সত্যতা নিৰূপণ: নহয়, এই ফটোখন পাকিস্তানত নিউজিলেণ্ড ক্ৰিকেট দলক সুৰক্ষা ব্যৱস্থাৰ ফটো নহয়

0 303

অলপতে নিউজিলেণ্ড ক্ৰিকেট দলে সুৰক্ষা ব্যৱস্থালৈ ভাবুকি অহাৰ বাবে পাকিস্তান ভ্ৰমণ বাতিল কৰিছিল। এনে সময়তে সুৰক্ষা বাহনেৰে ঘেৰা বাহনৰ এটা সমদলৰ এখন ফটো সামাজিক মাধ্যমত বাইৰেল হৈছে। ফটোখন প্ৰচাৰ কৰি নিউজিলেণ্ডৰ ক্ৰিকেট দলক সমালোচনা কৰি কোৱা হৈছে যে ইমান সুৰক্ষা ব্যৱস্থা কৰা স্বত্বেও সুৰক্ষা ভীতিৰ দোহাই দি নিউজিলেণ্ডে পাকিস্তান ভ্ৰমণ বাতিল কৰিছেষ

ফটোখনৰ সৈতে উৰ্দুতে কেপচন লিখা আছিল-  “নিউজিলেণ্ড ক্ৰিকেট দলৰ সুৰক্ষা ব্যৱস্থা, ইয়াৰ লগতৈ হেলিকোপ্তাৰেৰেও নিৰীক্ষণ কৰা হৈছে। ইয়াতকৈ আৰু কিমান সুৰক্ষা ব্যৱস্থা বিচাৰে।”

ওপৰৰ  পোষ্ট.টোৰ লিংক ইয়াত আছে।  একে ধৰণৰ পোষ্ট  ইয়াত আৰু  ইয়াত পাব। .

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰে আৰু পোষ্টটোত কৰা দাবী অসত্য বুলিও নিশ্চিত কৰে।

সাধাৰণ ৰিভাৰ্ছ ইমেজ চাপৰ্ছ কৰাত আমি শ্ৰীলংকাৰ এটা বাতৰিৰ ৱেব ছাইটত ২০১৯ চনৰ ৩০ ছেপ্তেম্বৰত প্ৰকাশ হোৱা বাতৰি লাভ কৰিলো, ইয়াত ভাইৰেল ফটোখন দেখা গল। বাতৰিটোৰ শিৰোনামত আছিল- “পাকিস্তানত শ্ৰীলংকাৰ দলৰ সুৰক্ষা ব্যৱস্থা।”

বাতৰিটোত আছে-, “পাকিস্তানত শ্ৰীলংকা দলৰ বাবে অভূতপূৰ্ব সুৰক্ষা ব্যৱস্থা। বৰ্তমান পাকিস্তানৰ কৰাচী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত শ্ৰীলংকা দলটোৱে এদিনীয়া মেচ খেলি আছে।”

২০১৯ৰ ১ অক্টোবৰত এটা বাতৰিত এই ফটোখন প্ৰচাৰ হৈছিল। বাতৰিটোত ইয়াকো কোৱা হৈছিল- “পাকিস্তানত শ্ৰীলংকা দলৰ সুৰক্ষাৰ বাবে ৪২খন বাহনৰ কনভয়ৰ সুৰক্ষা ব্যৱস্থা কৰা হৈছে।” একেধৰণৰ পোষ্টৰ লিংক  ইয়াত পাব। .

একেখন ফটো শ্ৰীলংকাৰ সাংবাদিক আজ্জম আমীনেও ২০১৯ চনৰ ৩০ ছেপ্তেম্বৰত টুইটত প্ৰচাৰ কৰিছিল। ফটোখনৰ কেপচনত আছিল- “শ্ৰীলংকাৰ ক্ৰিকেট দল কৰাচীৰ খেলপথাৰত প্ৰবেশ কৰাৰ সময়ত #PakvsSL clash.”

এনেদৰে, এয়া স্পষ্ট হৈ পৰে যে পাকিস্তানৰ পুৰণি শ্ৰীলংকাৰ সুৰক্ষা ব্যৱস্থাৰ ফটো এখনকে নিউজিলেণ্ডৰ দলৰ বাবে কৰা সুৰক্ষা ব্যৱস্থাৰ ফটো বুলি মিছাকৈ দাবী কৰা হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে তেন্তে +91 11 7127 9799-  এই নম্বৰত হোৱাটচ আপ কৰক