ৰকাশ পোৱা মতে  “২০২১ৰ ২৮ ফেব্ৰুৱাৰীত য়াহোদিন তালাচীচকীত  তালাচী চলাই থকাৰ সময়ত দেশখনৰ  অনুসন্ধানকাৰী সংস্থা (DBR)ই ৬৮০০০ ইউৰো আৰু ১৪০০০০ ডলাৰৰ লগতে ১২ কিঃগ্ৰাঃ সোণ. ১৩.৮ কিঃগ্ৰাঃ অলংকাৰ অধিগ্ৰহণ কৰে।

এই তথ্যৰ আধাৰত   আমি ইউক্ৰেইনৰ ৰা,্ট্ৰীয় অনুসন্ধানকাৰী সংস্তাৰ  ৱেবছাইত আৰু সামাজিক মাধ্যমত বিচাৰ কৰিলো।  “DBRএ সৰবৰাহৰ বাবে যো-জা কৰা ১ মিলিয়ন ডলাৰ জব্দ কৰি পাছত চৰকাৰী পূজিত দান কৰে। ১৭ মাৰ্চ ২০২২ত প্ৰচাৰিত এটা টুইটত এয়া প্ৰকাশ।

এই সন্দৰ্ভত বিস্তৃত ভাবে DBR ফেচবুকত পৃষ্ঠাত প্ৰচাৰ কৰা হয়।  তাত উল্লেখ থকা অনুসৰি  “সৈন্যবাহিনীৰ সাহাৰ্যৰ বাবে DBR-এ অবৈধ সৰবৰাহ কৰিব বিচৰা ১ মিলিয়ন ডলাৰ দান কৰে।   এই মুদ্ৰাখিনি জব্দ কৰে য়াভোলিন কাষ্টম ছাৰ্ভিচৰ গোদিন তালাচী চকীত DBR-এ জব্দ কৰে।  কূটনৈতিক বিষয়া কঢ়িওৱা এখন বাছত তালাচী চলোৱাৰ সময়ত প্ৰায় ৬৮ হাজাৰ ইউৰো, ১৪০ হাজাৰ মাৰ্কিন ডলাৰ, ১২ কিঃগ্ৰাঃতকৈও অধিক সোণ, ১৩.৮ কিঃগ্ৰাঃ অলংকাৰ আৰু বহকেইবিধ বিদেসী চিগাৰেটো জব্দ কৰে। 

<iframe src=”https://www.facebook.com/plugins/post.php?href=https%3A%2F%2Fwww.facebook.com%2Fdbr.gov.ua%2Fposts%2F2118832444939051&show_text=true&width=500″ width=”500″ height=”793″ style=”border:none;overflow:hidden” scrolling=”no” frameborder=”0″ allowfullscreen=”true” allow=”autoplay; clipboard-write; encrypted-media; picture-in-picture; web-share”></iframe>

এই তালাচী  DBR’ নিজা টুইটাৰত ২০২১ চনৰ ১ মাৰ্চত প্ৰচাৰ কৰা হৈছিল।

২০২১ চনৰ ১ মাৰ্চত ইউক্ৰেইন সুৰক্ষা সেৱা(SSU)  ইউটিউব চেনেলত  এই অভিযান সন্দৰ্ভত তথ্য প্ৰচাৰ কৰা হৈছিল।   এই তথ্য DBR-এ তেওঁলোকৰ প্ৰেছ বিজ্ঞপ্তিত প্ৰচাৰ কৰা তথ্যৰ সৈতে একেই আছিল। ২০২১ চনৰ ১ মাৰ্চত ৰয়টাৰতো  এই ঘটনা সন্দৰ্ভত প্ৰকাশ পাইছিল। 

ওপৰৰ তথ্যসমূহে প্ৰমাণ কৰে যে এটা পুৰণি ঘটনাকে ইউক্ৰেইন চৰকাৰে শেহতীয়াকৈ অভিযান চলাই বিদেশী মুদ্ৰা আৰু সোণ জব্দ কৰাৰ ঘটনাৰ ফটো বুলি ভুৱাকৈ প্ৰচাৰ চলোৱা হৈছেষ সেয়ে এই দাবী ভুৱা বুলি প্ৰতিপন্ন হল।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক