সত্যতা নিৰূপণ: বহু মানুহৰ সমাগম হোৱা মানালীৰ পুৰণি ফটোকেই কোভিডৰ ২য় ঢৌৰ সময়ৰ শেহতীয়া ফটো বুলি প্ৰচাৰ কৰা হৈছে

0 300

বহু মানুহৰ সমাগম হোৱা  এটা পথৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। এই ফটো প্ৰচাৰ কৰি ব্যৱহাৰকাৰীয়ে এয়া হিমাচল প্ৰদেশৰ মানালীত শেহতীয়াকৈ পৰ্যটকৰ ভিৰ বুলি দাবী কৰিছে।  কোভিড১৯ৰ ৩য় ঢৌৰ সময়তো পৰ্যটকৰ  হিমাচল প্ৰদেশত জন সমুদ্ৰৰ   সৃষ্টি হোৱা বুলি দাবী কৰা ফটোখন প্ৰচাৰ কৰাৰ লগে লগে ভাইৰেল হৈছে।

ফেচবুকত প্ৰচাৰ হোৱা ফটোখনৰ কেপচনত আছে- “প্ৰতিটো ডালত একোটাকৈ ফেঁচা বহি আছে, দেশৰ গতি কি হ’ব! মনালী, হিমাচল প্ৰদেশ #COVID19.”

এপৰৰ পোষ্ট.টোৰ লিংক ইয়াত আছে।  একে ধৰণৰ পোষ্ট ইয়াত আৰু ইয়াত পাব।

পোষ্টটো ফেচবুকত ভাইৰেল হৈছে।

সত্যতা নিৰূপণ:

নিউ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান চলায় আৰু পোষ্টটোত দাবী কৰা কথা আঁভুৱাভাৰা বুলি নিশ্চিত কৰে।

ভাইৰেল হোৱা ফটোখন সন্দৰ্ভত  আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছত চোৱাত ২০২১ চনৰ ২৩ জানুৱাৰীত   “আমিগোছব্লিংক”   নামৰ ফেচবুক পেজত   প্ৰকাশ পোৱা এখন ফটো লাভ কৰিলোঁ।  মানালীৰ বুলি কৱা ফটোখনৰ বৰ্ণনাত এটা শ্বায়েৰী উদ্ধৃত কৰা হৈছে।

 

পৰবৰ্তী সময়ত আমি একেটা ফেচবুক পেজত ৬ জুলাই ২০২১ত আপলোড কৰা   টাইম-লেপছ ভিডিও এটা পালো।  ভিডিওটোৰ কেপচনত লিখা আছে, “মানালী, ৩১ ডিচেম্বৰ ২০২০, নৱবৰ্ষৰ প্ৰাক সন্ধ্যা।”

 

আৰু অধিক অনুসন্ধানৰ পাছত আমি ২০২১ চনৰ ৫ জুলাইত প্ৰচাৰ কৰা  এটা পোষ্ট লাভ কিৰলো, তাত এয়া স্পষ্টীকৰণ দিয়া হৈছিল যে  “এই ফটোখন বিভিন্ন সামাজিক মাধ্যমত ভাইৰেল হৈছে, এইখন আমি তুলিছিলো। এইখন এতিয়াৰ বা শেহতীয়া ফটো নহয়। ”

 

যদিও , শেহতীয়াকৈ মানালীত পৰ্যটকৰ ভিৰৰ বহু   বাতৰি আৰু  ভিডিও প্ৰচাৰ হৈছে, কিন্তু জন সমাগম ঘটা পৰ্যটকৰ এই ফটোখন পুৰণি।

 

#চাওক |  কুল্লু জিলাৰ মানালী চহৰত পৰ্যটকৰ ভিৰ। হিমাচল প্ৰদাশ চৰকাৰে কোভিডকালীন বাধ্যবাধকতা শিথিল কৰি দিছে। pic.twitter.com/snIiwfcIo5

— ANI (@ANI) July 5, 2021

 

হিমাচল প্ৰদেশত পৰ্যটকৰ অভূতপূৰ্ব ভিৰৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ স্তব্ধ হৈ পৰাৰ লগতে যানজঁটৰ সৃষ্টি হোৱা সম্পৰ্কে কেইবাটাও বাতৰি প্ৰচাৰ হৈছে

এনেদৰে মানালীৰ ৰাজপথত পৰ্যটকৰ ভীষণ জনসমুদ্ৰৰ এই পুৰণি ফটোখন এতিয়াৰ ফটো বুলি প্ৰচাৰ কৰা হৈছে। সেয়ে ভাইৰেল হোৱা এই দাবী ভিত্তিহীন।

 

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব লগীয়া আছে তেন্তে +91 11 7127 9799-  এই নম্বৰত হোৱাটচ আপ কৰক