সত্যতা নিৰূপনঃবিদেশী নাগৰিকে ‘দ্য কাশ্মীৰ ফাইলছ’ ৰ প্ৰচাৰ কৰি থকাৰ ফটোখন ভুৱা

0 421

২০২২ৰ ১১ মাৰ্চত দ্য কাশ্মীৰ ফাইলছ নামৰ ছবিখনৰ প্ৰিমিয়াৰ হৈ যায়। অনুপেম খেৰ আৰু মিথুন চক্ৰৱৰ্তী অভিনীত ছবিছনৰ পটভূমি ১৯৯০ৰ দশকৰ কাশ্মীৰ আৰু তাত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত চলা অত্যাচাৰৰ কাহিনী।

মুক্তি পোৱাৰ পাছত  এজন ডেকা লৰাই হাতত প্লেকাৰ্ড লৈ থকা ফটো এখন সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফটোখনৰ সৈতে হেজটেকসহ কেতবোৰ বিশেষ শ্লগানদেখা গ‘#দ্য কাশ্মীৰ ফাইলছ and ‘#কাশ্মীৰী হিন্দুসকলক ন্যায় দিয়কপ্লেকাৰ্ডখনত লিখা আছিল-কাশ্মীৰ ফাইলছ এখন বোলছবি নহয়, এয়া হিন্দুসকলৰ বাবে সকীয়নি।।

সত্যতা নিৰূপন

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰে আৰু ভাইৰেল ফটোখন সম্পাদিত  বুলি প্ৰতিপন্ন কৰে।

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমি ডিউডউইথছাইনৰ ইনষ্টাগ্ৰাম একাউণ্টত ২০১৯ চনৰ ২৫ নৱেম্বৰত ভাইৰেল ফটোখন প্ৰচাৰ হোৱা দেখিলো।

ফটোখনত মানুহজনৰ চুৱেটাৰটো ৰঙা কৰি দিয়া হৈছে। প্ৰকৃত ফটোখনত লিখা আছে-আপোনাৰ ডেটিঙৰ গ্ৰুপ ফটো প্ৰফাইলত দিয়াটো বন্ধ কৰক।

ওপৰৰ তথ্যই প্ৰমাণ কৰে যে ভাইৰেল হোৱা ফটোখন সম্পাদিত কৰা।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799এই নম্বৰত হোৱাটচএপ কৰক