সত্যতা নিৰূপণ: বাংলাদেশৰ পুৰণি ফটো এখনকেই ভাৰতৰ ৰাজপথত নামাজ পঢ়াৰ ফটো বুলি শ্বেয়াৰ কৰা হৈছে

0 264

ৰাজ পথত নামাজ পঢ়ি থকা এখন ফটো সামজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে, ফটো খন ভাৰতৰ বুলি দাবী কৰা হৈছে।

এজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ফটোখন প্ৰচাৰ কৰি কেপচনত লিখিছে- “ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি শুকুৰবৰীয়া প্ৰাৰ্থনা। মোৰ বাবে এয়া প্ৰাৰ্থনা নহয়, এয়া আনৰ বাবে ভাবুকিহে। তেওঁলোকক প্ৰাৰ্থনাৰ বাবে নিৰ্ধাৰিত স্থানলৈ যাবলৈ ক’লেই সেয়া বৈষম্যমূলক আচৰণ বুলি অভিযোগ কৰা’.- তাৰেক ফাতেহ।”

পোষ্ট.টোৰ লিংক ইয়াত আছে।

ফটোখন মূলতঃ কানাডাৰ পাকিস্তানী লিখক তাৰেক ফাতেহে তেওঁৰ টুইটাৰ হেণ্ডেলত প্ৰচাৰ কৰিছিল। তেওঁ পূৰ্বেও বহু বিভ্ৰান্তিকৰ, ভুৱা পোষ্ট প্ৰচাৰ কৰিছিল।

সত্যতা নিৰূপণ    

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

তাৰেক ফাতেহৰ পোষ্টবোৰ চাই থাকোতে আমি ডঃ কেতন গান্ধী নামৰ এজনৰ এটা  টুইট ত একেখন ফটো দেখা পালো। তেওঁ ফটোখনৰ বিৱৰণিত লিখিছে যে এয়া বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাৰ বিশ্ব ফাতেমাৰ বাৰ্ষিক সমাৰোহৰ সময়ত লোৱা ফটো।

তেওঁ টুইটোত লিখিছে- “এয়া বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাৰ বিশ্ব ফাতেমাৰ বাৰ্ষিক সমাৰোহ। সামাজিক মাধ্যম বৰ মাৰাত্মক। ইয়াৰ কোনো এটা পোষ্ট বিস্বাস কৰি লোৱাৰ পূৰ্বে ইয়াৰ বিস্বাসযোগ্যতা জনাৰ বাবে আন প্ৰসংগসমূহো বিচাৰ কৰি চাব লাগে।,”

ইয়াৰোপৰি, দুয়োখন ফটো ভালদৰে চোৱাত আমি ফটোখনত দেখা বাছ এখনত ‘BRTC’ বুলি লিখা আছে।    .

এই তথ্যৰ ওপৰত ভিত্তি কৰি অনুসন্ধান কৰাত আমি অধিক অনুসন্ধান কৰিলো আৰু ‘BRTC’ মানে বাংলাদেশ ৰোড ট্ৰেন্সপোৰ্ট কৰ্পোৰেচন বুলি জানিব পাৰিলো।

তাৰ পাছত ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমি ৰাতুল ধৰ নামৰ ফটোগ্ৰাফাৰ এজনৰ পোষ্ট লাভ কৰিলো। তাত তেওঁ একেখন ফটো “ইজতেমা ১-৩, ”  বুলি কেপচন লিখিছিল। কেপচনত লিখা আছিল-  ” এই ফটোখনেই কেপচনসহ প্ৰচাৰ কৰি হৈছিল। ফটোখনত সেই স্থানৰ বিহংগম দৃশ্য দেখা গৈছে।

ৰাতুল ধৰ  বাংলাদেশৰ পৰ্যটন সম্পৰ্কীয়, তথ্যচিত্ৰ লেখক, আৰু ফটোগ্ৰাফাৰ। ,

তেওঁ একেখন ফটো নিজৰ ফেচবুক  আৰু ইনষ্টাগ্ৰাম ত এই কেপচনসহ প্ৰচাৰ কৰিছে-, “ৱৰ্ল্ড লিটেমা”২০১৯ৰ এই ফটোখন মই তোলা।”

ওপৰৰ তথ্যসমূহৰ পৰাই স্পষ্ট হয়, বাংলাদেশৰ পুৰণি ফটো এখনেই ভাৰতৰ বুলি ভুৱাকৈ প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক